বিজেপিৰ নিৰ্বাচনী আখৰা
দিল্লীত বোলে সুৰা কেলেংকাৰি হৈছে৷ সেই কেলেংকাৰিৰ বাবে দিল্লীৰ উপ-মুখ্যমন্ত্ৰী তথা সমগ্ৰ বিশ্বত দিল্লীৰ শিক্ষা ব্যৱস্থাক উজলাই তুলিবলৈ সক্ষম হোৱা শিক্ষামন্ত্ৰী, যাৰ হাতত আবকাৰী বিভাগো আছিল, সেইজন মনীষ ছিছ’ডিয়াক দেওবাৰে দেশৰ সৰ্বোচ্ছ তদন্তকাৰী সংস্থা চি বি আই-য়ে গ্ৰেপ্তাৰ কৰিলে৷ কোনোবা ৰাজনীতিকেই হওক বা বিষয়াই হওক, যদি দুৰ্নীতি কৰিছে, ভ্ৰষ্টাচাৰ কৰিছে তেন্তে সেইসকলে কঠোৰৰ পৰা কঠোৰতম শাস্তি পাবই লাগে৷ তাত কাৰো দ্বিমত থকা উচিত নহয়৷ কিন্তু আচৰিত কথা হ’ল যি সুৰা কেলেংকাৰিৰ কথা বিজেপিয়ে আজি দীৰ্ঘদিন ধৰি কৈ আহিছে, সেয়াই যেন শ্ৰুতলিপি হিচাপে তদন্তকাৰী সংস্থা চি বি আই-য়ে কোৱা পৰিলক্ষিত হৈছে৷ চি বি আই-য়ে প্ৰাথমিক অনুসন্ধানৰ নামত গ্ৰেপ্তাৰৰ বাবে পাব লগা তথ্য-প্ৰমাণৰ বাবে ছিছ’ডিয়াৰ ঘৰত যি তালাচী চলাইছিল সেই তালাচীত একো পাবলৈ সক্ষম হোৱা নাছিল৷ ছিছ’ডিয়াৰ কাৰ্যালয়, গাঁৱৰ ঘৰৰ পৰা আৰম্ভ কৰি আনহে নালাগে তেওঁৰ বেংক লকাৰতো কোনো গহনা-গাঁঠৰি চি বি আই-য়ে লাভ নকৰিলে৷ ইয়াৰ পাছতো চিবিআয়ে ছিছ’ডিয়াক গ্ৰেপ্তাৰ কৰিলে৷ এতিয়া অনুসন্ধানৰ নামত মাহৰ পাছত মাহ হয়তো বছৰো লাগিব পাৰে ছিছ’ডিয়া জেলৰ বাহিৰলৈ অহাত৷ কিন্তু যিয়েই নহওক, অসমতো বহুকেইটা বৃহৎ বৃহৎ কেলেংকাৰিৰ কথা বিজেপিয়েই কৈ আছিল৷ তাৰ ভিতৰত উত্তৰ কাছাৰ (বৰ্তমান নামেই সলাই ডিমা হাছাও কৰিলে, নিশ্চয় ইয়াৰ বাবেও ৰাজনীতি চলিল উত্তৰ কাছাৰৰ লগত, যিহেতু কেলেংকাৰি শব্দটো বৰ এৰাব নোৱাৰাকৈ লাগি পৰিছিল সেয়েহে) কেলেংকাৰি, সাৰদা কেলেংকাৰি, লুই বাৰ্জাৰ কেলেংকাৰি৷ এইবোৰ কেলেংকাৰিত জড়িতসকলক বিজেপিয়ে গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি দিবলৈ দাবী জনাই আহিছিল৷ কিন্তু যেতিয়াৰ পৰাই এইবোৰ কেলেংকাৰিত জড়িত বিয়াগোম ৰাজনীতিকে বিজেপিত যোগ কৰিলে তেতিয়াৰ পৰাই বিজেপি এইবোৰ কেলেংকাৰিৰ ক্ষেত্ৰত ৰহস্যজনকভাৱে মৌন হৈ পৰিলে৷ আৰু আজি সেইসকল বিজেপি দল তথা চৰকাৰৰ হৰ্তা-কৰ্তা বিধাতা হৈ পৰিল৷ মনীষ ছিছ’ডিয়াই অভিযোগ কৰা মতে তেওঁকো সেই অফাৰ দিয়া হৈছিল আৰু কেজৰিৱালৰ স্থানত মুখ্যমন্ত্ৰীৰ আসনত বহুওৱাৰ প্ৰস্তাৱ আহিছিল৷ কিন্তু ছিছ’ডিয়াই সেই প্ৰস্তাৱ গ্ৰহণ নকৰাত বিজেপিৰ বাবে গ্ৰেপ্তাৰ কৰাৰ বাদে আন উপায় নাথাকিল৷ আচলতে আজি ছিছ’ডিয়াৰ গ্ৰেপ্তাৰৰ পাছত এইটো কথা সৰ্বত্ৰে ব্যাপক হাৰত চৰ্চা হৈছে যে এই গ্ৰেপ্তাৰ ৰাজনৈতিক৷ নহ’লে আজি হাজাৰ হাজাৰ কোটি টকা বেংকৰ পৰা লুণ্ঠন কৰা বিজয় মালিয়া, ৰাহুল ছাক্সেনা, নীৰৱ মোদীসহ অৰ্ধশতাধিক ভাৰতীয় কিয় মুকলি জীৱন কটাবলৈ সক্ষম হৈছে৷ কিয় গৌতম আদানিৰ ওপৰত এতিয়াও কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই চৰকাৰে বা চি বি আই-য়ে৷ আচলতে এতিয়া বিজেপি দলটো ২০২৪ চনত পুনৰ গাদী দখল কৰাৰ কৌশল ৰচনাত ব্যস্ত হৈ আছে৷ ইয়াৰ বাবে যিমান বিৰোধী নেতাক জেলত ভৰাব লাগে ভৰাব৷ যিমানক চি বি আই, ইডিৰ ভয় খুৱাই নিজৰ ফলীয়া কৰিব পাৰে কৰিব৷ নহ’লেনো আজি মমতা বেনাৰ্জীৰ দৰে অগ্নিকন্যাও মৌন হৈ পৰিবলৈ বাধ্য হয়নে? ৰাহুল গান্ধীক সোধাপোছা কৰি থকা হৈছে, ছোনিয়া গান্ধীক সোধাপোছা কৰি থকা হৈছে, শ্বাৰদ পাৱাৰক সোধাপোছা কৰা হৈছে, মমতা বেনাজীৰ ভতিজা অভিষেক বেনাজীক সোধাপোছা কৰা হৈছে, হেমন্ত ছ’ৰেনক সোধাপোছা কৰা হৈছে, তেজস্বী যাদৱৰ পৰা অখিলেখ যাদৱলৈকে, মায়াৱতীৰ পৰা অসমৰ অখিল গগৈলৈকে সকলোৰে বিৰুদ্ধে চৰকাৰে ইতিমধ্যে ফাইল সাজু কৰিছে৷ বিজেপিৰ ক্ষমতা লাভৰ পথত যিয়েই বাধা হৈ থিয় দিয়াৰ সম্ভৱনা আছে তাকেই পথৰ পৰা আঁতৰাবলৈ বিজেপিয়ে যি কোনো স্তৰলৈ নামিব পাৰে৷ মনীষ ছিছ’ডিয়াই কৰা সুৰা কেলেংকাৰিৰ তথ্যত কোৱা হৈছে যে সুৰা কেলেংকাৰিৰ পৰা পোৱা টকা পঞ্জাৱ আৰু গোৱাৰ নিৰ্বাচনত খৰচ কৰিছিল৷ এটা দলে যদি দুৰ্নীতি কৰি নিৰ্বাচনত ধন ব্যয় কৰাৰ অভিযোগ উঠে তাতকৈ লজ্জাজনক কথা ভৰতীয় গণতন্ত্ৰৰ বাবে আৰু একো নাই৷ বৰ্তমানৰ সৰ্ববৃহৎ দলটোৱে যে প্ৰতিটো নিৰ্বাচনত হাজাৰ হাজাৰ কোটি টকা খৰচ কৰিছে তেন্তে ভৱিষ্যতলৈ তাৰো অনুসন্ধান হ’ব নেকি? সদায় একেটা দলে শাসন কৰি থাকিব বুলি ভবা ধাৰণা ভুল, সেয়ে আজিৰ তাৰিখত বিজেপিয়ে যি পঞ্চতাৰকা সদৃশ দলীয় কাৰ্যালয় নিৰ্মাণ কৰিছে তাৰো পুঁজিৰ উৎসৰ অনুসন্ধান কৰাৰ প্ৰয়োজন আহিব বা দলীয় কৰ্মীক যে মুকলিকৈ বিলাসী গাড়ী বিতৰণ কৰিছে সেই ধনৰ উৎসও দেশৰ জনতাই জানিব বিচাৰিব৷ সেইবোৰ যিয়েই নহওক লাগিলে, ২০২৪ চনত বিজেপিৰ বিকল্প যাতে নোহোৱা কৰিব পৰা যায় তাৰ বাবে ইতিমধ্যে কাম আৰম্ভ হৈ গৈছে৷ কংগ্ৰেছে যিমান ভাৰত জোড়ো অভিযান নচলাওক, এতিয়াও ৰাহুল গান্ধী বিকল্পৰূপে সন্মুখলৈ অহা নাই৷ দিল্লীৰ পাছত পঞ্জাৱত শক্তিশালী চৰকাৰ গঠন কৰি গোৱাত ৰাজনৈতিক খোপনি পোতা কেজৰিৱাল নেতৃত্বাধীন আম আদমি পাৰ্টীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গৃহ ৰাজ্য গুজৰাটত বিজেপিক বাৰুকৈয়ে জ্বলাকলা খুৱালে৷ দিল্লী চৰকাৰৰ পাছত পৌৰ নিগমৰ পৰাও বিজেপি আঁতৰিবলগা হোৱাৰ পাছত এতিয়া লোকসভা নিৰ্বাচনত যদি আপে বিকল্প হিচাপে কেজৰিয়ালক থিয় কৰায় তেন্তে বিজেপিৰ সপোন সপোন হৈয়ে ৰ’ব৷ সেয়ে প্ৰথম সত্যেন্দ্ৰ জৈন আৰু ছিছ’ডিয়াক গ্ৰেপ্তাৰ কৰি কেজৰিয়ালৰ হাত দুখন কটাৰ চেষ্টা কৰিছে৷ সময়েহে ক’ব নৰেন্দ্ৰ মোদী, অমিত শ্বাহৰ এই কৌশলে কিমান কামত দিয়ে৷






