Logo
image

ফুটবল ফেডাৰেশ্বনৰ নতুন পৰিকল্পনা

প্ৰথমবাৰৰ বাবে সন্তোষ ট্ৰফী ছিনিয়ৰ ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাৰ নক-আউট পৰ্যায়ৰ খেল বিদেশত অনুষ্ঠিত হ’ব৷ ভাৰতীয় ফুটবলক এক নতুন গতি দিয়াৰ উদ্দেশ্য আগত লৈ এই সিদ্ধান্ত লৈছে  সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্বনৰ নতুনকৈ গঠন হোৱা কমিটীখনে৷ টুৰ্নামেণ্টখনৰ ছেমিফাইনেল আৰু ফাইনেল অনুষ্ঠিত হ’ব ছৌদি আৰৱৰ ৰিয়াধস্থিত কিং ফাহাড ইণ্টাৰনেশ্বনেল ষ্টেডিয়ামত৷ উল্লেখ্য, সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্বন আৰু ছৌদি আৰৱ ফুটবল ফেডাৰেশ্বনৰ মাজত যোৱা বছৰৰ অক্টোবৰত এক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছিল৷ সেই চুক্তি অনুসৰি দুয়োখন দেশে প্ৰশিক্ষণৰ লগতে আন বিভিন্ন দিশত পৰস্পৰক সহায় কৰিব৷ সন্তোষ ট্ৰফীৰ খেল বিদেশত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱাৰ বাবে সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্বন সমালোচনাৰো সন্মুখীন হৈছে৷ এনে এক সিদ্ধান্ত লৈ ফুটবল ফেডাৰেশ্বনে অবাবতে বৃহৎ অংকৰ ধন অপব্যয় কৰিব কৰিব ওলাইছে বুলিও বিভিন্নজনে মন্তব্য কৰিছে৷ ৰাষ্ট˜ীয় প্ৰতিযোগিতা এখন বিদেশত অনুষ্ঠিত কৰি ভাৰতীয় ফুটবলৰ কি লাভ হয় সেয়া সময়েহে ক’ব৷ কিন্তু সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্বনৰ নৱগঠিত কমিটীখনে দেশৰ ফুটবলক সঠিক দিশত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত কেতবোৰ পৰিকল্পনা হাতত লৈছে৷ তাৰ অন্যতম হৈছে বিপণন আৰু বাণিজ্যিকীকৰণ৷ এটা কথা অনস্বীকাৰ্য যে আধুনিক ফুটবলত পেছাদাৰিত্বৰ প্ৰভাৱ পৰিছে আৰু এনে  স্থিতিত ফুটবল সংগঠনবোৰ আৰ্থিক দিশত টনকিয়াল হোৱাটো প্ৰয়োজনীয় হৈ পৰিছে৷ এই দিশটোলৈ লক্ষ্য ৰাখিয়েই সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্বনে পৰৱৰ্তী তিনি বছৰত ৰাজহ বৃদ্ধিৰ সিদ্ধান্ত লৈছে৷ তাৰ লগতে দেশৰ বিভিন্ন অঞ্চলৰ পৰা  প্ৰতিভাসম্পন্ন খেলুৱৈ বাছি উলিয়াই তেওঁলোকৰ বাবে উন্নত প্ৰশিক্ষণৰ ব্যৱস্থা কৰাৰো পৰিকল্পনা লোৱা হৈছে৷ 

ভাৰতীয় ফুটবলৰ সৰ্বোচ্ছ সংস্থাটোৰ সচিব ছাজি প্ৰভাকৰণৰ মতে, তেওঁলোকৰ প্ৰথম লক্ষ্য হৈছে বিশ্ব ৰেংকিঙত ভাৰতৰ স্থান উন্নত কৰা আৰু তাৰ বাবে প্ৰয়োজনীয় সকলোখিনি কৰাৰ বাবে তেওঁলোক প্ৰতিশ্ৰুতিবদ্ধ৷ প্ৰভাকৰণে লগতে কয় যে ২০২৬ চনত হ’বলগীয়া অনূধবৰ্ ১৬ বছৰৰ বিশ্বকাপলৈ যোগ্যতা অৰ্জন কৰাটোক ফেডাৰেশ্বনে এটা ডাঙৰ প্ৰত্যাহ৩ান হিচাপে লৈছে৷ তাৰ উপৰি দেশৰ স্বাধীনতাৰ শতবৰ্ষত অৰ্থাৎ ২০৪৭  চনলৈ দেশৰ বিভিন্ন ৰাজ্যত  ২০ হাজাৰ ফুটবল ক্লাব গঠন কৰাৰ লগতে এছিয়াৰ ৰেংকিঙত ভাৰতক শীৰ্ষস্থানলৈ লৈ যোৱা বিষয়টোক অগ্ৰাধিকাৰ দিয়া হ’ব৷ সংস্থাটোৱে স্বীকাৰ কৰে যে প্ৰয়োজন অনুসৰি ভাৰতত অভিজ্ঞ ফুটবল প্ৰশিক্ষক নাই৷ এই বিষয়টোত গুৰুত্ব দি দেশৰ বিভিন্ন অঞ্চলত ফুটবল প্ৰশিক্ষকৰ ব্যৱস্থা কৰাৰ সিদ্ধান্ত লোৱা হৈছে৷ ইয়াৰ বাবে প্ৰশিক্ষকৰ বিশেষ পাঠ্যক্ৰমৰ বিষয়েও চিন্তা-চৰ্চা চলাই থকা বুলিও কয় প্ৰভাকৰণে৷  কেইদিনমান পূৰ্বে ৰাষ্ট্ৰীয় ফুটবল দলৰ প্ৰাক্তন অধিনায়ক বাইচুং ভূটীয়াই কৈছিল যে ভাৰতীয় ফুটবলৰ মান উন্নত কৰিবলৈ হ’লে তৃণমূল পৰ্যায়ৰ পৰা কাম কৰিব লাগিব৷ উল্লেখ্য, ভূটিয়াই সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্বনৰ সভাপতি পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিছিল, য’ত তেওঁ বৰ্তমানৰ সভাপতি কল্যাণ চৌবেৰ হাতত পৰাস্ত হৈছিল৷ ভূটীয়াই সন্তোষ ট্ৰফীৰ খেল ছৌদি আৰৱত অনুষ্ঠিত কৰিবলৈ লোৱা সিদ্ধান্তকো সমালোচনা কৰিছে৷ তেওঁৰ মতে, টুৰ্নামেণ্টখনৰ ছেমিফাইনেল আৰু ফাইনেল বিদেশত অনুষ্ঠিত কৰাৰ ফলত ভাৰতীয় ফুটবল কোনোপ্ৰকাৰে উপকৃত নহ’ব৷ এটা কথা স্বীকাৰ কৰিব লাগিব যে  বিগত কিছু বছৰৰ পৰা ভাৰতীয় ফুটবলৰ মান কিছু হ’লেও উন্নত হৈছে৷ কিন্তু সেয়া যথেষ্ট নহয়৷ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত সমানে ফেৰ মাৰিবলৈ হ’লে এতিয়াও কৰিবলগীয়া বহুখিনি আছে৷ এইক্ষেত্ৰত সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্বন কিমান সফল হয়, সেয়া সময়েহে ক’ব৷