Logo
image

বায়’পিকত গাংগুলীৰ চৰিত্ৰত ৰণবীৰ কাপুৰ

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক আৰু ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ [বি চি চি আই] প্ৰাক্তন সভাপতি সৌৰভ গাংগুলীৰ জীৱনক লৈ ছবি নিৰ্মাণ কৰা হ’ব বুলি ২০১৯ চনতে ঘোষণা কৰা হৈছিল৷ কিন্তু ছবিখনত ‘প্ৰিন্স অৱ কলকাতা’ গাংগুলীৰ চৰিত্ৰত কোনে অভিনয় কৰিব সেইটো নিশ্চিত কৰিব পৰা হোৱা নাছিল৷ আৰম্ভণিৰ পৰাই ৰণবীৰ কাপুৰৰ নামটো চৰ্চিত হৈ আছিল যদিও তেওঁৰ লগতে হৃত্ত্বিক ৰোছন আৰু সিদ্ধাৰ্থ মালহোট্ৰাৰ নামো উচ্ছাৰিত হৈছিল৷ দৰাচলতে ৰণবীৰ কাপুৰৰ ব্যস্ততাৰ বাবে তেওঁ ছবিখনৰ প্ৰযোজকক কথা দিব পৰা নাছিল৷ কিন্তু শেহতীয়া খবৰ অনুসৰি ৰণবীৰে গাংগুলীৰ চৰিত্ৰত অভিনয় কৰাটো নিশ্চিত হৈছে৷ জানিব পৰা মতে, শীঘ্ৰেই তেওঁ কলকাতালৈ গৈ ইডেন গাৰ্ডেনত থকা বংগ ক্ৰিকেট সন্থাৰ কাৰ্যায়লৰ লগতে গাংগুলীৰ বাসগৃহ ভ্ৰমণ কৰিব৷ ছবিখনৰ চিত্ৰনাট্য সন্দৰ্ভত গাংগুলীয়ে প্ৰযোজকৰ সৈতে কেইবাবাৰো আলোচনা চলাইছে৷ ছবিখনত গাংগুলীৰ জীৱনৰ কোনবোৰ ঘটনা  দেখুওৱা হ’ব সেই বিষয়ে প্ৰাক্তন ক্ৰিকেটাৰজনে ভালদৰে জানিব বিচাৰিছিল  তাৰ পূৰ্বে অৱশ্যে ৰণবীৰ কাপুৰ প্ৰসংগতো গাংগুলীৰ সৈতে  আলোচনা চলোৱা হৈছিল৷ বায়পিকত নিজৰ চৰিত্ৰটোৰ বাবে গাংগুলীৰ  প্ৰথম পছন্দ  আছিল ৰণবীৰ সিংহে৷ পাছত অৱশ্যে ৰণবীৰ কাপুৰক লৈ আপত্তি নাই বুলি তেওঁ জনাইছিল৷ পৰৱৰ্তী কেইমাহমানৰ ভিতৰত ছবিখনৰ চিত্ৰনাট্য সম্পূৰ্ণ হৈ উঠিব বুলি প্ৰযোজকগোষ্ঠীয়ে আশা ৰাখিছে৷ চিত্ৰনাট্য সম্পূৰ্ণ হোৱাৰ পাছত কলকাতাত ছবিখনৰ দৃশ্যগ্ৰহণৰ কাম আৰম্ভ হ’ব৷