Logo
image

অসমীয়া চিনেমাই এতিয়াও যুঁজিব লাগে

আমাৰ অসম, ৩ মাৰ্চঃ অসমীয়া চলচ্ছিত্ৰ ‘ব্লেক এন হোৱাইট’ আনুষ্ঠানিকভাৱে ৰাজ্যজুৰি ছবিগৃহৰ পৰা প্ৰত্যাহাৰ কৰা হৈছে আৰু ছবিখন এতিয়া অ’টিটি প্লেটফৰ্ম চিএনডি প্লে’ত উপলব্ধ হ’ব৷ বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত এখন সংবাদ মেলত অসমীয়া চলচ্ছিত্ৰৰ জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাই এই কথা সদৰি কৰে৷ তেওঁ লগতে কয় বিগত ৪০ বছৰৰ যুঁজ বাগৰৰ পাছত আমি চলচ্ছিত্ৰ নীতি পালো৷ চৰকাৰে চলচ্ছিত্ৰ নীতি কৰিছে ভাল কথা৷ কিন্তু চলচ্ছিত্ৰ নীতি কাৰ্যকৰী কৰিব লাগে৷ এতিয়াও অসমীয়া চলচ্ছিত্ৰই প্ৰদৰ্শনৰ বাবে উচিত সময় বিচাৰি যুঁজ বাগৰ কৰিবলগীয়া হয়৷ আমি চলচ্ছিত্ৰখনৰ প্ৰদৰ্শনৰ বাবে ভাল সময় কতো পোৱা নাই৷ দিনৰ ১১, দিনৰ ২টা বজাত ছবি চাবলৈ দৰ্শকৰ সময় নাই৷ আমাক এনেকুৱা সময় দিছে ছবিগৃহত যিটো সময়ত দৰ্শকে ছবি চাবলৈ ছবিগৃহলৈ নাযায়৷ চলচ্ছিত্ৰখনৰ প্ৰচাৰ যি ধৰণে হ’ব লাগে তেনেকৈয়ে কৰিছোঁ, আৰু বেলেগ কৈ কৰিব লাগে বুলি নাভাবো৷ বিদ্যালয়, মহাবিদ্যালয়ক বিজ্ঞাপনৰ বাবে ব্যৱহাৰ কৰিব লাগে বুলিও নাভাবো কাৰণ ছাত্ৰ-ছাত্ৰীৰ পঢ়া ক্ষতি হয়৷ এতিয়া পৰীক্ষাৰ সময়৷ বিজ্ঞাপনৰ ক্ষেত্ৰ হিচাপে বিদ্যালয়, মহাবিদ্যালয়ক মই ব্যৱহাৰ কৰিব বিচৰা নাই৷ যি কেইটা ছবিগৃহত আমি বিচৰা ধৰণে প্ৰদৰ্শনীৰ সময় দিছে, তাত আমাৰ ফলাফল ভাল হৈছে৷ কিন্তু ছবিগৃহ কতৃৰ্পক্ষই নিজে দিয়া প্ৰদৰ্শনীত আমাৰ চলচ্ছিত্ৰৰ ফলাফল একেবাৰেই বেয়া৷ ৫০টা ছবিগৃহত এসপ্তাহত সংগ্ৰহ হৈছে মাত্ৰ ৯লাখ টকা৷ চলচ্ছিত্ৰখনৰ বাজেট আছিল ৬০-৬৫ লাখ৷ ভাল প্ৰদৰ্শনীৰ সময় নোপোৱাৰ বাবে ফলাফল বেয়া হ’লে আমাৰ ৰেকৰ্ড বেয়া হৈ যাব৷ আমি বিচৰা প্ৰদৰ্শনীৰ সময়ত ‘ডাঃ বেজবৰুৱা ২’ চলচ্ছিত্ৰখনৰ প্ৰদৰ্শনী চলি আছে৷ এতিয়াৰ পৰা অ’টিটি প্লেটফৰ্ম চি এন ডি প্লেটত আমি ১০০ টকাৰ বিনিময়ত সকলো দৰ্শকলৈ মুকলি কৰি দিম চলচ্ছিত্ৰখন৷ ২৪ ঘণ্টাৰ বাবে দৰ্শকে যিমান বাৰ বিচাৰে সিমানে চলচ্ছিত্ৰখন উপভোগ কৰিব পাৰিব৷ এই সেৱা আজিৰ পৰা উপলব্ধ হ’ব৷ দৰ্শকৰ পৰা উপযুক্ত সঁহাৰি পোৱাৰ পাছতো বহু ছবিগৃহত অনুপযুক্ত প্ৰদৰ্শনীৰ সময়ৰ বাবে এই সিদ্ধান্তৰ ল’বলৈ বাধ্য হৈছোঁ৷ ডাঃ বেজবৰুৱা ছবিগৃহত থকা সময়ৰ বাবে আন ভাল সময় আমাক দিয়া নাই৷ ইতিমধ্যে আমাৰ চলচ্ছিত্ৰখনে দৰ্শকৰ সঁহাৰি লাভ কৰিছিল৷ বহুতে চলচ্ছিত্ৰখনকৈ সুন্দৰ সুন্দৰ মন্তব্যও দিছে৷ প্ৰায়ে সৰু সৰু প্ৰযোজক সকলে এই সমস্যাৰ সন্মুখীন হৈ আহিছে৷ ইয়াৰ আঁৰত কোনোবা তৃতীয় শক্তি জড়িত হৈ থকাৰ সন্দেহ ঘনীভূত হয়৷ চলি বছৰৰ ২৪ ফেব্ৰুৱাৰীত মুক্তি লাভ কৰা আমাৰ চলচ্ছিত্ৰখনে এতিয়া দৰ্শকে ঘৰতে উপভোগ কৰিব পাৰিব৷ তদুপৰি ৰাজ্যত পৰ্যাপ্ত ছবিগৃহৰ অভাৱ এটা ডাঙৰ সমস্যা হৈ পৰিছে৷ চৰকাৰক পুনৰ আহ্বান জনাইছোঁ অসমীয়া চলচ্ছিত্ৰৰ উন্নয়নৰ চিন্তা কৰক, নতুন ছবিগৃহ নিৰ্মাণ কৰক, পুৰণি ছবিগৃহৰ পুনঃ নিৰ্মাণ কৰক৷’ ‘সংবাদমেলত চলচ্ছিত্ৰখনৰ প্ৰযোজক ৰোহিত শৰ্মাই কয়, ‘আমি চলচ্ছিত্ৰখন সকলোৰে বাবে নিজ নিজ সুবিধা অনুসৰি চাব পৰা সুবিধা কৰিছোঁ৷ অসমৰ বাহিৰত থকা ব্যক্তিসকলেও কোনো অসুবিধা নোহোৱাকৈ চলচ্ছিত্ৰখন উপভোগ কৰিব পাৰিব৷ আমি দূৰৱৰ্তী অঞ্চলসমূহত স্থানীয়ভাৱে স্ক্ৰীণিঙৰ পৰিকল্পনা কৰি আছো, এইক্ষেত্ৰত যিকোনো লোকে আমাৰ সৈতে যোগাযোগ কৰিব পাৰে, আমি ইয়াক উপলব্ধ কৰাৰ বাবে যথাসাধ্য চেষ্টা কৰিম৷’