ৰণবীৰ-আলিয়াক নেপ’ কীট-পতংগ আখ্যা কংগনাৰ
ৰণবীৰ কাপুৰ, আলিয়া ভাটে দাদা চাহেব ফাল্কে বঁটা পোৱাত হিংসাত জ্বলি-পুৰি বিস্ফোৰক মন্তব্য আগবঢ়াইছে বলীউড কুইনখ্যাত কংগনা ৰাণাৱটে৷ ‘ব্ৰহ্মাস্ত্ৰ’ত অভিনয়ৰ বাবে ৰণবীৰ আৰু ‘গংগুবাই’ত অভিনয়ৰ বাবে আলিয়াক দিয়া হৈছে ভাৰতীয় চলচ্ছিত্ৰ জগতৰ সৰ্বোচ্ছ সন্মান দাদা চাহেব ফাল্কে বঁটা৷ প্ৰসংগটো ইতিমধ্যে ছ’চিয়েল মিডিয়াত চৰ্চিচ হৈছে৷ নেটিজেনৰ ধাৰণা– বলীউডৰ শ্ৰেষ্ঠ অভিনেতা-অভিনেত্ৰীৰ সন্মান কাপুৰ পৰিয়ালৰ সদস্যলৈ আগবঢ়োৱাত বিষয়টো হজম কৰিব পৰা নাই ‘কোন্ট্ৰোভাৰ্ছী কুইন’ কংগনাই৷ কংগনাৰ বিস্ফোৰক উক্তি– ‘নেপ’ মাফিয়া! এয়া হৈছে নেপ’ কীট-পতংগৰ জীৱন৷ পিতৃ-মাতৃৰ নাম আৰু পতিপত্তি থাকিলে পদলেহন কৰিও অভিনয়ৰ সুযোগ পাই, আনহাতে কোনোৱে যদি নিজে প্ৰতিষ্ঠিত হোৱাৰ চেষ্টা কৰে, তাক এৰাই চলা হয়৷ জীৱনলৈ সৌন্দৰ্য আহিব কিদৰে, যদি চৌদিশে চয়তানে ভৰি থাকে৷ ইহঁতক সকলোকে ধবংস কৰি দিম৷’ বলীউড কুইনে পুনৰ কয়– ‘শ্ৰীমদ্ভাগৱৎ গীতাত কৈছে– ধৰ্মৰ মূল লক্ষ্য হৈছে চয়তানক বিনাশ কৰা৷’ ইয়াতেই ক্ষান্ত নাথাকি বলীউডৰ বিতৰ্কিত অভিনেত্ৰীয়ে প্ৰকাশ কৰে তেওঁৰ নিজ পছন্দৰ দাদা চাহেব ফাল্কে পুৰস্কাৰ বিজয়ীৰ তালিকা৷ কংগনাৰ তালিকাত শ্ৰেষ্ঠৰ স্থানত আছে তাব্বু, ম্ৰুণাল ঠক্কৰ, ঋষভ ছেট্টী, ৰাজামৌলী, অনুপম খেৰ আদিৰ নাম৷ প্ৰকৃততে কাপুৰ পৰিয়ালৰ ৰণবীৰ-আলিয়াই দাদা চাহেব ফাল্কে পুৰস্কাৰ পোৱাটো কংগনাই হজম কৰিব পৰা নাই৷ সেয়ে অভিনেত্ৰীয়ে এনে বিস্ফোৰক মন্তব্য কৰি ক্ষোভ উজাৰিছে বুলি নেটিজেনে কটাক্ষ কৰে৷