Logo
image

ছানৰাইজৰ উদ্যোগত নাৰী দিৱসঃ ১০ গৰাকী মহিলাক 'ছানৰাইজ ব'ছ লেডী অৱ আছাম' উপাধি প্ৰদান

ডিজিটেল সংবাদ, গুৱাহাটীঃ ছানৰাইছ পিউৰৰ উদ্যোগত ৰেড এফ এম আৰু অসম ষ্টাৰ্টআপৰ সহযোগত উদযাপন কৰা হয় আন্তৰ্জাতিক নাৰী দিৱস। নাৰী দিৱসৰ লগত সংগতি ৰাখি ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়োৱা ১০ গৰাকী মহিলাক 'ছানৰাইজ ব'ছ লেডী অৱ আছাম' উপাধি প্ৰদান কৰে।

আইটিচি ছানৰাইছ মচলা গ্ৰাহকসকলৰ মাজত ইয়াৰ গুণগত মানদণ্ডৰ বাবে সুপৰিচিত আৰু ইয়াৰ উদ্ভাৱনী সামগ্ৰীৰ জৰিয়তে মহিলাসকলক সদায় সুবিধা প্ৰদান কৰি আহিছে।  ইতিমধ্যে প্ৰতিটো অনুষ্ঠানতে সহযোগিতা আগবঢ়াই ছানৰাইছে অসমবাসীৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে। এইবাৰ ৰেড এফএমৰ সহযোগত আই টি চি ছানৰাইজ পিউৰে আন্তৰ্জাতিক মহিলা দিৱস উপলক্ষে অসমৰ নাৰী শক্তিক আগুৱাই নিয়াত সহায় কৰে। যিসকলে নিজৰ শক্তিৰ বলত সমাজত এক স্থান দখল কৰিবলৈ সক্ষম হৈছে সেই মহিলা উদ্যোগীসকলক লৈ ব্ৰেণ্ডটোৱে নাৰী দিৱস উদযাপন কৰে। 

এই বছৰ আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে ছানৰাইছ পিউৰে ৰেড এফএম ৯৩.৫ আৰু অসম ষ্টাৰ্টআপৰ সহযোগত শিক্ষা ক্ষেত্ৰত দয়াদীপ চেতিয়া, কৃষি ক্ষেত্ৰত ৰুণা ৰফিক, সেউজ প্ৰযুক্তি ক্ষেত্ৰত ডায়েল পোদ্দাৰ, হস্ততাঁত আৰু হস্তশিল্পৰ ক্ষেত্ৰত নন্দিনী চৌধুৰী, উদ্ভাবনীৰ ক্ষেত্ৰত ডঃ গীতিমা ডেকা, প্ৰযুক্তি শাখাত কবিতা বাৰ্মা, খাদ্য শাখাত দীপালি ভট্টাচাৰ্য, খাদ্য পৰ্যটন শাখাত মিতালি জি দত্ত, স্বাস্থ্য শাখাত ড০ স্বগতা বৈশ্য আৰু চাহৰ ক্ষেত্ৰত ৰাখী দত্ত শইকীয়াৰ অৱদানৰ বাবে এই সন্মান প্ৰদান কৰে। বিশিষ্ট মহিলাসকলক ট্ৰফী আৰু প্ৰমাণপত্ৰ প্ৰদান কৰা হয়।অনুষ্ঠানটোত মুখ্যমন্ত্ৰীৰ বিশেষ নিৰীক্ষণ শাখাৰ আৰক্ষী অধীক্ষক ৰোজি কলিতা,ভাৰতীয় ষ্টেট বেংকৰ জেনেৰেল মেনেজাৰ সুৰঞ্জনা দত্ত, এন ই এছ এফ বিৰ পৰিচালন সঞ্চালক ৰূপালী কলিতা, নেমকেয়াৰ হাস্পতালৰ ড০ নবনিতা বৰুৱাৰ, প্ৰতিদিন মিডিয়া গ্রুপৰ সঞ্চালক স্মিতাক্ষী বি গোস্বামীৰ লগতে বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।