Logo
image

মোদী আহিব, আকাশ নিষিদ্ধ

আমাৰ অসম, ৬ মাৰ্চঃ উত্তৰ-পূবৰ তিনি ৰাজ্য ক্ৰমে মেঘালয়, নাগালেণ্ড আৰু ত্ৰিপুৰাৰ নতুন মুখ্যমন্ত্ৰীৰ শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ ৭ মাৰ্চত মেঘালয় আৰু নাগালেণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে ক্ৰমে কনৰাড চাংমা আৰু নেইফিউ ৰিঅ’ই পুনৰ  শপত ল’ব৷ আনহাতে, ৮ মাৰ্চত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী হিচাপে প্ৰতিমা ভৌমিকে শপত লোৱাৰ পূৰ্ণ সম্ভাৱনা আছে৷ এই দুই কাৰ্যসূচীতে মুখ্য অতিথি হিচাপে উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ জানিব পৰা মতে, ৭ মাৰ্চৰ পুৱা বিশেষ বিমানেৰে আহি প্ৰধানমন্ত্ৰী মোদীয়ে গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰত অৱতৰণ কৰিব৷ 

ইয়াৰ পৰা তেওঁ সেনাবাহিনীৰ বিশেষ হেলিকপ্টাৰেৰে শ্বিলঙলৈ যাব আৰু দিনৰ ১১ বজাত প্ৰথমে কনৰাড চাংমাৰ শপতগ্ৰহণ অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব৷ উল্লেখ্য, আজি ইউডিপি আৰু পিডিএফে কনৰাড চাংমাৰ প্ৰতি সমৰ্থন আগবঢ়োৱাত তেওঁৰ সমৰ্থনৰ বিধায়কৰ সংখ্যা ৪৫ জনলৈ বৃদ্ধি পালে আৰু তেওঁৰ মুখ্যমন্ত্ৰীৰ আসনখনক লৈ সৃষ্টি হোৱা অনিশ্চয়তাও দূৰ হ’ল৷ ইফালে বিয়লি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নাগালেণ্ডত নেইফিউ ৰিঅ’ৰ শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব৷ প্ৰধানমন্ত্ৰীয়ে ৮ মাৰ্চত পুনৰ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰ শপতগ্ৰহণ অনুষ্ঠানতো মুখ্য অতিথি হিচাপে ভাগ ল’ব৷ উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উত্তৰ-পূব ভ্ৰমণৰ বাবে প্ৰট’কল অনুুসৰি আকাশমাৰ্গতো গ্ৰীণ কৰিড’ৰ সৃষ্টি কৰা হ’ব৷  তেওঁৰ বিমানৰ উৰণ আৰু অবতৰণৰ সময়ত উত্তৰ-পূবৰ আকাশত নিষিদ্ধ হ’ব আন সকলো বিমানৰ চলাচল৷ প্ৰধানমন্ত্ৰীৰ  বিমান যাব লগা পথত আন কোনো বিমানে চলাচল কৰিব নোৱাৰিব৷ এক কথাত ক’ব গ’লে নিষিদ্ধ হ’ব আকাশ৷