Logo
image

জ্যেষ্ঠ ভিডিঅ' সাংবাদিক পূৰ্ণানন্দ শৰ্মাৰ অকাল বিয়োগ

ডিজিটেল সংবাদ, গুৱাহাটীঃ ৰাজ্যৰ সংবাদ জগতৰ জ্যেষ্ঠ ভিডিঅ' সাংবাদিক পূৰ্ণানন্দ শৰ্মা (ধনমণি)ৰ অকাল বিয়োগ ঘটে। দেওবাৰে দিনৰ ১১:৩০ বজাত নাৰায়ণা হৃদয়ালত চিকিৎসাধীন অৱস্থাত তেওঁ শেষ নিশ্বাস কৰে। পুৰণিগুদামত জন্মগ্ৰহণ কৰা শর্মাৰ মৃত্যুৰ সময়ত বয়স আছিল ৫১ বছৰ। তেওঁ দীর্ঘদিন ধৰি যকৃতৰ সমস্যাত ভুগি আছিল। ছেটেলাইট চেনেল নিউজ লাইভৰ সৈতে জন্মলগ্নৰে পৰা জড়িত জ্যেষ্ঠ ভিডিঅ' সাংবাদিকজনে নিউজ লাইভৰ পূৰ্বে ইউ বি ফটোজ, 'আমাৰ অসম'ৰ সৈতে জড়িত আছিল।

তেওঁৰ নশ্বৰ দেহ হাস্পতালৰ পৰা বাসগৃহলৈ তাৰপাছত নিউজ লাইভৰ কাৰ্যালয়লৈ নি শেষ শ্ৰদ্ধা জনোৱা হয়। কাৰ্যালয়ৰ পৰা তেওঁৰ নশ্বৰ দেহ গুৱাহাটী প্ৰেছ ক্লাৱলৈ নি শেষ শ্রদ্ধা জনোৱা হয়। নৱগ্ৰহ শ্মশানলৈ তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়। তেওঁৰ পত্নী মৌচুমী ভৰালীয়ে মুখাগ্নী কৰে।

তেওঁৰ মৃত্যুত সংবাদ জগতত শোকৰ ছাঁ পৰিছে। তেওঁৰ অকাল বিয়োগত গুৱাহাটী প্ৰেছ ক্লাবৰ ফালৰ পৰাও শোক প্ৰকাশ কৰে। লগতে শৰ্মাৰ মৃত্যুত অসম ফটো সাংবাদিক সন্থাই গভীৰ শোক প্ৰকাশ কৰিছে। এক শোকবাৰ্তাত সন্থাৰ সভাপতি চিন্ময় ৰয় আৰু সম্পাদক ৰেব কুমাৰ বৰাই কয়-বিশিষ্ট ফটো সাংবাদিক ধনমণি শৰ্মাৰ মৃত্যু অসমৰ ফটো সাংবাদিক জগতৰ বাবে অপূৰণীয় ক্ষতি। তেওঁ দীৰ্ঘদিন ধৰি অসম ফটো সাংবাদিক সন্থাৰ সৈতে জড়িত আছিল। তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰিলোঁ।'