গ্ৰাম্য উন্নীতকৰণ
গ্ৰাম্য উন্নীতকৰণৰ ধাৰণা নতুন নহয়৷ ভাৰত স্বাধীন হোৱাৰ পাছৰ পৰাই ভিন্ন সময়ৰ ভিন্ন চৰকাৰে গ্ৰাম্য উন্নীতকৰণত গুৰুত্ব দি আহিছে৷ কিন্তু স্বাধীনতাৰ ৭৫ বছৰৰ পাছতো বাস্তৱিক ক্ষেত্ৰখনত বহু গাঁৱত উন্নয়নৰ অৱস্থা তেনেই পুতৌলগা৷ বিশ্বায়নৰ অৰ্থনীতিয়ে সমগ্ৰ পৃথিৱী গ্ৰাসিত কৰাৰ সময়তে ভাৰতৰ দৰে উন্নয়নশীল দেশ কিম্বা অসমত এতিয়াও এনে বহু গাঁও আছে যাক আধুনিকতাৰ পোহৰে আজিপৰ্যন্ত স্পৰ্শ কৰিব পৰা নাই৷ কেন্দ্ৰীয় বা ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনিয়েও ঢুকি নোপোৱা এই গাঁওসমূহত গাঁওবাসীয়ে অশেষ কষ্টৰে জীৱন অতিবাহিত কৰিবলগীয়া হয়৷ অসমৰ বহু গাঁৱত অসংখ্য চৰকাৰী আঁচনি চলি থকাৰ পাছতো প্ৰকৃতাৰ্থত উন্নতি সম্ভৱপৰ হৈ উঠা নাই৷ শিক্ষা-দীক্ষাতো দূৰৰে কথা এটোপাল বিশুদ্ধ খোৱাপানী, এটা বিজ্ঞানসন্মত শৌচালয় বা সাধাৰণ বেমাৰৰ একোটা ঔষধৰ বাবেও হাহাকাৰ কৰিবলগীয়া হয় গাঁওবাসীয়ে৷ বিশুদ্ধ খোৱাপানীৰ অভাৱ, পৰিত্যক্ত শৌচালয়ৰ লগতে জৰাজীৰ্ণ আন্তঃগাঁথনিয়ে জীয়াতু ভোগায় এনে বহু গাঁৱৰ সমগ্ৰ গাঁওবাসীক৷ মুঠৰ ওপৰত দুৰ্ভাগ্য, হতাশা আৰু চৰকাৰী বঞ্চনাই গাঁওবাসীক বাৰে বাৰে প্ৰতাৰিত কৰে৷ বহু বেচৰকাৰী সংস্থায়ো গ্ৰাম্য উন্নীতকৰণৰ নামত চৰকাৰী পুঁজি আনি কাম কৰি আছে৷ কিন্তু বাস্তৱিক ক্ষেত্ৰখনতহে ইয়াৰ উল্লেখনীয় পৰিৱৰ্তন দেখিবলৈ পোৱা নাযায়৷ পৰ্যাপ্ত পৰিমাণে লাভৰ ঘৰত থকা অনুষ্ঠান-প্ৰতিষ্ঠানসমূহে বা বেচৰকাৰী সংস্থাসমূহে সামাজিক দায়বদ্ধতাৰ খাটিৰত যদি নিজাববীয়াকৈ গ্ৰাম্য উন্নীতকৰণৰ পদক্ষেপ হাতত লয়, অসমৰ বহুসংখ্যক পিছপৰা গাঁৱেই উজ্জীৱিত হৈ উঠিব আৰু সেই গাঁওসমূহৰ পৰা এনে কিছুমান মানৱ সম্পদ উলিয়াই আনিব পৰা যাব, যি হয়তো ভৱিষ্যতে ৰাষ্ট্ৰ নিৰ্মাণত গুৰুত্বপূৰ্ণ ভূমিকা ল’ব পাৰিব৷ গ্ৰাম্য উন্নীতকৰণৰ এনেবোৰ প্ৰকল্পৰ অধীনত কম খৰচতে নিৰ্মাণ কৰিব পৰা শৌচালয়, গাঁওবাসীৰ ঘৰত সৌৰশক্তি, সৌৰশক্তিচালিত ষ্ট্ৰীট লাইট আদি গাঁওসমূহত স্থাপন কৰিব পৰা যায়৷ ইয়াৰ বাহিৰেও দক্ষতা বৃদ্ধিৰ শিবিৰ, স্বাস্থ্য শিবিৰ, আইনী জ্ঞানৰ শিবিৰ, খেলপথাৰ, সূতা বেংক আদি যদি গঢ়ি তোলা হয়, গাঁওবাসীৰ মাজত সজাগতা বৃদ্ধি পোৱাৰ লগতে তেওঁলোকৰ বাবে জীৱিকাৰ পথো মুকলি হৈ পৰিব৷ ভাৰতীয় উদ্যমিতা প্ৰতিষ্ঠানৰ [আই আই ই] অধীনত দক্ষতা বিকাশৰ বিভিন্ন প্ৰশিক্ষণ শিবিৰো আৰম্ভ কৰিব পাৰি৷ কম্পিউটাৰ শিক্ষাৰ লগতে শিপিনী আৰু চিলাই প্ৰশিক্ষণ শিবিৰসমূহেও এনেবোৰ গাঁৱৰ বৌদ্ধিক তথা কাৰিকৰী বিকাশৰ দিশত বিশেষ অৰিহণা যোগাব পাৰিব৷ মহিলাসকলক সবলীকৰণৰ উদ্দেশ্যে আই আই ইৰ তত্ত্বাৱধানত আইন আৰু অধিকাৰ সম্পৰ্কীয় শিবিৰ গঢ়ি তুলিব পাৰি৷ এনেবোৰ শিবিৰে এনেবোৰ গাঁৱৰ পিছপৰা মহিলাক নিজৰ প্ৰাপ্য অধিকাৰৰ বিষয়ে সজাগ কৰি তুলিব৷ কম খৰচতে Reverse Osmosis Plant ৰাজহুৱা উদ্যোগত বনাই এনে গাঁৱত বিশুদ্ধ খোৱাপানীৰো দিহা কৰিব পৰা যায়৷ প্ৰতিমাহে সামান্য মূল্যৰ বিনিময়ত প্ৰত্যেকঘৰ গাঁওবাসীক দিনে ১০-১২ লিটাৰকৈ খোৱাপানী যোগান ধৰিব পাৰি৷ এনেধৰণৰ প্ৰণালীবদ্ধ কাম-কাজৰ জৰিয়তে একোখন পিছপৰা গাঁৱক আদৰ্শ গাঁৱলৈ ৰূপায়ণ কৰিব পৰা যায়৷ বিধায়ক, সাংসদ, ব্যৱসায়িক অনুষ্ঠান-প্ৰতিষ্ঠান বা ব্যক্তিৰ লগতে অসমৰ বিভিন্ন দল-সংগঠনেও এনেবোৰ পদক্ষেপ হাতত ল’বলৈ যদি আগবাঢ়ি আহে, নিশ্চয়কৈ অসমক বিকাশ আৰু প্ৰগতিৰ দিশত বহুদূৰ আগুৱাই লৈ যাব পাৰিব৷






