ইউজিচিৰ আঞ্চলিক কাৰ্যালয় স্থানান্তৰে কি সূচায়?
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰিত্বৰ গুৰুদায়িত্ব গ্ৰহণ কৰাৰে পৰা অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ আৰ্থ-সামাজিক বিকাশৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰাৰ কথা তেওঁ বাৰম্বাৰ দোহাৰি আহিছে৷ ভাৰতবৰ্ষৰ ৰাজ্যসমূহ উত্তৰ-পূব, দাক্ষিণাত্য, উত্তৰ-ভাৰত, মধ্য ভাৰত আদি অভিধাৰে সংশ্লিষ্ট ৰাজ্যসমূহক আখ্যা দিয়াতো মুখে মুখেহে প্ৰচলিত হৈ আছে; ৰাজনৈতিক, প্ৰশাসনিকভাৱে ইয়াৰ সংজ্ঞা আনুষ্ঠানিকভাৱে নিৰ্ধাৰণ কৰা হোৱা নাই৷ এনে ধৰণে উল্লেখ কৰা ৰাজ্যসমূহৰ ভিতৰত দেশে স্বাধীনতা লাভ কৰাৰ পিছৰে পৰা উত্তৰ-পূবৰ ৰাজ্যসমূহে ৰাজনৈতিক, প্ৰশাসনিক দিশৰ পৰা বাকী ৰাজ্যসমূহৰ তুলনাত কম গুৰুত্ব লাভ কৰিছিল৷ দেশ স্বাধীন হোৱাৰ সময়ত ৰাজ্য গঠনৰ বাবে প্ৰয়োগ কৰা গ্ৰুপিঙত অসমক পূব-পাকিস্তানত অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱৰ বিৰুদ্ধে যুঁজ, ১৯৬২ চনত চীনৰ বিৰুদ্ধে যুঁজৰ সময়ত তদানীন্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে কৰা মন্তব্য আদি উত্তৰ-পূবৰ প্ৰতি বিভিন্ন সময়ত কেন্দ্ৰীয় নেতৃত্বই কৰা মনোভাৱক প্ৰকট কৰাৰ দিশটো ঐতিহাসিকভাৱে সত্য৷ ইয়াৰ মাজতে প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচ ডি দেৱগৌড়া, অটল বিহাৰী বাজপেয়ী আৰু ড॰ মনমোহন সিঙৰ দিনত উত্তৰ-পূবৰ আৰ্থ-সামাজিক উন্নয়নৰ ক্ষেত্ৰত কেতবোৰ পদক্ষেপ গ্ৰহণ কৰা হৈছিল৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ-পূবক দেশৰ অষ্ট-লক্ষ্মী আৰু দেশ বিকাশৰ ইঞ্জিন বুলি অভিহিত কৰি পূৰ্বৰ তুলনাত বিভিন্ন ক্ষেত্ৰত অধিক বিনিয়োগ কৰিছে৷ অৱধাৰিতভাৱে ইয়াৰ ফলত উত্তৰ-পূবৰ ৰাজ্যসমূহ লাভান্বিত হোৱাৰ সমান্তৰালকৈ বিজেপি দলেও সুফল লাভ কৰিছে৷ অসম তথা উত্তৰ-পূবৰ প্ৰায়বোৰ ৰাজ্যতে বিজেপি এতিয়া গজগজীয়া হৈ পৰিছে৷ উত্তৰ-পূবৰ আটাইকেইখন ৰাজ্যৰ সীমাসমূহ বিদেশী ৰাষ্ট্ৰৰ সৈতে সংলগ্ন থকাৰ বাবে কূটনৈতিক, প্ৰশাসনিক দিশৰ পৰাও কেন্দ্ৰ চৰকাৰৰ বাবে এই ৰাজ্যসমূহৰ বিকাশ অতি গুৰুত্বপূৰ্ণ৷ আন্তঃৰাষ্ট্ৰীয় ৰাজনৈতিক প্ৰেক্ষাপটত প্ৰধানমন্ত্ৰী মোদীৰ গুৰুত্ব দিনে দিনে অধিক বৃদ্ধি পোৱাৰ সময়ছোৱাত চীনৰ দৰে আগ্ৰাসী শক্তিৰ পৰা অৰুণাচলক ৰক্ষা কৰাটো মোদীৰ বাবে এক বৃহৎ প্ৰত্যাহ্বান৷ এই ক্ষেত্ৰতো প্ৰধানমন্ত্ৰী মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কেইবাবাৰো অৰুণাচল ভ্ৰমণ কৰি ভাৰতীয় সেনাৰ সৈতে মতামত বিনিময় আৰু অন্যান্য অনুষ্ঠানত অংশ গ্ৰহণ কৰি নিজৰ দৃঢ় স্থিতিৰ প্ৰতিপন্ন কৰিছে৷ ইয়াৰ মাজতে আমেৰিকাৰ সংসদত অৰুণাচল ভাৰতৰ অভিন্ন অংগ বুলি গ্ৰহণ কৰাৰ প্ৰস্তাৱ ভাৰতৰ বাবে এক বৃহৎ কূটনৈতিক সাফল্য ৰূপে বিবেচিত হৈছে৷ অষ্টলক্ষ্মী উত্তৰ-পূব দেশৰ নিৰাপত্তা, ৰাজনৈতিক, সামাজিক, কূটনৈতিক দিশৰ পৰা সামগ্ৰিকভাৱে অতি প্ৰয়োজনীয় হোৱাৰ বাবে চৰকাৰো বাধ্য হৈছে আন্তঃগাঁথনি নিৰ্মাণ, কৃষি, জনস্বাস্থ্য, স্বাস্থ্য, শিক্ষা আদিত গুৰুত্ব দিয়াৰ বাবে৷ সেই মৰ্মে ব্ৰহ্মপুত্ৰৰ ওপৰত বৃহৎ দলং নিৰ্মাণ, সীমান্ত এলেকাৰ পথ আৰু অন্যান্য আন্তঃগাঁথনি নিৰ্মাণ, উত্তৰ-পূবৰ ৰাজ্যসমূহৰ ভিতৰত যোগাযোগ ব্যৱস্থা, মেডিকেল কলেজ, শিক্ষানুষ্ঠান নিৰ্মাণ আদি ব্যৱস্থাসমূহ তৰান্বিত হৈছে৷ উল্লেখ্য পূৰ্বৰ তুলনাত এই কামবোৰ বৃদ্ধি পাইছে যদিও দীৰ্ঘদিন অৱহেলিত হৈ থকা উত্তৰ-পূবৰ সামগ্ৰিক বিকাশৰ স্বাৰ্থত শিক্ষাখণ্ড, পৰিৱেশ সুৰক্ষা, পৰ্যটন বিকাশ, বহনক্ষম উন্নয়নক অগ্ৰাধিকাৰ দি ঔদ্যোগীকৰণ, গংগাৰ দৰে ব্ৰহ্মপুত্ৰক উজ্জীৱিত কৰাৰ ব্যৱস্থা, বিভিন্ন জাতি-গোষ্ঠীৰ স্বকীয় বৈশিষ্ট অটুট ৰাখি ভাষা-সংস্কৃতি সুৰক্ষা আদি বহু দিশত কেন্দ্ৰ চৰকাৰৰ ভূমিকা আশাপ্ৰদ নহয়৷ অসম তথা উত্তৰ-পূবৰ ৰাজ্যসমূহত এতিয়া প্ৰয়োজন কেন্দ্ৰ চৰকাৰৰ উদ্যোগ, বাণিজ্য, শিক্ষা, স্বাস্থ্য, কৃষি আদি বিভিন্ন মন্ত্ৰালয়ৰ অধীনস্থ কেতবোৰ আঞ্চলিক কাৰ্যালয় আদি স্থাপন কৰাটো৷ ড’নাৰ, উত্তৰ-পূব পৰিষদ আদিবোৰ আছে যদিও এইবোৰ এতিয়া সাধাৰণ শ্ৰেণীৰ লোকৰ পৰা বহু দূৰৈত৷ কেন্দ্ৰই এই বিষয়সমূহৰ প্ৰতি অধিক মনোনিৱেশ কৰাটো সৰ্বস্তৰত ৰাইজে কামনা কৰাৰ সময়ত শেহতীয়াকৈ ইউজিচিৰ গুৱাহাটীস্থ কাৰ্যালয় দিল্লীলৈ স্থানান্তৰিত কৰাৰ সিদ্ধান্তই সকলোকে হতচকিত কৰিছে৷ নিজৰ কাম-কাজ বিকেন্দ্ৰীকৰণ কৰাৰ উদ্দেশ্যে গুৱাহাটীত স্থাপন কৰা কাৰ্যালয়টোৱে অসম আৰু অন্যান্য উত্তৰ-পূবৰ কলেজ, বিশ্ববিদ্যালয়ৰ শৈক্ষিক, আন্তঃগাঁথনি উন্নয়ন, স্কলাৰশ্বিপ আদি দিশত উল্লেখযোগ্য ভূমিকা পালন কৰি আহিছিল৷ নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি এন ই পি-২০ৰ প্ৰয়োগৰ পাছত উচ্ছ শিক্ষা আয়োগ [এইচ ই চি আই]ৰ গঠন কৰি তাৰ অধীনত চাৰিটা প্ৰতিষ্ঠান গঠন কৰা হ’ব৷ সেই মৰ্মে উচ্ছ শিক্ষা আয়োগৰ অধীনত পূৰ্বৰ ইউজিচিৰ নামকৰণ হ’ব এইচ ই জি চি [হায়াৰ একুকেশ্যন গ্ৰাণ্ট কমিশ্যন] এন ই পি-২০ৰ ফলত অসমত ২০২৩ চনৰ পৰা আৰম্ভ হ’ব নতুন পাঠ্যক্ৰম আৰু গৱেষণা, দক্ষতা বিকাশ, আন্তঃবৈষয়িক, বহু বৈষয়িক পাঠ্যক্ৰম৷ এনে অৱস্থাৰ পৰিপ্ৰেক্ষিতত দেশৰ মূল সূঁতিটোৰ লগত সামঞ্জস্য ৰাখি এক সুষমতা অটুট ৰখাৰ বাবে গুৱাহাটীত উচ্ছ শিক্ষা আয়োগৰ এটা মাণ্ডলিক কাৰ্যালয়ৰ অতীৱ প্ৰয়োজন৷ কিন্তু ইউজিচি-কাৰ্যালয় স্থানান্তৰ কৰা দিশটোৱে বিকেন্দ্ৰীকৰণৰ পৰিৱৰ্তে ‘অতি কেন্দ্ৰীয়কৰণ’ক প্ৰতীয়মান কৰিলে৷ অষ্টলক্ষ্মীৰ প্ৰতি এনে দৃষ্টিভংগী অতি দুৰ্ভাগ্যজনক৷ অসমৰ মুখ্যমন্ত্ৰীয়ে এই ক্ষেত্ৰত হস্তক্ষেপ কৰা উচিত৷






