Logo
image

দুৰ্ভেদ্য গ’লকীপিঙেৰে ৰিয়াধত দলক চেম্পিয়ন কৰিলে অসমৰ সত্যজিতে

আমাৰ অসম, ৬ মাৰ্চঃ মেঘালয়ক পৰাস্ত কৰি সন্তোষ ট্ৰফী ফুটবল প্ৰতিযোগিতাৰ খিতাপ জয় কৰিছে কৰ্ণাটকে৷ ৰিয়াধৰ কিং ফাহাদ ইণ্টাৰনেশ্বনেল ষ্টেডিয়ামত শনিবাৰে অনুষ্ঠিত প্ৰতিযোগিতাৰ ফাইনেলত কৰ্ণাটকে মেঘালয়ক পৰাস্ত কৰে ৩-২ গ’লত৷ কৰ্ণাটকৰ এই জয়ত বিশেষভাৱে  উচ্ছাৰিত হৈছে অসমৰ এজন ফুটবলাৰৰ নাম৷ তেওঁ হৈছে সত্যজিৎ বৰদলৈ৷ 

সন্তোষ ট্ৰফীৰ চেম্পিয়ন কৰ্ণাটক দলৰ গ’লৰক্ষক আছিল অসমৰ সত্যজিৎ৷ তেওঁৰ ঘৰ মৰিগাঁৱত৷ গকুলম কেৰালা আৰু হায়দৰাবাদ এফ চিৰ হৈ খেলা সত্যজিতে কৰ্ণাটকৰ হৈ সন্তোষ ট্ৰফী জয় কৰি নিজৰ কেৰিয়াৰক এক নতুন মাত্ৰা দিলে৷ কৰ্ণাটকৰ খিতাপ জয়ৰ পাছত বিশেষভাৱে প্ৰশংসিত হৈছে সত্যজিৎ৷ কৰ্ণাটকে শেষবাৰৰ বাবে সন্তোষ ট্ৰফীৰ খিতাপ জয় কৰিছিল ৫৪ বছৰৰ আগেয়ে৷ বিদেশৰ ভূমিত সন্তোষ ট্ৰফীৰ খিতাপ জয় কৰা প্ৰথমটো দল হিচাপে পৰিগণিত হয় কৰ্ণাটক৷ সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্বনে ছৌদি আৰৱ ফুটবল ফেডাৰেশ্বনৰ সৈতে এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰাৰ পাছত সন্মানীয় প্ৰতিযোগিতাখনৰ ছেমিফাইনেল আৰু ফাইনেল প্ৰথম বাৰৰ বাবে দেশৰ বাহিৰত অনুষ্ঠিত হৈছিল৷ খেলখনত এম সুনীল কুমাৰ (২ মিনিট), বেকী ওৰাম (১৯ মিনিট) আৰু ৰবীন যাদৱে (৪৫ মিনিট) কৰ্ণাটকৰ হৈ গ’ল দিয়াৰ বিপৰীতে প্ৰথম বাৰৰ বাবে ফাইনেল খেলা মেঘালয়ৰ হৈ গ’ল দুটা দিয়ে ব্ৰলিংটন ৱাৰলাৰপিহ (৯ মিনিট) আৰু শ্বীন ষ্টিভেনছনে (৬০ মিনিট)৷