Logo
image

ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ এবছৰঃ জেলেস্কিয়ে ক'লে, আমি শক্তিশালী, আমি সকলোকে পৰাস্ত কৰিম

ডিজিটেল ডেস্কঃ ২০২২ চনৰ ২৩ ফেব্ৰুৱাৰীৰ নিশা ইউক্ৰেইনৰ বিৰুদ্ধে সামৰিক অভিযানৰ ঘোষণা কৰিছিল ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে৷ ইয়াৰ পিছতে ২৪ ফেব্ৰুৱাৰীৰ পুৱাইইউক্ৰেইনৰ ৰাজধানী কিয়েভত মিছাইলেৰে আক্ৰমণ চলাই ৰাছিয়াই৷ সেয়াই আছিল ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ আৰম্ভণি৷ ইয়াৰ পিছত ইউক্ৰেইনৰ ইখনৰ পিছত সিখন চহৰ ধ্বংসস্তূপত পৰিণত কৰিছিল ৰাছিয়াই৷ ধাৰষাৰ গোলাবৰ্ষণ, মিছাইল আক্ৰমণৰ ফলত ইউক্ৰেইনত লাখ লাখ লোকৰ মৃত্যু হয়৷ 

ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ প্ৰভাৱ সমগ্ৰ বিশ্বতে পৰিছিল৷ যুদ্ধ আৰম্ভ হোৱাৰ কেইদিনমান পিছতে আন্তৰ্জাতিক বজাৰত সামগ্ৰীৰ দাম আকাশলংঘীভাৱে বৃদ্ধি পাইছিল। খাৰুৱা তেল প্ৰতি বেৰেলত ১৪০ ডলাৰলৈ বৃদ্ধি হৈছিল, যি ২০০৮ চনৰ পিছত খাৰুৱা তেলৰ মূল্যৰ সৰ্বোচ্চ স্তৰ আছিল।ৰাছিয়াই ইউক্ৰেইনক আক্ৰমণৰ পাছতেই তৃতীয় বিশ্ব যুদ্ধৰো আশংকা কৰা হৈছিল৷ বিশ্বৰ বহুকেইখন দেশে পুটিনক যুদ্ধৰ অৱসান ঘটাবলৈ আহ্বান জনাইছিল যদিও থমকি ৰোৱা নাছিল ৰাছিয়াৰ শাসকজন৷ ৰাষ্ট্ৰসংঘয়ো বাৰে বাৰে যুদ্ধ শেষ কৰিবলৈ সকীয়নি দিছিল পুটিনক৷ ইফালে আমেৰিকা যুক্তৰাষ্ট্ৰ, ব্ৰিটেইন, পোলেণ্ড, ফ্ৰান্সকে ধৰি বহুকেইখন ইউক্ৰেইনক সহায়ৰ হাত আগবঢ়াইছিল। 

এই ভয়াৱহ যুদ্ধৰ ফলত মৃত্যু হ'ল প্ৰায় ৩ লাখ লোকৰ৷ অনুমান অনুসৰি এই যুদ্ধৰ ফলত প্ৰায় ১ লাখ ইউক্ৰেনৰ নাগৰিক নিহত হৈছে৷ ইফালে তামামৰ প্ৰতিবেদনত দাবী কৰা হৈছে যে যুদ্ধত ইউক্ৰেইনতকৈ অধিক ৰাছিয়ান সৈন্য নিহত হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰই দিয়া পৰিসংখ্যা অনুসৰি ২০২২ চনৰ ২৪ ফেব্ৰুৱাৰীৰ পৰা ২০২৩ চনৰ ১৬ ফেব্ৰুৱাৰীলৈকে ইউক্ৰেইনত ২ লাখৰো অধিক ৰাছিয়াৰ সৈন্য নিহত হৈছে অথবা ইউক্ৰেইনৰ সৈন্যৰ হাতত বন্দী হৈ আছে। ইয়াৰ উপৰি ৰাছিয়াক সমৰ্থন কৰা সাত হাজাৰৰো অধিক ইউক্ৰেইনৰ বিচ্ছিন্নতাবাদীকো হত্যা কৰা হৈছে। দুয়োখন দেশৰ দুই লাখতকৈও অধিক সৈন্য আৰু অসামৰিক লোক সন্ধানহীন হৈ আছে। এই যুদ্ধৰ ফলত হাজাৰ হাজাৰ ইউক্ৰেইনৰ নাগৰিকে দেশ এৰি পলায়ন কৰিছে৷ আনহাতে যুদ্ধৰ ফলত ৪৪ জন বিদেশী নাগৰিকৰ মৃত্যু হৈছে৷ ইউক্ৰেউনত অধ্যয়নৰত এজন ভাৰতীয় ছাত্ৰৰো নিহত হয় যুদ্ধত৷

ৰাছিয়াৰ তুলনাত ইউক্ৰেইনৰ সামৰিক শক্তি যথেষ্ট কম৷ তথাপিও এবছৰ ধৰি চলা যুদ্ধত ইউক্ৰেইনক দখল কৰিবলৈ সক্ষম নহ'ল ৰাছিয়া৷ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিৰ কেতিয়াও হাৰ মানি নোলোৱা মনোভাৱৰ বাবে এইপৰ্যন্ত ইউক্ৰেইনক দখল কৰিবলৈ সক্ষম নহ'ল ৰাছিয়া৷ ইফালে যুদ্ধৰ বৰ্ষপূৰ্তি উপলক্ষে পুটিনক পুনৰবাৰ হুংকাৰ দিলে জেলেনস্কিয়ে৷ তেওঁ দেশবাসীক সম্বোধন কৰি কয়, "আমি সকলোকে পৰাজিত কৰিম। আমি শক্তিশালী। আমি যিকোনো পৰিস্থিতিৰ বাবে সাজু।"