Logo
image

দিছপুৰ প্ৰেছ ক্লাবত ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰৰ ১০ গৰাকী ব্যক্তিক কৃষক শ্রমিক উন্নয়ন পৰিষদৰ বঁটা প্ৰদান

ডিজিটেল সংবাদ, গুৱাহাটীঃ গুৱাহাটীৰ দিশপুৰ প্ৰেছ ক্লাবত দেওবাৰে কৃষক শ্রমিক উন্নয়ন পৰিষদ অসমৰ উদ্যোগত অনুষ্ঠিত হয় এক বঁটা প্রদান অনুষ্ঠান। সংগঠনটোৱে বিগত বৰ্ষৰ দৰে এই বৰ্ষটো ৰাজ্যৰ ভিন্ন ক্ষেত্ৰৰ ১০ গৰাকীকৈ ব্যক্তিক প্ৰদান কৰে ২০২২বৰ্ষৰ বিভিন্ন শিতানৰ বঁটা। অনুষ্ঠানত সাহিত্যিক, গল্পকাৰ, সমাজকর্মী যতীন্দ্র নাথ ডেকা, কুমুদ ভূঞা, ৰমেন দাসক প্ৰদান কৰে প্ৰয়াত সমাজকৰ্মী ইন্দ্ৰৰ চন্দ গোৱেল সোঁৱৰণি ২০২২ বৰ্ষৰ উৎকৃষ্ট সমাজ সেৱাৰ বঁটা। 

ইয়াৰ সমান্তৰালকৈ অসমৰ সংবাদ জগতলৈ অতি সাহসিকতাৰে তথা নিৰ্ভীক, নিৰপেক্ষভাৱে সেৱা আগবঢ়াই অহা ক্ৰমে নগাওঁ জিলাৰ জ্যেষ্ঠ সাংবাদিক হৰেশ্বৰ বৰা (আছাম ট্ৰিবিউন), বীৰেণ বৰা (প্ৰতিদিন টাইম), গুৱাহাটীস্থ সাংবাদিক ৰঞ্জিত পাটগিৰি (অসমীয়া প্ৰতিদিন), অনুপমা ডেকা (আমাৰ অসম), ভাস্কৰজ্যোতি শৰ্মা (প্ৰাগ নিউজ), বসন্ত দাস (গণ অধিকাৰ) লৈ গবঢ়াই ২০২২ বৰ্ষৰ সংবাদ প্ৰহৰী বঁটা। 

লগতে ২০২২ বৰ্ষৰ শ্ৰেষ্ঠ বাতৰি প্ৰেৰকৰ বঁটা প্ৰদান কৰা হয় দিছপুৰ প্ৰেছ ক্লাবৰ পংকজ কলিতাক। এই অনুষ্ঠানত আমন্ত্রিত অতিথি হিচাপে উপস্থিত থাকে সমাজকর্মী অশোক গোৱেল, শিক্ষাবিদ অনন্ত হাজৰিকা, সমাজকর্মী তথা অৱসৰপ্ৰাপ্ত অভিযন্তা সুনীল কুমাৰ বৰা লগতে উপস্থিত থাকে আমছুৰ গুৱাহাটী মহানগৰ সমিতিৰ সভাপতি ইমৰান আহমেদ। বঁটা প্ৰদান অনুষ্ঠানটো পৰিচালনা কৰে সভাপতি মুকুল বৰা, সাধাৰণ সম্পাদক উৎপল বৰুৱা, সাংস্কৃতিক সম্পাদক বন্দনা দাসৰ লগতে পৰিষদৰ অন্যান্য বিষয় ববীয়া।