Logo
image

ৰাষ্ট্ৰসংঘ তোলপাৰ লগালে স্বসৃষ্ট দেশৰ প্ৰতিনিধি বিজয়াপ্ৰিয়াই

আমাৰ অসম,৪ মাৰ্চ: স্থান ৰাষ্ট্ৰসংঘৰ জেনেভাৰ মুখ্য কাৰ্যালয়৷  ইয়াতে অনুষ্ঠিত হৈছে অৰ্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক অধিকাৰক লৈ এখন আন্তঃৰাষ্ট্ৰীয় সন্মিলন, য’ত ৰাষ্ট্ৰসংঘৰ অধীনস্থ বিভিন্ন দেশৰ প্ৰতিনিধিয়ে ভাগ লৈছে আৰু নিজৰ সপক্ষে ভাষণ প্ৰদান কৰিছে৷ সেই সন্মিলনত এগৰাকী তৰুণীয়ে প্ৰদান কৰা ভাষণে সকলোকে কৌতুহলী কৰি তোলে৷ তৰুণীৰ মূৰৰ চুলিত জটা৷ ‘টেংক টপ’ৰ দৰে এটা ব্লাউজ, উন্মুক্ত বাহমূল৷ সোঁবাহুত এজন ধৰ্মগুৰুৰ মুখাৱয়বৰ টাট্টু৷ ডিঙিত এডাল ৰুদ্ৰাক্ষৰ মালাৰ লগত ওজনদাৰ সোণৰ অলংকাৰ৷ পৰিধানত গেৰুৱা ৰঙৰ শাৰী৷ তেওঁ অনৰ্গল ইংৰাজীত য’তি নপৰাকৈ বক্তৃতা প্ৰদান কৰিছে আৰু উপস্থিত সকলোৱে কৌতুহলী হৈ শুনিছে৷ কোননো এই সুন্দৰী তৰুণী? বেশভূষা আৰু বক্তব্যৰ দিশৰ পৰা স্বাভাৱিকতেই এই তৰুণী কৌতুহল উদ্দীপক৷ তেওঁ সুন্দৰীও৷ সেয়ে স্বাভাৱিকতে আকৰ্ষণীয় তেওঁৰ ভাবভংগী৷ সেয়া যোৱা ২৪ ফেব্ৰুৱাৰীৰ ঘটনা৷ ৰাষ্ট্ৰসংঘৰ জেনেভাস্থিত মুখ্য কাৰ্যালয়ৰ এই আন্তঃৰাষ্ট্ৰীয় সন্মিলনখনৰ বিভিন্ন প্ৰতিনিধিৰ ফটোৰ লগতে এই সুন্দৰী তৰুণীৰ ফটোও প্ৰকাশ পোৱাৰ পাছত সৃষ্টি হোৱা কৌতুহলৰ অৱসান ঘটালে ‘ইউনাইটেড ষ্টেটছ অব কৈলাশ’ নামৰ নৱগঠিত বুলি দাবী কৰা দেশখনৰ টুইটাৰ একাউণ্টে৷ সেই একাউণ্টৰ দাবী অনুসৰি সুন্দৰীৰ নাম বিজয়াপ্ৰিয়া নিত্যানন্দ৷ তেওঁ কৈলাশ নামৰ নতুন দেশখনৰ ৰাষ্ট্ৰসংঘৰ স্থায়ী প্ৰতিনিধি৷ পিছে এই কৈলাশ নামৰ দেশখন ক’ত আৰু কোনে প্ৰতিষ্ঠা কৰিলে সেই লৈ অনুসন্ধান আগবাঢ়োতেই ওলাল আন এক কলংকিত অধ্যায়৷ সেই অধ্যায়ৰ খলনায়ক হৈছে নিত্যানন্দ নামৰ এজন ভাৰতীয় স্বঘোষিত ধৰ্মগুৰু৷ যিজন ধৰ্মগুৰুৱে সুন্দৰী ভক্তক ধৰ্ষণ কৰাৰ গোচৰত জড়িত হৈ ২০১৮ চনত ভাৰত এৰি পলায়ন কৰিছিল আৰু কৈলাশ নামৰ এখন দেশ প্ৰতিষ্ঠা কৰা বুলি তেতিয়াই দাবী কৰিছিল৷ নিত্যানন্দ নামৰ সেই ধৰ্মগুৰুজনৰ সৈতে দক্ষিণৰ সুন্দৰী অভিনেত্ৰী ৰঞ্জিতাৰ বেডৰুমৰ ভিডিঅ’ চেন্নাইৰ ‘দ্য ছান’ টিভিয়ে সম্প্ৰচাৰ কৰোতে দেশজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছিল৷ দক্ষিণৰ সুন্দৰী আৰু গ্লেমাৰাছ অভিনেত্ৰী স্বল্পবসনা ৰঞ্জিতাৰ সৈতে শৰীৰত প্ৰায় কাপোৰ নোহোৱাকৈ অন্তৰংগ অৱস্থাত থকা সাধু নিত্যানন্দৰ ভিডিঅ’ই ৰসৰ খোৰাকো যোগাইছিল৷ পিছে দেশ এৰি পলায়ন কৰা সেই সাধু নিত্যানন্দই সঁচাকৈয়ে যে তেওঁ দাবী কৰাৰ দৰে ইউনাইটেড ষ্টেটছ অৱ কৈলাশ নামৰ এখন দেশ প্ৰতিষ্ঠা কৰিছে সেয়া বিজয়াপ্ৰিয়াৰ ৰাষ্ট্ৰসংঘত প্ৰতিনিধিত্ব কৰাৰ ফটো আৰু ভাষণৰ ভিডিঅ’ প্ৰকাশ নোহোৱালৈকে অনেকেই বিশ্বাস কৰিব পৰা নাছিল৷ 

কৈলাশ ৰাষ্ট্ৰৰ চৰকাৰী টুইটাৰ একাউণ্টত বিজয়াপ্ৰিয়াৰ ৰাষ্ট্ৰসংঘত দিয়া ভাষণ প্ৰচাৰ হোৱাৰ পাছতে বিভিন্ন ঠাইত, ঘাইকৈ ভাৰতত তোলপাৰৰ সৃষ্টি হৈছে৷ সেই টুইটাৰ একাউণ্টত জনোৱা হৈছে বিজয়াপ্ৰিয়া নিত্যানন্দ কৈলাশ ৰাষ্ট্ৰৰ ৰাষ্ট্ৰসংঘৰ স্থায়ী প্ৰতিনিধি৷ ৰাষ্ট্ৰসংঘত অনুষ্ঠিত উক্ত সন্মিলনত তেওঁ কৈলাশ নামৰ নতুন দেশখনক প্ৰতিনিধিত্ব কৰিছিল৷ তেওঁৰ সৈতে আৰু পাঁচগৰাকী কৈলাশ দেশৰ প্ৰতিনিধিয়ে সেই সন্মিলনত ভাগ লৈছিল৷ তেওঁলোক হৈছে ছেইণ্ট লুইছৰ কৈলাশৰ মুখ্য প্ৰতিনিধি সোনা কামাথ, ফ্ৰান্সৰ মুখ্য প্ৰতিনিধি নিত্যা ভেংকটসানন্দা, ব্ৰিটেইনৰ মুখ্য প্ৰতিনিধি আত্মাদায়কী, শ্ল’ভেনিয়াৰ কৈলাশৰ মুখ্য প্ৰতিনিধি মা প্ৰিয়ম্পৰা নিত্যানন্দ৷ তেওঁলোকে দেশখনৰ মুৰব্বী ভাৰতৰ পৰা পলাতক নিত্যানন্দৰ এখন ‘কাটআউট’ লৈ ৰাষ্ট্ৰসংঘৰ সন্মিলনত কৈলাশক প্ৰতিনিধিত্ব কৰা বুলি টুইটাৰত কোৱা হৈছে৷ টুইটাৰত ৰাষ্ট্ৰসংঘত বিজয়াপ্ৰিয়াই প্ৰদান কৰা ভাষণো সংলগ্ন  কৰা হৈছে৷ সেই ভাষণত বিজয়াপ্ৰিয়াই দাবী কৰিছে নিত্যানন্দই ইতিমধ্যে কৈলাশ নামৰ এখন হিন্দু ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰিছে৷ সকলো হিন্দুৰ বসবাসৰ বাবে সেই ৰাষ্ট্ৰৰ দুৱাৰ খোলা৷ কৈলাশ ৰাষ্ট˜ই ভাৰতক যথাযোগ্য সন্মান আৰু শ্ৰদ্ধা কৰে৷ একাংশ হিন্দু বিৰোধীৰ উৎপাতত গুৰু নিত্যানন্দই ভাৰত এৰি আঁতৰি যাবলগীয়া হৈছে৷ ৰাষ্ট্ৰসংঘত দিয়া ভাষণত বিজয়াপ্ৰিয়াই সেই হিন্দু বিৰোধীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ ভাৰতক আহ্বান জনায়৷
 
বিজয়াপ্ৰিয়া সন্দৰ্ভত প্ৰকাশিত তথ্য অনুসৰি তেওঁ কৈলাশ ৰাষ্ট্ৰৰ ৰাষ্ট্ৰসংঘৰ স্থায়ী প্ৰতিনিধি হ’লেও আমেৰিকাৰ বাসিন্দা৷ তেওঁ কানাডাৰ মানিট’বা বিশ্ববিদ্যালয়ৰ পৰা ২০১৪ চনত মাইক্ৰ’বায়লজীৰ ডিগ্ৰী লৈছিল৷ তেওঁ ইংৰাজী, ফৰাচী, ক্ৰেওল, পিডজিনছ ভাষা সলসলীয়াকৈ ক’ব পাৰে৷ বিজয়াপ্ৰিয়াই কৈলাশ ৰাষ্ট্ৰৰ কূটনীতিবিদৰ গুৰু দায়িত্ব বহন কৰে৷ উল্লেখ্য কৈলাশ নামৰ এই ৰাষ্ট্ৰখন ইকুৱেডৰৰ পৰা কিনি লোৱা এটা সৰু দ্বীপ৷ এগৰাকী মাৰ্কিন সুন্দৰীক বলাৎকাৰ কৰা আৰু চেন্নাইৰ এটা পৰিয়ালৰ দুগৰাকী কিশোৰীক অপহৰণ কৰি বলাৎকাৰ কৰাৰ গোচৰত জড়িত হৈ পৰিছিল স্বামী নিত্যানন্দ নামৰ স্বঘোষিত ধৰ্মগুৰুজন৷ বিশ্বৰ বিভিন্ন স্থানত শাখা থকা আৰু অসংখ্য অনুগামী তথা ভক্ত থকা নিত্যানন্দৰ মূল আশ্ৰম আছিল তামিলনাডুৰ টিৰুভান্নামালাইত৷ অভিনেত্ৰী ৰঞ্জিতাৰ সৈতে ঘনিষ্ঠ মুহূৰ্তৰ ভিডিঅ’ই ধৰ্মগুৰুৰ মহিমা কমোৱাৰ পাছতে ধৰ্ষণৰ গোচৰত গ্ৰেপ্তাৰ নিশ্চিত হোৱাত নিত্যানন্দই ইকুৱেডৰৰ উক্ত দ্বীপটোলৈ গোপনে পলায়ন কৰে৷ সম্ভৱতঃ বহু ধনৰ গৰাকী নিত্যানন্দই  আগতীয়াকৈ এই দ্বীপ ক্ৰয় কৰি ৰাখিছিল৷ ভাৰতৰ পৰা পলায়ন কৰি তেওঁ সেই দ্বীপত আশ্ৰয় লয় আৰু দ্বীপটোক কৈলাশ ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰে৷ পৰৱৰ্তী সময়ত তেওঁ ৰিজাৰ্ভ বেংক স্থাপন কৰি কৈলাশত মুদ্ৰাও প্ৰচলন কৰে৷ সেই কৈলাশৰ পৰাই ৰাষ্ট্ৰসংঘলৈ প্ৰতিনিধি যোৱাত স্বাভাৱিকতে  আলোড়নৰ সৃষ্টি হৈছে৷ কিয়নো সকলো প্ৰতিনিধিয়ে ৰাষ্ট্ৰসংঘৰ সন্মিলনত তেওঁলোকে কৈলাশ নামৰ দেশখনক প্ৰতিনিধিত্ব কৰা বুলি বক্তব্য উপস্থাপন কৰিছিল৷ পিছে ৰাষ্ট্ৰসংঘই জনোৱা অনুসৰি তেওঁলোকে কৈলাশ নামৰ কোনো ৰাষ্ট্ৰক স্বীকৃতি দিয়া নাই৷ যি কেইগৰাকী প্ৰতিনিধিয়ে উক্ত সন্মিলনত ভাগ লৈছিল তেওঁলোকে এটা এনজিঅ’কহে প্ৰতিনিধিত্ব কৰিছিল৷ ৰাষ্ট্ৰসংঘত প্ৰদান কৰা তেওঁলোকৰ বক্তৃতাৰ চূড়ান্ত খচৰাত সেই বক্তব্য নাথাকে৷