Logo
image

টোপনি পৰ্যাপ্ত নহ’লে এইবোৰ সমস্যা হ’ব পাৰে

টোপনি পৰ্যাপ্ত নহ’লে মানুহৰ মেটাবলিক ৰেট নষ্ট হয়৷ প্ৰয়োজনতকৈ কম টোপনি হ’লে তেজত শৰ্কৰাৰ মাত্ৰা বৃদ্ধি পায়৷ কম টোপনিয়ে কৰটিছল নামৰ ষ্ট্ৰেছ হৰমনসমূহক দেহৰ পৰা উলিয়াই দিয়ে৷ এনেকুৱা হ’লেই তেজত শৰ্কৰাৰ মাত্ৰা বাঢ়ে৷ তেজত শৰ্কৰাৰ মাত্ৰা বঢ়াৰ লগে লগে পানীয়ৰ প্ৰতি আগ্ৰহ বাঢ়ে৷ ফলত দেহৰ ওজন বাঢ়িবলৈ ধৰে৷ পৰিণতিত টাইপ-২ ডায়েবেটিছৰ জন্ম হয়৷

টোপনি পৰ্যাপ্ত নহ’লে দেহত কাৰ্বহাইড্ৰেটৰ চাহিদা বৃদ্ধি পায়৷ যদি আপোনাৰ টোপনি পৰ্যাপ্ত নহয় তেন্তে লগে লগে শৰ্কৰাৰ মাত্ৰা পৰীক্ষা কৰক৷ আমেৰিকান একাডেমি অফ শ্লীপ মেডিচিন এণ্ড শ্লীপ ৰিচাৰ্ছ ছ’চাইটিৰ মতে এজন সুস্থ মানুহৰ বাবে নিশা ৭ ঘণ্টা শোৱাটো জৰুৰী৷  শৰীৰ সুস্থ ৰখাৰ বাবে টোপনিৰ বিকল্প আন একোৱেই হ’ব নোৱাৰে৷ কম টোপনি হ’লে ক্লান্তি বাঢ়ে৷ উল্লেখ কৰা হ’ল কম টোপনিৰ কেইটামান লক্ষণ–

⬛ কামত মনোযোগ কমি আহে আৰু চিন্তা শক্তি হ্ৰাস পায়৷ 

⬛ দিনটোত যদি অনবৰতে ক্লান্তিভাৱ অনুভৱ হয় তেন্তে জানিব আপোনাৰ টোপনি কম হৈছে৷ 

⬛ স্মৃতি শক্তি লাহে লাহে কমি আহে৷ 

⬛ অনবৰতে খং উঠি থাকে৷ 

⬛ যিকোনো কামত মানসিক চাপ বৃদ্ধি পোৱা যেন অনুভৱ হয়৷ 

এইবোৰ লক্ষণে যদি দেখা দিয়ে তেন্তে দৈনিক শোৱাৰ নিয়ম সলনি কৰক৷ উল্লেখ কৰা হ’ল টোপনি পৰ্যাপ্ত হোৱাৰ বাবে কি কৰিব–

⬛ শোৱাৰ সময়ত বেডৰুমটো আন্ধাৰ কৰি ৰাখক৷

⬛ শোৱাৰ সময়খিনিত যিকোনো ইলেক্ট্ৰনিক ডিভাইছৰ পৰা নিজকে আঁতৰাই ৰাখক৷

⬛ দিনটোত কামত ব্যস্ত থকা কৰক৷ 

⬛ শুবলৈ যোৱাৰ পূৰ্বে সকলো চিন্তা মূৰৰ পৰা উলিয়াই দিয়ক৷

⬛ ঠাণ্ডাৰ সমস্যা নাথাকিলে শুবলৈ যোৱাৰ পূৰ্বে গা ধোৱক৷ লগতে  কিতাপ পঢ়াৰ অভ্যাস কৰিব পাৰে৷ 

⬛ বিছনালৈ যোৱাৰ পূৰ্বে কেফেইন বা এলক’হল লোৱাৰ পৰা বিৰত থাকক৷ 

⬛ বিয়লি বিশেষকৈ দিনৰ তিনি বজাৰ পাছত শোৱাৰ অভ্যাস ত্যাগ কৰক৷ এনে অভ্যাসে নিশাৰ টোপনিত কমাই আনে৷