প্ৰলোভনৰ ৰাজনীতিত ঋণগ্ৰস্ত জনতা
পৰিৱৰ্তনৰ সপোন দেখুৱাই ২০১৬ চনত শাসন ক্ষমতা দখল কৰা সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে বিগত সময়ছোৱাৰ কাৰ্যকালত কেৱল উৎসৱ-পাৰ্বণ অনুষ্ঠিত কৰাৰ উপৰি ভোটবেংক সৃষ্টিৰ লক্ষ্যৰে কেৱল হিতাধিকাৰী সৃষ্টি কৰি আহিছে৷ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিন যিমানে ওচৰ চাপি আহিছে, সিমানে হিতাধিকাৰী সৃষ্টি আঁচনিৰ জোৱাৰ উঠিছে৷ ৰাজ্যখনৰ প্ৰধান সমস্যাসমূহৰ ফালে পিঠি দি, উন্নয়নমূলক কামত গুৰুত্ব দিয়াৰ বিপৰীতে ভোটাৰক আকৰ্ষণৰ বাবে ঘোষণা কৰি গৈছে ইখনৰ পাছত সিখন আঁচনি৷ ৰাজ্য চৰকাৰখনে অৰুণোদয় আঁচনিৰ অধীনত ১৯.১০ লাখ হিতাধিকাৰী সৃষ্টি কৰি ইতিমধ্যে ৮৩০ টকাকৈ প্ৰত্যেককে দিয়াৰ ব্যৱস্থা কৰিছে৷ সেইদৰে ড॰ বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত ২২,২৪৫গৰাকী ছাত্ৰীলৈ স্কুটী প্ৰদান, অৰুন্ধতী স্বৰ্ণ উপহাৰ আঁচনিৰ অধীনত প্ৰতিগৰাকী বিবাহযোগ্য কন্যালৈ ৪০ হাজাৰকৈ টকা, অভিনন্দন আঁচনিৰ অধীনত ৪,৫০৪জন যুৱক-যুৱতীলৈ ৫০ হাজাৰকৈ এককালীন শিক্ষা ঋণৰ ৰাজসাহায্য, ৪.৮০ লাখ শিক্ষাৰ্থীক বিনামূলীয়া নামভৰ্তি, কলেজীয়া ছাত্ৰীক লান্সৰ বাবে দৈনিক ১০০ টকাকৈ প্ৰদানৰ আঁচনি, চৰকাৰী বিদ্যালয়ত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীক পোনপটীয়াকৈ ধন দিয়াৰ উদ্দেশ্যে বেংক একাউণ্ট খোলাৰ নিৰ্দেশ, অসম দৰ্শন আঁচনিৰ অধীনত ৮ হাজাৰ নামঘৰলৈ আৰ্থিক অনুদানকে ধৰি বিভিন্ন আঁচনি গ্ৰহণ কৰি ভোটাৰক, বিশেষকৈ যুৱ ভোটাৰক আকৰ্ষণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰে৷ কিন্তু ২০১৬ চনৰ নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতিসমূহৰ ভিতৰৰ– বিদেশী বহিষ্কৰণ, বিশুদ্ধ এন আৰ চি প্ৰস্তুত, অসম চুক্তিৰ ৬নং দফা ৰূপায়ণ, সীমান্ত ছীল কৰা, এক্সপ্ৰেছ হাইৱে’, স্মাৰ্ট চিটী, ব্ৰহ্মপুত্ৰ খনন, বান-খহনীয়া নিয়ন্ত্ৰণ, বৃহৎ নদীবান্ধ প্ৰকল্প বন্ধ কৰাকে ধৰি বহু প্ৰতিশ্ৰুতি দিছিল যদিও চৰকাৰখনে এই প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰাৰ পৰিৱৰ্তে জনসাধাৰণৰ স্বাৰ্থৰ পৰিপন্থী কামহে কৰি আহিছে৷ নিবনুৱা সমস্যা সমাধানতো চূড়ান্ত ব্যৰ্থ হোৱা চৰকাৰখনে ২০২১ৰ নিৰ্বাচনী বৈতৰণী পাৰ হ’বলৈ সেয়ে সহজ ধনৰ লোভ দেখুৱাই জনসাধাৰণক প্ৰলোভিত কৰিব বিচাৰিছে৷ হয়তো ৰাজ্যত বিজেপিৰ নিৰ্বাচনী ৰণকৌশল ৰোধ কৰিব পৰাকৈ বৰ্তমান কোনো ৰাজনৈতিক দল নোলালে ২০২১তো বিজেপিয়েই চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’ব৷ কিন্তু যিখন চৰকাৰে মাত্ৰ চাৰে চাৰি বছৰত ৰাজ্যবাসীৰ মূৰত ৪৩,৪৩২ কোটি ৪২ লাখ টকাৰ অতিৰিক্ত ঋণৰ বোজা জাপি দিলে, সেইখন চৰকাৰে পুনৰ শাসন ক্ষমতা পালে ৰাজ্যবাসীৰ অৱস্থা কি হয়, সেই কথা সময়েহে ক’ব৷ উল্লেখ্য, তৰুণ গগৈ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰে ২০০১ৰ পৰা ২০১৬লৈ পোন্ধৰ বছৰত ঋণ লৈছিল ৩৫,৬৯০ কোটি ২২ লাখ টকা৷ কিন্তু সৰ্বানন্দ সোণোৱালে মাত্ৰ এটা কাৰ্যকালতে তাতকৈ বহু বেছি ঋণ লৈ ৰাজ্যবাসীৰ ওপৰত ৭৯ হাজাৰ কোটিৰো অধিক টকা ধাৰৰ বোজা জাপি দিলে৷ এই ধন সুতসহ পৰিশোধ কৰিব নালাগিবনে? যদিহে চৰকাৰে ঋণ লৈ ৰাজ্যখনৰ আৰ্থিক বিকাশৰ বাবে উৎপাদনমূলক কামত ব্যয় কৰে, তেন্তে ক’বলগীয়া একো নাই৷ কিন্তু অনুৎপাদনমূলক কামত ব্যৱহাৰ কৰিলে ৰাজ্যবাসী ঋণৰ বোজাত পোত গৈ থাকিব৷ চৰকাৰে ইতিমধ্যে ঘোষণা কৰা বিভিন্ন হিতাধিকাৰী আঁচনিয়ে ৰাজ্যৰ অৰ্থনৈতিক বিকাশত কিবা অৰিহণা যোগাবনে? ২০২১তো যদি বিজেপিয়েই চৰকাৰ গঠনো কৰে, তেন্তে বৰ্তমানৰ কাৰ্যকালত লোৱা ঋণে ৰাজ্যৰ উন্নয়নত নেতিবাচক প্ৰভাৱ নেপেলাবনে? চৰকাৰে জনসাধাৰণৰ কল্যাণৰ কাৰণে গ্ৰহণ কৰা সকলো আঁচনিয়েই প্ৰশংসনীয়, যদিহে সেই আঁচনিৰ জৰিয়তে ৰাজ্যখনৰ সামূহিক কল্যাণ হয়৷






