নিমখ আন বিভিন্ন কামতো ব্যৱহাৰ কৰিব পাৰি
নিমখ ৰন্ধন কাৰ্যৰ উপৰিও আন বিভিন্ন কামত ব্যৱহাৰ কৰিব পৰা যায়৷ বহু ঘৰুৱা সমস্যা অনায়াসে সমাধান কৰে নিমখে৷ উল্লেখ কৰা হ’ল খোৱাৰ বাহিৰেও নিমখ কি কি কামত ব্যৱহাৰ কৰিব পাৰি–
[১] আলু আৰু আপেল কাটি ৰাখিলে কিছু সময়ৰ পাছতে ইয়াৰ বৰণ সলনি হয়৷ কিন্তু আলু বা আপেল বাকলি গুচাই যদি নিমখ পানীত কিছু সময় ৰখা হয় তেন্তে দেখিব, ইয়াৰ বৰণ পূৰ্বৰ দৰেই আছে৷
[২] সিজোৱা কণীৰ বাকলি সহজে আৰু সঠিকভাৱে আঁতৰোৱাটো বহুতৰ বাবে কেতিয়াবা সমস্যা হৈ পৰে৷ এই ক্ষেত্ৰত কণী নিমখ পানীৰ সৈতে সিজোৱা কৰক৷ নিমখ পানীৰ সৈতে সিজালে কণীৰ বাকলি সহজে আঁতৰে৷
[৩] ফ্ৰীজত দুৰ্গন্ধৰ সৃষ্টি হ’লে কুহুমীয়া পানীৰ সৈতে নিমখ মিহলাই পৰিষ্কাৰ কৰিলে দুৰ্গন্ধ আঁতৰে৷
[৪] লোহাৰ সামগ্ৰীত এনামেলৰ প্ৰলেপ থাকিলে খুব সহজেই ইয়াত দাগ পৰা দেখা যায়৷ এই সমস্যা নিমখৰ ব্যৱহাৰেৰে এৰাতিৰ ভিতৰতে সমাধান কৰিব পাৰি৷ ইয়াৰ বাবে এটা কাপৰ চাৰিভাগৰ এভাগ নিমখ এটা পাত্ৰত পানীৰ সৈতে ওৰে নিশা ৰাখক৷ পুৱা নিমখ মিশ্ৰিত পানীখিনি উতলাই এনামেলৰ ওপৰত লাহে লাহে মচিলে দেখিব দাগ আঁতৰিবলৈ ধৰিছে৷
[৫] ৰন্ধাৰ সময়ত কেৰাহীৰ তেল ছিটিকি গেছ বাৰ্ণাৰত প্ৰায়েই চামনি ধৰে৷ এই চামনি চাবোন পানীৰে আঁতৰাব পৰা নাযায়৷ এই ক্ষেত্ৰত কুহুমীয়া পানীৰ সৈতে নিমখ মিহলাই কাপোৰেৰে বাণাৰটো পৰিষ্কাৰ কৰিলে মুহূৰ্ততে চামনি আঁতৰে৷
[৬] দাঁতৰ বিষ আৰু অত্যধিক ঠাণ্ডাৰ ফলত হোৱা ডিঙিৰ বিষৰ পৰা পৰিত্ৰাণ পাবলৈ নিমখৰ সহায় ল’ব পাৰে৷ কুহুমিয়া পানীৰ সৈতে নিমখ মিহলাই গাৰ্গল কৰিলে দাঁতৰ বিষ আৰু ডিঙিৰ বিষৰ পৰা পৰিত্ৰাণ পাব পৰা যায়৷
[৭] কাপোৰত ঘামৰ দাগ লাগিলে নিমখৰ সহায়ত আঁতৰাব পৰা যায়৷ ইয়াৰ বাবে আঢ়ৈশ গ্ৰাম উতলোৱা পানীত চাৰি চামুচ নিমখ মিহলাই কাপোৰৰ ওপৰত স্পঞ্জ কৰক৷ এইদৰে কেইবাৰমান কৰিলে কিছু সময়ৰ পিছত ঘামৰ দাগ কাপোৰৰ পৰা নাইকিয়া হয়৷