Logo
image

বিল গেট্‌ছে শলাগ ল’লে ড॰ লক্ষ্মীপ্ৰিয়াৰ : ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন, অসমৰ কাম-কাজক উচ্ছ প্ৰশংসা

আমাৰ অসম, ৫ মাৰ্চঃ ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন, অসমৰ মিছন সঞ্চালক ড॰ লক্ষ্মীপ্ৰিয়া বিল গেটছৰ দ্বাৰা প্ৰশংসিত হৈছে৷ শিশু আৰু  মহিলাৰ স্বাস্থ্য সজাগতাৰ ক্ষেত্ৰত ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়াগৰাকীয়ে গ্ৰহণ কৰা পদক্ষেপৰ বাবে বিল গেটছে তেওঁক প্ৰশংসাৰে ওপচাই পেলায়৷ এই বিষয়ে বিল এণ্ড মেলিন্দা গেটছ ফাউণ্ডেশ্বনৰ সহযোগী প্ৰতিষ্ঠাপক বিল গেটছে এক টুইটো কৰে৷ উল্লেখ্য, নতুন দিল্লীত অৱেৰয় হোটেলত বৃহস্পতিবাৰে কেন্দ্ৰীয় চৰকাৰৰ মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰণালয়ে এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছিল৷ উক্ত অনুষ্ঠানত বিল গেটছৰ সৈতে মত-বিনিময় কৰাৰ বাবে নিমন্ত্ৰিত হৈছিল ড॰ লক্ষ্মীপ্ৰিয়া৷ অনুষ্ঠানটোত কেন্দ্ৰীয় মন্ত্ৰী জুবিন স্মৃতি ইৰানীও উপস্থিত থাকে৷ স্মৰ্তব্য যে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা আয়োজিত অনুষ্ঠানটোত ভাৰতীয় প্ৰশাসনিক বিষয়া হিচাপে একমাত্ৰ ড॰ লক্ষ্মীপ্ৰিয়াকে আমন্ত্ৰণ জনোৱা হৈছিল৷