Logo
image

হৃদৰোগত আক্ৰান্ত সুস্মিতা সেন

মুম্বাই, ৪ মাৰ্চ: সুস্মিতা সেনৰ অনুৰাগীসকলৰ বাবে বেয়া খবৰ৷ প্ৰাক্তন বিশ্বসুন্দৰী গৰাকী হৃদৰোগত আক্ৰান্ত হৈছে৷ ফলত চিকিৎসকে তেওঁৰ এনজিঅ’প্লাষ্টি কৰি হৃদযন্ত্ৰত ষ্টেণ্ট স্থাপন কৰিব লগা হৈছে৷ অভিনেত্ৰী তথা প্ৰাক্তন বিশ্ব সুন্দৰীগৰাকীয়ে টুইটযোগে এই কথা সদৰী কৰিছে৷ উল্লেখ্য যে শেহতীয়াকৈ হৃদৰোগ বা হাৰ্টএটেক হোৱাৰ ঘটনা ব্যাপক হাৰত বৃদ্ধি পোৱা দেখা গৈছে৷ ১৮ বছৰেই হওক বা ৮০ বছৰেই হওক যিকোনো সময়ত যিকোনো বয়সৰ লোক হৃদৰোগ অথবা হাৰ্টএটেকৰ দৰে গুৰুতৰ সমস্যাত পৰিবলগা হ’ব পাৰে৷ যাৰ বাবে সুস্মিতা সেনে ৪৭ বছৰ বয়সতো নিতৌ শৰীৰ চৰ্চা কৰিছিল৷ কিন্তু নিজকে ফিট ৰাখিবলৈ অহৰহ চেষ্টা কৰি থকাৰ মাজতে তেওঁ হৃদৰোগত আক্ৰান্ত হয়৷ অনুৰাগীসকলে প্ৰিয় অভিনেত্ৰী তথা প্ৰাক্তন বিশ্ব সুন্দৰীগৰাকীৰ দ্ৰুত আৰোগ্য কামনা কৰিছে৷