Logo
image

১০ মাহত ৰাজ্যত প্ৰায় ৬ হাজাৰ শিশুৰ মৃত্যু

আমাৰ অসম, ৬ মাৰ্চঃ ৰাজ্যত এখনৰ পাছত এখনকৈ নতুন চিকিৎসা মহাবিদ্যালয় হাস্পতাল নিৰ্মাণ কৰা হৈছে যদিও আজিৰ তাৰিখতো যেন একাংশ লোকে উন্নত চিকিৎসাৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে৷ জিলাই জিলাই মেডিকেল কলেজ স্থাপন হ’লেও প্ৰয়োজনীয় চিকিৎসাৰ সন্ধানত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈহে বাটকুৰি বাব লাগে ৰাজ্যৰ প্ৰতিখন জিলাৰে ৰোগী৷ ইফালে স্বাস্থ্যখণ্ডৰ উন্নয়নৰ নামত বছৰি হাজাৰ হাজাৰ কোটি টকা খৰচ কৰাৰ পাছতো নৱজাতক আৰু প্ৰসূতিৰ মৃত্যুৰ হাৰ আশানুৰূপভাৱে হ্ৰাস পোৱা নাই অসমত৷ আপুনি শুনিলে আচৰিত যেন লাগিলেও এইখন অসমত বিগত ১০টা মাহত প্ৰায় ৬ সহস্ৰাধিক নৱজাতক তথা শিশুৱে কৰুণ মৃত্যুক সাৱটিবলগীয়া হয়৷ 

ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন কতৃৰ্পক্ষই প্ৰকাশ কৰা তথ্য অনুসৰি ২০২২ চনৰ মে’ৰ পৰা চলিত ২০২৩ বৰ্ষৰ ফেব্ৰুৱাৰী পৰ্যন্ত অসমত বিভিন্ন কাৰণত মৃত্যু হৈছে ৫,৮০৫ টি শিশু৷ অৱশ্যে বিগত ২০২১-২২ বৰ্ষৰ মে’ৰ পৰা ফেব্ৰুৱাৰীলৈ উক্ত ১০ মাহত অসমত সৰ্বাধিক ৬,৭২১ টি শিশুৰ মৃত্যু হৈছিল৷ দুটা বৰ্ষৰ ব্যৱধানত মৃত্যুৰ হাৰ ১৩.৬ শতাংশ হ্ৰাস পাইছে৷ এন এইচ এমৰ তথ্য অনুসৰি বিগত ১০ মাহত ৰাজ্যত প্ৰসূতিৰ মৃত্যু হৈছে ৪৪৮গৰাকী৷ ২০২২ চনৰ মে’ৰ পৰা ২০২৩ চনৰ ফেব্ৰুৱাৰী পৰ্যন্ত প্ৰসৱকালীন অৱস্থাত এইসকল প্ৰসূতিয়ে মৃত্যুক সাৱটিবলগীয়া হয়৷ বিগত বৰ্ষৰ তুলনাৰ প্ৰসূতিৰ মৃত্যুৰ হাৰো ৩৪.১ শতাংশ হ্ৰাস পোৱা দেখা গৈছে৷ ইফালে, ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ উন্নয়নৰ লক্ষ্যৰে শনিবাৰে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমে গুৱাহাটীস্থিত অসম জল ভৱনত এদিনীয়াকৈ স্বাস্থ্য মন্থন-৬ আয়োজন কৰে৷ এই কৰ্মশালা তথা পৰ্যালোচনা বৈঠকখন ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ অভিযান সঞ্চালক ড॰ এম এছ লক্ষ্মী প্ৰিয়াৰ তত্বাৱধানত অনুষ্ঠিত হয়৷ এই সভাত স্বাস্থ্য সেৱা সঞ্চালকালয়ৰ সঞ্চালক ড॰ নীলমাধৱ দাস, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ সঞ্চালক কমলজিৎ তালুকদাৰ, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ কাৰ্যবাহী সঞ্চালক ডাঃ মনোজ কুমাৰ চৌধুৰী প্ৰমুখ্যে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ উচ্ছ পদস্থ বিষয়াসকলৰ লগতে সকলো জিলাৰ কৰ্মকৰ্তাসকল উপস্থিত থাকে৷ এই এদিনীয়া কৰ্মশালাখনত সকলো জিলাৰ স্বাস্থ্য কৰ্মীসকলৰ উপস্থিতিত প্ৰতিখন জিলাৰ স্বাস্থ্য সেৱা প্ৰদৰ্শনৰ ওপৰত বিতংভাৱে পৰ্যালোচনা কৰা হয়৷ বিশেষকৈ ৰাজ্যখনৰ মাতৃ আৰু শিশুৰ স্বাস্থ্য কেনেদৰে উন্নত কৰিব পাৰি সেই বিষয়ে বিশদভাৱে আলোচনা কৰা হয়৷ এই পৰ্যালোচনা সভাত ৰাজ্য, জিলা আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অংশীদাৰী সংস্থাৰ শ্ৰেষ্ঠ সেৱা প্ৰদৰ্শকসকলক মিছন সঞ্চালক ডাঃ এম এছ লক্ষ্মী প্ৰিয়াই সম্বৰ্ধনা জনায়৷