এইবোৰ উপায়েৰে কাহৰ পৰা সহজে সকাহ পাব পৰা যায়
বতৰৰ পৰিৱৰ্তনকে ধৰি বিভিন্ন কাৰণত বহুতৰে চৰ্দি-কাহ হয়৷ কেতিয়াবা বেক্টেৰিয়েল বা ভাইৰেল ইনফেকচন, এলাৰ্জি বা ছাইনাচ, অথবা অত্যধিক ঠাণ্ডা লাগিলে চৰ্দি-কাহ হয়৷ অত্যধিক কাহে সকলোকে অস্বস্তিত পেলায়৷ চৰ্দি-কাহ হ’লে বহুতে অৱহেলা কৰে৷ কিন্তু চৰ্দি-কাহত আক্ৰান্ত হোৱাৰ লগে লগে চিকিৎসকৰ কাষ চপা উচিত৷ কাৰণ কাহ-চৰ্দি পুৰণা হ’লে ইয়াৰ পৰা ইনফেকচন বিয়পি পৰে৷ অৱশ্যে চিকিৎসাৰ লগতে কেইটামান ঘৰুৱা উপায়েৰে কাহৰ পৰা সহজে সকাহ পাব পৰা যায়৷ উল্লেখ কৰা হ’ল কাহৰ পৰা সহজে পৰিত্ৰাণ পোৱাৰ কেইটামান ঘৰুৱা উপায়–
-কাহ সম্পূৰ্ণ ভাল নোহোৱালৈকে মাস্ক পিন্ধা কৰক৷ যদি ৰোগীৰ এজ্মা বা হাওঁফাওঁজনিত সমস্যা থাকে তেন্তে চিকিৎসকৰ পৰামৰ্শ লোৱাত মুঠেই অৱহেলা নকৰিব৷
-এনেকুৱা খাদ্য নাখাব, যিবোৰ খাদ্যই পেটত গেছ বা এচিডিটিৰ সৃষ্টি কৰে৷ গেছ-এচিডিটিয়ে কাহ বঢ়ায়৷ বিশেষকৈ ৰাতি তেল-মছলাযুক্ত খাদ্যৰ পৰা আঁতৰি থাকক৷ এলাৰ্জি হ’ব পৰা খাদ্যও নাখাব৷
-প্ৰচুৰ পানী আৰু ছুপৰ দৰে কুহুমীয়া গৰম আৰু তৰল খাদ্য খাওক৷ এনে খাদ্যই শ্লেষ্মা পাতল কৰে আৰু ইয়াক দেহৰ পৰা উলিয়াই দিয়াত সহায় কৰে৷ বহুতে কাহ হ’লে আদা, হালধি, তেজপাত, জালুকগুটি, মেথি আদি ভালদৰে ভাজি লৈ গুৰি কৰি চাহ বনাই খায়৷ এই চাহে শ্লেষ্মা আঁতৰোৱাত সহায় কৰে৷ তদুপৰি শৰীৰৰ আদ্ৰৰ্তা বজাই ৰখাৰ চেষ্টা কৰিব৷
-গৰমপানীৰ সৈতে মৌ আৰু নেমুৰ ৰস মিহলাই খালেও সকাহ পোৱা যায়৷
-কাহ নকমিলে বাৰে বাৰে গৰমপানীৰ ভাপ লোৱা কৰক৷
- ধূলি-বালি আৰু ধোঁৱাৰ পৰা আঁতৰত থাকক৷ ঘৰখন সেমেকা হৈ থাকিলে কাহ বাঢ়ে৷ সেয়ে ঘৰ পৰাপক্ষত শুকান কৰি ৰখাৰ চেষ্টা কৰক৷ সুগন্ধি ফুল, পাৰফিউম আদিৰ পৰাও আঁতৰত থকাটো ভাল৷