Logo
image

এডেন’ ভাইৰাছৰ উদ্বেগৰ মাজতে H3N2ৰ ভাবুকি

আমাৰ অসম, ৬ মাৰ্চঃ ৰাজ্যত এখনৰ পাছত এখনকৈ নতুন চিকিৎসা মহাবিদ্যালয় হাস্পতাল নিৰ্মাণ কৰা হৈছে যদিও আজিৰ তাৰিখতো যেন একাংশ লোকে উন্নত চিকিৎসাৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে৷ জিলাই জিলাই মেডিকেল কলেজ স্থাপন হ’লেও প্ৰয়োজনীয় চিকিৎসাৰ সন্ধানত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈহে আক্ৰান্তসকলৰ শ্বাস-প্ৰশ্বাসৰ সমস্যা তথা জ্বৰ, কাহ, চৰ্দি ইত্যাদি লক্ষণে দেখা দিয়ে৷ সচৰাচৰ জ্বৰ-কাহ তথা চৰ্দি হ’লে ৫-৭ দিনৰ ভিতৰত আৰোগ্য লাভ কৰে যদিও H3N2 ভাইৰাছবিধ প্ৰায় ২০-২৫ দিনলৈ দেহত সক্ৰিয় হৈ থাকে বুলিও আই চি এম আৰে সদৰী কৰিছে৷ 

ভাইৰাছ বিধ সংক্ৰামক যদিও প্ৰাণনাশী নহয় বুলিও প্ৰকাশ কৰিছে বিশেষজ্ঞজনে৷ সাম্প্ৰতিক শুকান জলবায়ু, প্ৰদূষণৰ বাবেই এই ভাইৰাছ বিধে দেখা দিয়া বুলিও প্ৰকাশ কৰিছে ভাৰতীয় চিকিৎসা গৱেষণা সংস্থাটোৱে৷ জ্বৰ-কাহ ইত্যাদি লক্ষ্যণে দেখা দিয়া ৰোগীসকলক চিকিৎসকৰ পৰামৰ্শ ল’বলৈ আহ্বান জনাই ৰোগীক আইছ’লেশ্বনত থাকিবলৈও উপদেশ দিছে৷ সম্প্ৰতি সমগ্ৰ দেশতে অতি  দ্ৰুত গতিত ভাইৰাছবিধৰ সংক্ৰমণ বৃদ্ধি পাব ধৰিছে৷ বিগত প্ৰায় তিনি মাহৰ পৰা ইনফ্লুৱেঞ্জা সদৃশ এই ৰোগৰ চিকাৰ হৈছে দেশৰ বিভিন্ন প্ৰান্তৰৰ লোক৷ ক’ভিডৰ পাছতেই H3N2 ভাইৰাছে সংক্ৰাত্মক ৰূপ ল’লেও ইয়াৰ পৰা ৰোগীৰ জীৱনৰ প্ৰতি ভাবুকি কম৷ দীঘলীয়া সময়ৰ বাবে ৰোগীৰ দেহত ভাইৰাছ বিধ অপ্ৰতিৰোধ্য হৈ থকাৰ বাবে প্ৰতিষেধক হিচাপে চাফ-চিকুনতাত গুৰুত্ব দিবলৈ আহ্বান জনাইছে বিশেষজ্ঞ সকলে৷ 

সেয়েহে নাগৰিকক যতন হিচাপে সঘনাই হাত-মুখ ধুই থাকিবলৈও পৰামৰ্শ দিছে৷ তদুপৰি H3N2 ভাইৰাছৰ সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ নাগৰিকক মাস্ক পৰিধান কৰিবলৈ আহ্বান জনাইছে বিশেষজ্ঞ সকলে৷ এই সন্দৰ্ভত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই কয়– ইনফ্লুৱেঞ্জা সদৃশ ভাইৰাছ বিধত আক্ৰান্ত হ’লে জ্বৰ-বমি, ডাইৰিয়া ইত্যাদি লক্ষ্যণে দেখা দিব পাৰে৷ বিশেষকৈ শিশু আৰু বয়সস্ত লোকসকল এই ভাইৰাছ বিধত সহজে আক্ৰান্ত হয়৷ পৰাপক্ষত ৰাইজে মাস্ক পৰিধানত গুৰুত্ব দিব লাগে৷ ৰোগৰ লক্ষ্যণে দেখা দিলেই নিজকে ঘৰৰ আন মানুহৰ সংস্পৰ্শৰ পৰা পৃথকে ৰাখিব লাগে ৰোগীসকলে৷ এই সময়চোৱাত প্ৰচুৰ ভিটামিনযুক্ত আৰু সেউজীয়া শাক-পাচলি খোৱা উচিত৷ উল্লেখ্য, আই চি এম আৰে H3N2 ভাইৰাছত আক্ৰান্ত ৰোগীক এণ্টিবায়’টিক ঔষধ সেৱনৰ পৰামৰ্শ দিয়াৰ পৰা চিকিৎসকক বিৰত থাকিবলৈ আহ্বান জনাইছে৷ দুদিন পূৰ্বে ভাৰতীয় চিকিৎসা সংস্থা চমুকৈ আই এম এৰ ফালৰ পৰাও বৰ্তমানে দেখা দিয়া জ্বৰ কাহৰ চিকিৎসাৰ ক্ষেত্ৰত এণ্টিবায়’টিকৰ নিদান নিদিবলৈ পৰামৰ্শ প্ৰদান কৰিছে৷ অৱশ্যে H3N2 ভাইৰাছক লৈ আই চি এম আৰে উদ্বিগ্নতা ব্যক্ত কৰিলেও কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ পৰা বৰ্তমানলৈ কোনো সতৰ্কতা জাৰি কৰা নাই অসম চৰকাৰে৷ কেন্দ্ৰীয় চৰকাৰৰ পৰা H3N2 ভাইৰাছক লৈ কোনো নিৰ্দেশনা লাভ কৰা নাই বুলি স্বাস্থ্য বিভাগৰ এটা সূত্ৰই জানিবলৈ দিছে৷