Logo
image

নতুন পদ্ধতিৰ মেট্ৰিক আৰম্ভ, পুৰণি পদ্ধতিৰে চলিল নকল

আমাৰ অসম, ৪ মাৰ্চঃ নতুন শিক্ষানীতিৰ আধাৰত শুকুৰবাৰৰে পৰা ২০২৩ বৰ্ষৰ মেট্ৰিক পৰীক্ষা আৰম্ভ হ’লেও এইবাৰৰ পৰীক্ষাতো নকলৰ পুৰণিকলীয়া পৰম্পৰা অক্ষুণ্ণ থাকিল৷ অৰ্থাৎ নতুন পদ্ধতিয়ে অনুষ্ঠিত কৰা এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত পূৰণি পদ্ধতিয়ে চলিল অসৎ উপায় অৱলম্বন প্ৰক্ৰিয়া৷ কটকটীয়া নিৰাপত্তা, চিচি টিভি, জামাৰ তথা ১৪৪ ধাৰা জাৰি কৰি মেট্ৰিকৰ পৰীক্ষা সুকলমে অনুষ্ঠিত কৰাৰ ব্যৱস্থা লোৱা হৈছিল যদিও পৰীক্ষাৰ প্ৰথম দিনাই বিভিন্ন কেন্দ্ৰত দেখা গ’ল নকলৰ পয়োভৰ৷ পৰীক্ষাৰ্থীয়ে কাপোৰৰ মাজত নকল লুকুৱাই অনাই নহয়, একাংশ পৰীক্ষা কেন্দ্ৰত দেৱাল বগাই বাহিৰৰ পৰাও পৰীক্ষাৰ্থীক নকল যোগান ধৰা দেখা গ’ল৷ উল্লেখ্য, নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত এইবাৰৰ পৰা আৰম্ভ হৈছে মেট্ৰিকৰ পৰীক্ষা৷ ৰাজ্যৰ সৰ্বমুঠ ৮ লাখ ২২ হাজাৰ ১৭৪  জন ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছে মেট্ৰিকত৷ ১,৯৪,০৫৪ জন ছাত্ৰৰ বিপৰীতে সৰ্বাধিক সংখ্যক ২,২৮,১২০ গৰাকী ছাত্ৰী পৰীক্ষাত অৱতীৰ্ণ হৈছে৷ শুকুৰবাৰে পুৱা ৯ বজাৰ পৰা ইংৰাজী বিষয়ৰ পৰীক্ষা হয় যদিও বহুকেইটা পৰীক্ষা কেন্দ্ৰত বাহিৰৰ পৰা বিভিন্ন লোকে পৰীক্ষা কেন্দ্ৰৰ চৌহদত প্ৰৱেশ কৰি নিৰ্দিষ্ট পৰীক্ষাৰ্থীক নকল যোগান ধৰা দেখা যায়৷ 

বিশেষকৈ বৰাকৰ কাছাৰ জিলাৰ কাটিগড়াৰ গণিগ্ৰাম উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰৰ চৌহদ বগাই বহু লোকে নকল যোগান ধৰা ভিডিঅ’ এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে৷ এক কথাত যেন পূৰণিকলীয়া পদ্ধতিৰে এইবাৰ মেট্ৰিকতো ব্যাপক হাৰত নকলৰ ব্যৱহাৰ পৰিলক্ষিত হয়৷ পূৰ্বৰ দৰে ছাত্ৰ-ছাত্ৰীয়ে পেণ্টৰ তলত ভৰিত ৰাবাৰ বান্ধি আৰু জোটা-মোজাৰ ভিতৰতো নকল লুকুৱাই অনা দেখা যায়৷ আনকি একাংশ পৰীক্ষা কেন্দ্ৰৰ নিৰীক্ষকৰ চকুৰ সন্মুখতে ছাত্ৰ-ছাত্ৰীয়ে অসৎ উপায় অৱলম্বন কৰাৰো গুৰুতৰ অভিযোগ উঠিছে৷ ইফালে পৰীক্ষা কেন্দ্ৰসমূহত প্ৰৱেশদ্বাৰত আৰক্ষী আৰু চি আৰ পি এফৰ জোৱানে তালাচী কৰি পৰীক্ষাৰ্থীক কেন্দ্ৰৰ ভিতৰত প্ৰৱেশৰ অনুমতি দিয়ে যদিও নিৰাপত্তাৰক্ষীৰ চকুত ধুলি দি একাংশ পৰীক্ষাৰ্থীয়ে নকল লৈ পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰিবলৈ সক্ষম হয়৷ আনহাতে কোনো কোনো পৰীক্ষাৰ্থীয়ে ক্লিপব’ৰ্ডৰ মাজত নকল লিখি নিয়া বুলিও নিৰীক্ষকৰ দায়িত্বত থকা শিক্ষকে জানিবলৈ দিছে৷ মুঠৰ ওপৰতে অধ্যক্ষ ৰমেন চান্দ জৈনৰ নেতৃত্বাধীন ছেবাই এইবাৰৰ মেট্ৰিক পৰীক্ষাত নকল প্ৰতিৰোধ কৰিব বুলি কৰা দাবী যেন ফুটুকাৰ ফেনলৈ পৰিণতি হ’ল৷ অথচ প্ৰতিটো পৰীক্ষা কেন্দ্ৰত স্থানীয় প্ৰশাসনে ১৪৪ ধাৰা জাৰি কৰি পৰীক্ষা কেন্দ্ৰৰ ১০০ মিটাৰ ব্যাসাৰ্ধত পৰীক্ষাৰ্থীৰ বাহিৰে আন লোকৰ প্ৰৱেশ তথা উপস্থিতিত নিষেধাজ্ঞাও আৰোপ কৰিছিল৷ তদুপৰি ফ্লায়িং স্কোৱাৰ্ডৰো ব্যৱস্থা কৰিছিল যদিও একাংশ কেন্দ্ৰত এতিয়া নকলৰ পয়োভৰ দেখি ছেবাৰ দায়িত্বহীনতাকে যেন পুনৰবাৰ প্ৰতীয়মান কৰিলে৷ লক্ষ্যণীয়ভাৱে, নতুন শিক্ষা নীতি অনুসৰি পূৰ্বৰ পৰীক্ষাৰ প্ৰশ্নকাকতৰ তুলনাত এইবাৰৰ প্ৰশ্নকাকতত বহুকেইটা পৰিৱৰ্তন অনা হৈছে৷ চাৰিটাকৈ মুখ্য বিষয়ত নতুন পৰিৱৰ্তন আনিছে অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ ছেবাই৷ এই ৪টা বিষয়ত আছে দুখনকৈ উত্তৰ বহী৷ পৰিৱৰ্তন অনা বিষয়কেইটা হৈছে গণিত, ইংৰাজী, সাধাৰণ বিজ্ঞান আৰু সমাজ বিজ্ঞান৷ এই চাৰিটা বিষয়ৰ প্ৰশ্ন কাকতত বস্তুনিষ্ঠ প্ৰশ্ন ৫০ শতাংশ আৰু বৰ্ণনামূলক প্ৰশ্ন  ৫০ শতাংশ আছে৷ আনকি বস্তুনিষ্ঠ অৰ্থাৎ অৱজেক্টিভ প্ৰশ্নৰ বাবে সুকীয়া উত্তৰ বহী ব্যৱস্থা কৰিছে ছেবাই৷

কাছাৰৰ গণিৰগ্ৰাম কেন্দ্ৰত নকল যোগান ধৰা যুৱকক গ্ৰেপ্তাৰ
হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰথমদিনাই কাছাৰ জিলাৰ কাটিগৰা সমষ্টিৰ গণিৰগ্ৰাম উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয়৷  পৰীক্ষা কেন্দ্ৰৰ প্ৰৱেশ-দ্বাৰত আৰক্ষীয়ে পৰীক্ষাৰ্থীসকলক নকল আনিব নোৱৰাকৈ তালাচী চলোৱাৰ বিপৰীতে একাংশ যুৱকে কেন্দ্ৰটোৰ দেৱালৰ ওপৰেৰে উঠি পৰীক্ষাৰ্থীসকলক নকল যোগান ধৰা প্ৰত্যক্ষ হয়৷ পাছত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ অতিৰিক্ত আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু পৰীক্ষা কেন্দ্ৰত নকল যোগান ধৰি থকা অৱস্থাত এজন যুৱকক হাতে-লোতে গ্ৰেপ্তাৰ কৰে৷ গ্ৰেপ্তাৰ হোৱা যুৱকজনৰ নাম আছাব উদ্দিন৷  ধৃত যুৱকজন বৰ্তমান কাটিগড়া আৰক্ষীৰ জিম্মাত আছে৷  উল্লেখ্য, শুকুৰবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰথম দিন আছিল৷

বিলাসীপাৰাত অসৎ উপায় অৱলম্বনৰ অভিযোগত পাঁচ পৰীক্ষাৰ্থী বহিষ্কাৰ
সমগ্ৰ ৰাজ্যৰ লগতে বিলাসীপাৰাতো শুকুৰবাৰে হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত হয়৷ প্ৰথমদিনাৰ ইংৰাজী বিষয়ৰ পৰীক্ষাত বহিষ্কাৰ হয় পাঁচজন পৰীক্ষাৰ্থী৷ অসৎ উপায় অৱলম্বন কৰাৰ অভিযোগত বহিষ্কাৰ কৰা হয় পৰীক্ষাৰ্থীকেইজনক৷ বৰকান্দা পিপলছ একাডেমী উচ্ছতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰত বহিষ্কাৰ কৰা হয় ৩জন পৰীক্ষাৰ্থী৷ লক্ষীগঞ্জ উচ্ছতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰত বহিষ্কাৰ হয় এজন পৰীক্ষাৰ্থী আৰু নায়েৰ আলগা উচ্ছতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰত বহিষ্কাৰ হয় এজন পৰীক্ষাৰ্থী৷