প্ৰতিদিনে এটাকৈ কল খালেও পাব অনেক সুফল
কলৰ স্বাস্থ্যগুণ সম্পৰ্কে সকলোৱেই কম বেছি পৰিমাণে জানে৷ সেইবাবেই কলৰ চাহিদাও বেছি৷ কলত প্ৰচুৰ পৰিমাণে প্ৰ’টিন, ভিটামিন আৰু খনিজ থাকে৷ যাৰ বাবে কলক পুষ্টিগুণৰ ভঁৰাল বুলি কোৱা হয়৷ বিভিন্ন গৱেষণাত এই তথ্য পোহৰলৈ আহিছে যে নিয়মীয়াকৈ একোটাকৈ কল খালে বিভিন্ন ধৰণৰ ৰোগ সহজেই প্ৰতিৰোধ কৰিব পাৰি৷ কল হ’ল ফাইবাৰৰ ভাল উৎস৷
⬛ নিয়মীয়াকৈ কল খালে মানসিক স্বাস্থ্য উন্নত হয়৷ কলত থকা প’টাছিয়ামে মগজুৰ কোষবোৰৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে৷
⬛ ওজন বৃদ্ধি পালে কল খালে ভাল ফল আশা কৰিব পাৰি৷ একোটা কলত তিনি গ্ৰাম ফাইবাৰ আৰু ১০০ কেল’ৰি পোৱা যায়৷
⬛ স্মৃতিশক্তি বৃদ্ধিঃ কলত থকা প’টাছিয়াম আৰু মেগনেছিয়ামে স্মৃতিশক্তি বৃদ্ধিত সহায় কৰে৷
⬛ কল খালে শৰীৰত শক্তিৰ পৰিমাণ বহুগুণে বৃদ্ধি পায়৷
⬛ কল খালে ক্লান্তিৰ ভাব দূৰ হয়৷
⬛ নিয়মীয়াকৈ কল খোৱাৰ অভ্যাস কৰিলে হূদৰোগৰ আশংকা বহুগুণে হ্ৰাস পায়৷ তদুপৰি কলত উচ্ছমাত্ৰাৰ কেলছিয়াম থাকে৷ ই উচ্ছ ৰক্তচাপ নিয়ন্ত্ৰণতো সহায় কৰে৷ সেয়েহে সুস্থ শৰীৰৰ বাবে নিয়মীয়াকৈ কল খোৱাৰ অভ্যাস কৰিব পাৰে৷