উচ্ছেদ
গুৱাহাটীক স্মাৰ্টচিটী ৰূপে গঢ়িবলৈ হ’লে গুৱাহাটীৰ নাগৰিকে উন্নত জীৱন-ধাৰণৰ সুবিধা লাভ কৰিব লাগিব৷ কিন্তু গুৱাহাটীৰ নাগৰিকৰ সমস্যা অনেক৷ ইয়াৰ ভিতৰত প্ৰধান সমস্যা হ’ল পানী৷ গুৱাহাটীৰ প্ৰায়বোৰ নাগৰিকেই বিশুদ্ধ খোৱাপানীৰ সমস্যাত ভুগি আছে৷ চৰকাৰে আজিৰ পৰা কেইবাবছৰ পূৰ্বে গুৱাহাটীবাসীক ২৪ ঘণ্টাই পানী যোগান ধৰাৰ লক্ষ্যৰে চাৰিটা পানী যোগান প্ৰকল্পৰ ব্যৱস্থা কৰিছিল যদিও সেই প্ৰকল্পসমূহৰ কাম আজিও সম্পূৰ্ণৰূপে ৰূপায়ণ নহ’ল৷ শেহতীয়াকৈ আংশিক লোকক পানী যোগান ধৰিবলৈ সক্ষম হৈছে যদিও অধিকাংশ লোকে আজিও পানীৰ বাবে হাহাকাৰ কৰিব লগা হৈছে৷ আনহাতে, গুৱাহাটীৰ কৃত্ৰিম বান সমস্যা, বছৰি গুৰুতৰ হৈ পৰিছে৷ মূলতঃ গুৱাহাটীৰ বৰষুণৰ পানীভাগ ধৰি ৰখাৰ বাবে যিকেইটা বিল-জলাশয় আছিল, সেইসমূহ পুতি পেলোৱাৰ ফলত এই বিল-জলাশয়সমূহে বৰষুণৰ পানী ধৰি ৰাখিব নোৱৰা হৈছে৷ ৰাজনৈতিক প্ৰভাৱতেই হওক বা দালাল-চক্ৰৰ জৰিয়তেই হওক মানুহে জলাশয়ৰ ভূমি অবৈধভাৱে দখল কৰি সেইবোৰ ক্ৰমে পুতি জলাশয়-বিলৰ পৰিসৰ সংকুচিত কৰিছে৷ জিএমডিএৰ অধ্যক্ষ নাৰায়ণ ডেকাই প্ৰকাশ কৰা অনুসৰি শিলসাঁকো বিলৰ ১,৮০০ বিঘা ভূমিৰ ১,২০০ বিঘা অবৈধভাৱে দখল কৰিছে৷ সেয়ে শিলসাঁকো বিলৰ ভূমি উদ্ধাৰ কৰাৰ অৰ্থে প্ৰথম পৰ্যায়ত বিলৰ মূলসূঁতিৰ দুয়োপাৰে ২০০ মিটাৰ ব্যাসাৰ্ধত উচ্ছেদ চলোৱা বুলি প্ৰকাশ কৰে জিএমডিএৰ অধ্যক্ষ নাৰায়ণ ডেকাই৷ এই উচ্ছেদৰ ফলত প্ৰায় ৩০০-৪০০ বিঘা ভূমি দখলমুক্ত হোৱাৰ লগতে ৪৫৩টা বাসগৃহ ভাঙি পেলোৱা হ’ব বুলি প্ৰকাশ কৰে ডেকাই৷ ইতিমধ্যে সোমবাৰৰ পৰা এই উচ্ছেদ অভিযান আৰম্ভ কৰিছে৷ ইফালে, বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যৰ প্ৰায় ৫,৯৭৬ বিঘা ভূমি বেদখলকাৰীৰ পৰা উদ্ধাৰ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে ৰাজ্যৰ বন বিভাগৰ লগতে প্ৰশাসনে৷ বন বিভাগে বেদখলকাৰীৰ পৰিয়ালক উচ্ছেদৰ জাননী জাৰি কৰাৰ পাছত সেই স্থানৰ প্ৰায় কুৰি হাজাৰ লোক গৃহহীন হোৱাৰ আশংকাই দেখা দিছে৷ পৃথিৱীখন উত্তৰ প্ৰজন্মৰ বাবে বাসৰ উপযোগী কৰি তুলিবলৈ জলাশয়, বনভূমি সংৰক্ষণ কৰিবই লাগিব৷ চৰকাৰে এনে ভূমিত যাতে নতুনকৈ অবৈধ দখল হ’ব নোৱাৰে, তাৰ প্ৰতি কাঢ়া নজৰ ৰখা দৰকাৰ৷ তদুপৰি বহু সময়ত চৰকাৰে সাধাৰণ লোকক চৰকাৰী ভূমিৰ পৰা উচ্ছেদ কৰি পুঁজিপতি গোষ্ঠী বা ধনিক শ্ৰেণীৰ লোকক আৱণ্টন দিয়াৰ উদাহৰণ আছে৷ বহুতে অভিযোগ কৰিছে যে চৰকাৰে কেৱল দুখীয়া আৰু ভূমিহীন লোককহে উচ্ছেদ কৰিছে৷ অৱশ্যে, অসম চৰকাৰৰ ভূমি নীতিত কোৱা হৈছে যে এটা থলুৱা পৰিয়ালে ১৫ বছৰ ভোগ দখল কৰি থাকিলে তেনে লোকক সেই মাটিৰ পট্টা দিব লাগে৷ উল্লেখ্য, ২০০৮ চনৰ ৫ আগষ্টত অসম বিধানসভাত গুৱাহাটীৰ জলাশয় সুৰক্ষা আৰু সংৰক্ষণ আইন গৃহীত হোৱাৰ পূৰ্বে শিলসাঁকো বিলৰ পাৰত বাস কৰা লোকক চৰকাৰে উচ্ছেদ কৰিলেও পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰা দৰকাৰ৷ তদুপৰি অসম চৰকাৰৰ দূৰদৃষ্টিৰ অভাৱতে বহু চৰকাৰী ভূমি, বনভূমি আৰু জলাশয় অবৈধ দখলকাৰীৰ হাতলৈ গৈছে৷ ইতিমধ্যে এনে বহু ভূমিৰ পট্টাও লাভ কৰিছে৷ চৰকাৰী ভূমি, বনভূমি আৰু জলাশয় যাতে কোনো কাৰণতে অবৈধভাৱে দখল কৰিব নোৱাৰে, তাৰ বাবে তেনে ভূমি সংৰক্ষণৰ ব্যৱস্থা কৰা জৰুৰী৷ তেতিয়াহে ভৱিষ্যৎ প্ৰজন্মৰ বাবে পৃথিৱীখন বাসৰ উপযোগী কৰি ৰাখিব পাৰিম৷ অৱশ্যে, ভূমিহীন থলুৱা লোকক বাসগৃহৰ বাবে ভূমিৰ ব্যৱস্থা কৰাটোও চৰকাৰৰ দায়িত্ব৷






