উক্তি-বক্ৰোক্তি
▪️উত্তৰ-পূৰ্বাঞ্চলৰ ৰাইজে আমাক মৰম দিছে, আমি প্ৰতিদান দিম৷
– নৰেন্দ্ৰ মোদী
▪️সৰু সৰু ৰাজ্যৰ নিৰ্বাচনত হোৱা পৰাজয়ে লোকসভা নিৰ্বাচনত প্ৰভাৱ নেপেলায়৷
– মল্লিকাজুৰ্ন খৰ্গে
▪️উত্তৰ-পূৰ্বাঞ্চলৰ তিনিখন ৰাজ্যৰ নিৰ্বাচনত কংগ্ৰেছৰ বেয়া ফলাফলৰ বাবে দলৰ স্থানীয় নেতৃবৰ্গ দায়বদ্ধ৷
– জয়ৰাম ৰমেশ
▪️মেঘালয় আৰু মেঘালয়ৰ ৰাইজৰ বৃহত্তৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখিহে আমি ৰাজনীতি কৰোঁ, সিদ্ধান্ত লওঁ৷
– কনৰাড চাংমা
▪️ভাৰতত এতিয়া গণতন্ত্ৰ বিপন্ন হৈছে৷
– ৰাহুল গান্ধী
▪️লোকসভা নিৰ্বাচনত তৃণমূল কংগ্ৰেছে অকলশৰীয়াকৈ যুঁজ দিব৷
– মমতা বেনাৰ্জী
▪️বেদখলকাৰীৰ প্ৰতি আমাৰ চৰকাৰৰ কোনো মায়া—মোহ নাই৷ চৰকাৰী মাটিত মোৰ ঘৰ থাকিলেও উচ্ছেদ হ’ব৷
– হিমন্ত বিশ্ব শৰ্মা
▪️উচ্ছতৰ মাধ্যমিকৰ ৰসায়ন বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগ অসত্য, ভিত্তিহীন৷
– ডাঃ ৰণোজ পেগু
▪️পৃথক কমতাপুৰ ৰাজ্য গঠনৰ বিৰোধিতা কৰা বাবে জুবিন গাৰ্গক বঙাইগাঁও জিলাত নিষিদ্ধ ঘোষণা কৰা হৈছে৷
– আক্ৰাছু
▪️তিনি ৰাজ্যত আঞ্চলিক দলৰ বিজয়ক নিজৰ দলৰ বিজয় বুলি কৈ ৰাইজক আঁভুৱা-ভাৰিব খুজিছে বিজেপিয়ে৷
– অসম জাতীয় পৰিষদ






