Logo
image

অস্কাৰৰ সুদৃশ্য মঞ্চত ‘আৰআৰআৰ’ৰ সেই নাটু নাটু...

আমাৰ অসম, ২মাৰ্চঃ চলিত মাহত অনুষ্ঠিত হ’বলগীয়া ৯৫সংখ্যক অস্কাৰ বঁটা প্ৰদান অনুষ্ঠানত এছ এছ ৰাজামৌলিৰ ‘আৰ আৰ আৰ’ চিনেমাৰ বিশ্ববিখ্যাত ‘নাটু নাটু’ শীৰ্ষক গীতটো সুদৃশ্য মঞ্চত পৰিৱেশনৰ বাবে আমন্ত্ৰিত হৈছে৷ মঙলবাৰে ‘দ্যা অকাডেমী অৱ মছন পিকচাৰ আৰ্টছ এণ্ড চাইন্সে’ আনুষ্ঠানিকভাৱে এই কথা ঘোষণা কৰিছে৷ ১২ মাৰ্চত অস্কাৰ বঁটা প্ৰদান কাৰ্যসূচীত গীতটো লাইভ পৰিৱেশন কৰিব ৰাহুল চিপলীগুঞ্জ আৰু কলা ভৈৰৱে৷ উল্লেখ্য, এছ এছ ৰাজামৌলিৰ ‘আৰ আৰ আৰ’ চিনেমাখনতো ‘নাটু নাটু’ শীৰ্ষক এই গীতটোত এই দুই শিল্পীয়েই কণ্ঠদান কৰিছে৷ গীতটোৰ সংগীত ৰচনা কৰিছে এম এম কেৰাভানীয়ে, কথাংশ চন্দ্ৰাবাসুৰ৷ লক্ষণীয় যে ‘নাটু নাটু’ শীৰ্ষক গীতটো এইবাৰ অস্কাৰৰ ‘বেষ্ট অৰিজিনেল ছং কেটেগৰী’ৰ অফিচিয়েল নমিনী আছিল৷ এই গীতটোৱে ইতিমধ্যে গ’ল্ডেন গ্লোব, ক্ৰিটিক চইছ এৱাৰ্ড,  হলীউড ক্ৰিটিক্‌ছ এছ’চিয়েশ্বন ফিল্ম এৱাৰ্ড আদি সন্মান লাভ কৰি আন্তঃৰাষ্ট্ৰীয় প্ৰসিদ্ধি লাভ কৰিছে৷ প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে অস্কাৰৰ বঁটা প্ৰদান অনুষ্ঠানত প্ৰতি বছৰে ‘বেষ্ট অৰিজিনেল ছং’ কেটেগৰীত নমিনেশ্বন লাভ কৰা গীতে লাইভ পাৰফমেন্স কৰাৰ সুযোগ লাভ কৰে৷ ইয়াৰ পূৰ্বেও ২০০৯ চনত ৮১সংখ্যক অস্কাৰ বঁটা অনুষ্ঠানত শ্লামডগ মিলেনিয়াৰ ছবিৰ ‘জয় হো’ গীত এ আৰ ৰেহমানে অস্কাৰৰ সুদৃশ্য মঞ্চত পৰিৱেশন কৰাৰ সুযোগ লাভ কৰিছিল৷