Logo
image

গুৱাহাটীত ৰাজআতিথ্য পোৱা সিন্দেৰ বিধায়কে অসমকেই কৰিলে অপমান

আমাৰ অসম, ৬ মাৰ্চঃ ‘অসমৰ মানুহে কুকুৰৰ মাংস খায়৷ মহাৰাষ্ট্ৰত কুকুৰৰ জনসংখ্যা নিয়ন্ত্ৰণ কৰিবলৈ পথৰ কুকুৰবোৰ অসমলৈ পঠিয়াই দিয়ক৷ অসমত কুকুৰৰ মাংসৰ চাহিদা আছে৷’– গুৱাহাটীত দীৰ্ঘদিন ধৰি ৰাজআতিথ্য লৈ শাসনলৈ অহা মহাৰাষ্ট্ৰৰ সিন্দে চৰকাৰৰ এজন শাসকীয় বিধায়কৰ মুখত অসম আৰু অসমীয়াৰ প্ৰতি এই চৰম অপমানজনক মন্তব্য শুনা গ’ল৷ মহাৰাষ্ট্ৰৰ দায়িত্বশীল জনপ্ৰতিনিধিজনে কোনো দলীয় বৈঠক বা ব্যক্তিগত আড্ডাত নহয়, অসম আৰু অসমীয়াৰ সন্দৰ্ভত এই  শ্লেষাত্মক মন্তব্য কৰিছে ৰাজ্যখনৰ বিধান সভাৰ পৱিত্ৰ সদনত৷ মহাৰাষ্ট্ৰ তথা মুম্বাইত পথত গৰাকীবিহীন কুকুৰৰ সংখ্যা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিততে সমাধানৰ বিধান দিবলৈ গৈ মিত্ৰজোঁটৰ চৰকাৰৰ অংশীদাৰী দল প্ৰহৰ জনশক্তি পাৰ্টীৰ বিধায়ক বাচ্ছু কাডুৱে অসমীয়া মানুহৰ খাদ্যাভাসক লৈ উক্ত অপমানসূচক মন্তব্য কৰে৷ 

বিধায়কজনে প্ৰথম অৱস্থাত মহাৰাষ্ট্ৰৰ এখন চহৰৰ পথৰ গৰাকীবিহীন কুকুৰবোৰক পৰীক্ষামূলকভাৱে অসমলৈ বিক্ৰীৰ  বাবে পঠাই দিবলৈও বিধানসভাত প্ৰস্তাৱ দিয়ে৷ উল্লেখ্য, বিগত বৰ্ষত মহাৰাষ্ট্ৰৰ ৰাজনৈতিক সংকটৰ সময়ত বিজেপিৰে বুজাবুজি কৰি শিৱসেনাৰ বিসম্বাদী নেতা একনাথ সিন্দেৰ নেতৃত্বত এটা দলে গুৱাহাটীৰ ৰেডিশ্বন ব্লু হোটেলত বাহৰ পাতিছিল৷ সম্পূৰ্ণ ৰাজনৈতিক আতিথ্যৰে মহাৰাষ্ট্ৰৰ উদ্ধৱ থাক্কৰে চৰকাৰ ভংগ কৰাৰ লক্ষ্যৰে গুৱাহাটীত বাহৰ পতা বিসম্বাদী বিধায়কৰ দলটোত চামিল হৈছিল প্ৰহৰ জনশক্তি পাৰ্টীৰ বিধায়ক বাচ্ছু কাডু৷ বিধায়ক বাচ্ছু কাডুৱে ৰেডিশ্বনত বাহৰ পাতি অসমীয়া খাদ্যৰ জুতি লোৱাৰ লগতে গুৱাহাটী ভ্ৰমণ কৰি কামাখ্যা মন্দিৰো দৰ্শন কৰিছিল৷ কিন্তু গুৱাহাটীৰ পৰা ঘূৰি গৈ বিসম্বাদী বিধায়কসকলে একনাথ সিন্দেৰ নেতৃত্বত মহাৰাষ্ট্ৰত বিজেপি মিত্ৰজোঁটৰ চৰকাৰ গঠন  কৰিছিল৷ অসমতে থাকি খাই-বৈ মহাৰাষ্ট্ৰৰ শাসনভাৰ নিজৰ হাতলৈ অনা একনাথ সিন্দে চৰকাৰৰ এজন শাসকীয় বিধায়কে খোদ এইবাৰ খোদ বিধানসভাৰ মজিয়াতে অসমৰ নাগৰিকৰ খাদ্যাভাসক লৈ অপপ্ৰচাৰেৰে চৰম অপমানজনক মন্তব্য কৰিলেও কোনো ব্যৱস্থা লোৱা নাই অসম চৰকাৰে৷ 

স্বাভাৱিকতেই বিধায়ক বাচ্ছু কাডুৰ এই অপমানসূচক মন্তব্যক লৈ সমগ্ৰ অসমতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ গুৱাহাটীত মহাৰাষ্ট্ৰৰ বিধায়কসকলক মুখ্যমন্ত্ৰী  হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ৰাজভোগৰ সুবিধা দিছিল যদিও মহাৰাষ্ট্ৰৰ বিধায়কজনে অসম সন্দৰ্ভত কৰা অপমানজনক মন্তব্যৰ পাছতো বৰ্তমানলৈ কোনো প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই৷ অৱশ্যে মন্ত্ৰী পীয়ূষ হাজৰিকাই মহাৰাষ্ট্ৰ বিধায়কজনৰ মন্তব্য গৰিহণাযোগ্য বুলি এটা টুইট কৰাহে দেখা গৈছে৷ শনিবাৰে মহাৰাষ্ট্ৰ বিধানসভাত ৰাজ্যখনৰ পদপথৰ কুকুৰৰ সংখ্যা বৃদ্ধি পোৱা প্ৰসংগত বিধায়ক বাচ্ছু কাডুৱে কয়– ‘পথৰ কুকুৰে সৃষ্টি কৰা সমস্যা সমাধানৰ এটা সহজ উপায় আছে৷ পোহনীয়া কুকুৰবোৰ ৰাস্তাত এৰি দিলে এই ব্যৱস্থা ল’ব পাৰি৷ কুকুৰৰ জনসংখ্যা নিয়ন্ত্ৰণ কৰিবলৈ বাটৰ কুকুৰবোৰ অসমলৈ পঠিয়াই দিয়ক৷ অসমৰ মানুহে কুকুৰৰ মাংস খায়৷ সেয়েহে অসমত কুকুৰৰ চাহিদা আছে৷’ গুৱাহাটীত থাকোতে অসমৰ মানুহক কুকুৰৰ মাংস খোৱা দেখা বুলি উল্লেখ কৰি বিধায়ক বাচ্ছু কাদুৱে লগতে কয়– ‘অসমত বাটৰ কুকুৰৰ চাহিদা আছে৷ অসমত এটা কুকুৰ ৮,০০০ টকা দৰত বিক্ৰী হয়৷ পদপথৰ কুকুৰৰ জনসংখ্যা নিয়ন্ত্ৰণ কৰাৰ বাবে অসমলৈ কুকুৰবোৰ বিক্ৰীৰ কৰিবলৈ পঠিয়াই দিয়ক৷’ কেৱল বিধায়ক বাচ্ছু কাডুৱেই নহয়, অসম তথা উত্তৰ-পূব আৰু ইয়াৰ লোকসকলক বিভিন্ন সময়ত খাদ্যাভ্যাস আৰু দৈহিক গঠনক লৈ বিভিন্নজনে বিভেদকামী মন্তব্য কৰি আহিছে৷ 

বিধায়ক কাডুৱে লগতে এই পৰিকল্পনাক বাস্তৱ ৰূপ দিয়াৰ বাবে মহাৰাষ্ট্ৰৰ এখন চহৰৰ পৰা পৰীক্ষামূলকভাৱে গৰাকীবিহীন কুকুৰবোৰ অসমলৈ প্ৰেৰণ কৰিব লাগে বুলিও উদ্ভট প্ৰস্তাৱ দিয়ে৷ আশ্চৰ্যজনক  বিষয়টো হৈছে বিধায়ক বাচ্ছু কাডুৱে অসমৰ খাদ্যাভাসক লৈ অপমানজনক মন্তব্য কৰাৰ পাছতো বিধায়সভাৰ সদস্যসকলে কাডুৰ বক্তব্যৰ হাঁহি হাঁহি ৰস লোৱাহে দেখা গ’ল৷ অৱশ্যে অসমৰ মুখ্যমন্ত্ৰীয়ে কোনো প্ৰতিক্ৰিয়া নিদিলেও খৰ্গহস্ত হৈ পৰা দেখা যায় বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মীক৷ বিধায়ক কুৰ্মীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়– ‘যিজনে এনে অপমানজনক কথা কৈছে, তেওঁ নিজেই কুকুৰ হ’ব লাগিব৷ তেওঁ কুকুৰ বাবেহে কুকুৰ মাংস খোৱাৰ কথা ক’ব পাৰে৷ অসমৰ স্বাভিমান, সন্মান লাঘৱ কৰা আৰু অসমী আইক অপমান কৰা মহাৰাষ্ট˜ৰ বিধায়কজনক তাৎক্ষণিকভাৱে গ্ৰেপ্তাৰ কৰিব লাগে৷ মই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মহাৰাষ্ট্ৰৰ বিধায়কজনক শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈ কাতৰ অনুৰেধ জনালো৷’ ইফালে  মহাৰাষ্ট্ৰৰ বিধায়কজনৰ বক্তব্যক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলী আহমেদে কয়–‘মহাৰাষ্ট্ৰৰ বিধায়জন গুৱাহাটীত থাকি গৈছে৷ তেওঁৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আলহী আছিল আৰু মুখ্যমন্ত্ৰীয়ে আল পৈচান কৰিছিল৷ সেয়েহে এই অপমানজনক মন্তব্যক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সকলোৰে প্ৰশ্ন কৰিব লাগে৷ হিমন্ত বিশ্ব শৰ্মাই খুৱাই বোৱাই আল-পৈচান ধৰি পঠাই দিয়া বিধায়কজনে এতিয়া অসমৰ মানুহে কুকুৰ খায়  বুলি সমগ্ৰ বিশ্বতে অসমীয়াকে বেইজ্জতি কৰিলে৷’ ইফালে বিধায়ক বাচ্ছু কাডুৰ বক্তব্যক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে পশুপ্ৰেমী সংগঠনসমূহে৷  গুৱাহাটীৰ পশুকল্যাণ অনুষ্ঠান জাষ্ট বি ফ্ৰেণ্ডলিৰ প্ৰতিষ্ঠাপক তথা মুখ্য ন্যাসৰক্ষী ড॰ শশাংক শেখৰ দত্তই কাড়ুৰ বিৰূদ্ধে তীব্ৰ ক্ষোভ উজাৰি কয় যে– কাডুৰ এই মন্তব্য সমগ্ৰ অসমীয়া জাতিটোৰ বাবে এক ডাঙৰ অপমান৷ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তথা সমূহ জাতীয় সংগঠনসমূহে এই বিষয়টোৰ সন্দৰ্ভত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰক৷ যিহেতু সংশ্লিষ্ট খাদ্য সুৰক্ষা বিভাগৰ দ্বাৰা কুকুৰৰ মাংসক ভক্ষণ কৰিব নোৱাৰে বুলি অধিনিয়ম আছে তেনে পৰিপ্ৰেক্ষিতত এজন বিধায়কে কেনেদৰে এই মন্তব্য কৰিব পাৰে?  অসম ভ্ৰমণৰ সময়ত একোটাকৈ কুকুৰ ৮-৯ হাজাৰ টকাত বিক্ৰী হয় বুলি কৈছে কাডুৱে৷ সেয়েহে অসমৰ সেইসকল কুকুৰৰ মাংস বিক্ৰেতাক চিনাক্ত কৰাত মুখ্যমন্ত্ৰীক সহায় কৰক বিধায়ক কাডুৱে৷’ স্মৰ্তব্য যে, কিছুদিন পূৰ্বে ঝাৰখণ্ডৰ বিজেপি বিধায়ক বিৰাঁসী নাৰায়ণেও ৰাজ্যখনত পদপথৰ কুকুৰৰ জনসংখ্যা নিয়ন্ত্ৰণ কৰাৰ বাবে নাগালেণ্ডলৈ কুকুৰসমূহ পঠিয়াই দিব লাগে বুলি মন্তব্য কৰিছিল৷ বিজেপি বিধায়কজনৰ উক্ত মন্তব্যক লৈয়ো সেই সময়ত বিতৰ্কৰ সৃষ্টি হৈছিল৷  ইফালে, অসমক লৈ মহাৰাষ্ট্ৰ বিধায়ক বাচ্ছু কাডুৱে কৰা মন্তব্যৰ পাছতেই তেওঁক জবাবদিহি কৰাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পদক্ষেপ গ্ৰহণ কৰাৰ পোষকতা কৰিছে ৰাইজে৷ উল্লেখ্য, নাথুৰাম গডছে সন্দৰ্ভত এটা টুইট কৰাৰ বাবে গুজৰাটৰ কংগ্ৰেছৰ দলিত বিধায়ক জিগণেশ মেৱানীক হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত গ্ৰেপ্তাৰ কৰি লৈ অনা হৈছিল অসমলৈ৷ কিন্তু মহাৰাষ্ট্ৰৰ বিধায়কজনৰ এনে অপমানজনক মন্তব্য সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কিবা ব্যৱস্থা গ্ৰহণ কৰিবনে  নাই সেয়া সময়তহে লক্ষণীয় হ’ব৷ কিছুদিন পূৰ্বে উত্তৰ-পূবৰ এগৰাকী যুৱতীও হাৰিয়ানাৰ ফৰিদাবাদৰ সুৰজকুণ্ড মেলাত বৰ্ণবাদৰ সন্মুখীন হৈছিল৷ যুৱতীগৰাকীয়ে সাপ অথবা ভেকুলী খায় নেকি বুলি প্ৰশ্ন কৰিছিল একাংশ লোকে৷ যি ঘটনাক লৈ নাগালেণ্ডৰ বিজেপি মন্ত্ৰী টেমজেন ইমনা আলঙক প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখা গৈছিল৷