পৰ্যটনত প্ৰযুক্তি
অৰুণাচল প্ৰদেশ, মেঘালয়, মণিপুৰ, ছিকিমৰ লগতে অসমৰ বিভিন্ন অঞ্চলৰ প্ৰাকৃতিক বেশভূষা অতিকৈ সুন্দৰ আৰু চকুত লগা৷ কিন্তু উপযুক্ত প্ৰচাৰ আৰু পৰিকল্পনাৰ অভাৱত এতিয়াও বহু ঠাই অনাৱিষ্কৃত হৈয়েই আছে৷ আজি অতদিনে অতি সীমিতসংখ্যক পৰ্যটনস্থলীক লৈয়েই অসম চৰকাৰৰ পৰ্যটন বিভাগটোৱে কাম কৰি আছে৷ বেছিসংখ্যক ভাৰতীয়ই অসমক কেৱল কাজিৰঙা অভয়াৰণ্য আৰু কামাখ্যা মন্দিৰৰ বাবেহে জানে৷ ইয়াৰ বাদেও যে অফুৰন্ত পৰ্যটনস্থলীৰে অসম তথা উত্তৰ-পূৰ্বাঞ্চল ভৰপূৰ, তাক অসমৰ বাহিৰৰ বহু লোকে হয়তো নাজানেই৷ গুৱাহাটীৰ পৰা কম সময়ৰ যাত্ৰাৰ যোগেদিয়েই যে মেঘালয়ৰ বহু প্ৰাকৃতিক সৌন্দৰ্যৰে মনোমোহা ঠাই পৰিভ্ৰমণ কৰিব পাৰি, তাকো হয়তো বহুতেই নাজানে৷ অৰুণাচলৰ অতি মনোমোহা প্ৰাকৃতিক দৃশ্য বা যাত্ৰাপথৰ দিক নিদৰ্শন পৰ্যটন বিভাগে কিমান সঠিককৈ কৰে, সিও সন্দেহৰ আৱৰ্তত৷ লুইতৰ বুকুতো পৰ্যটনৰ অফুৰন্ত সমল বুটলিবলৈ পোৱা যায়৷ কিন্তু প্ৰচাৰৰ অভাৱত ইমানদিনে অজ্ঞানতাৰ পিটনিত সোমাই পৰিছে সম্ভাৱনাৰ সেই অফুৰন্ত সমল৷ পৰ্যটনৰ প্ৰচাৰ আৰু প্ৰসাৰ কেৱল বিজ্ঞাপন বা ব্ৰেণ্ড এম্বেছাডৰৰ জৰিয়তেই কৰাটো সম্ভৱপৰ নহয়৷ বিজ্ঞান-প্ৰযুক্তিৰ সহায় বা অৱদানে এইক্ষেত্ৰত বিশেষ অৰিহণা যোগাব পাৰে৷ পৃথিৱীৰ আন দেশত পৰ্যটনৰ বিকাশত প্ৰযুক্তিবিদ্যাই চমক লগা অৱদান আগবঢ়াই আহিছে৷ ইণ্টাৰনেট সেৱাৰ যোগেদি বৰ্তমান বিশ্বখন হাতৰ মুঠিতে পাব পৰা যায়৷ এই ইণ্টাৰনেটৰ উপলব্ধতা আৰু সহজলভ্যতা ব্যৱহাৰ কৰিয়েই পৰ্যটনক আমি বিশ্বত প্ৰতিষ্ঠা কৰিব পাৰোঁ৷ বৰ্তমান পৰ্যটকসমূহে পৰ্যটনস্থলী বাছনি কৰাৰ ক্ষেত্ৰত ৱেবছাইট বা ইণ্টাৰনেটৰ সুবিধা প্ৰথমেই লয়৷ ইণ্টাৰনেটত উপলব্ধ তথ্য, ফটোৰ ওপৰত ভিত্তি কৰি একোজন দেশী বা বিদেশী পৰ্যটকে পৰ্যটনস্থলী নিৰ্বাচন কৰে৷ সেয়েহে নিজৰ ঠাইটুকুৰা পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু কৰিবলৈ আমি ৱেবছাইট, ব্ল’গ, অনলাইন বিজ্ঞাপন, ছ’চিয়েল মিডিয়া আদিৰ বিশেষ সহায় লোৱা বা ইয়াৰ যথোপযুক্ত ব্যৱহাৰ কৰা প্ৰয়োজন৷ অসমৰ মনোমোহা প্ৰাকৃতিক দৃশ্যৰ সুন্দৰ ফটোবোৰ যদি ছ’চিয়েল মিডিয়াৰ যোগেদি বহুল প্ৰচাৰ কৰিব পৰা যায়, ইয়ে পৰ্যটকক বিশেষভাৱে আকৰ্ষণ কৰিব৷ তদুপৰি একোজন পৰ্যটকে উভতনি যাত্ৰাত যি বাৰ্তা কঢ়িয়াই লৈ যায়, সেয়াই হৈছে পৰ্যটনৰ আটাইতকৈ ডাঙৰ বিজ্ঞাপন৷ সেয়েহে পৰ্যটকক মৌলিক সুবিধাসমূহ প্ৰদান কৰিবলৈ আমি যত্নপৰ হ’ব লাগে৷ তথ্য-প্ৰযুক্তিয়ে এইক্ষেত্ৰত বিশেষ অৱদান আগবঢ়াব পাৰে৷ কম্পিউটাৰৰ ব্যৱহাৰৰ জৰিয়তে চৰকাৰৰ বিভিন্ন বিভাগৰ মাজত সমন্বয় স্থাপন কৰি একোজন পৰ্যটকক সকলো সুবিধা প্ৰদান কৰিব পৰা যায়৷ টিকট ক্ৰয়ৰ পৰা আৰম্ভ কৰি হোটেল, খাদ্য, গাড়ী, গাইড সকলো সেৱা অনলাইন উপলব্ধ কৰিব পৰা যায়৷ মাজুলী, মানাহ, পবিতৰা, হাফলং, মাইবঙকে ধৰি সকলো পৰ্যটনস্থলীতে পৰ্যটকৰ সকলো সুবিধা উপলব্ধ হোটেল, ৰিজ’ৰ্ট আদি নিৰ্মাণ কৰি তাৰ সকলো সেৱা অনলাইন উপলব্ধ কৰিব পৰা যায়৷ ম’বাইলত বাৰ্তা প্ৰেৰণ কৰিও একোজন পৰ্যটকক দিক নিৰ্ণয় কৰিব পৰা যায়৷ তথ্য-প্ৰযুক্তিৰ যোগেদি প্ৰতিটো পৰ্যটনস্থলীৰ বতৰৰ বাৰ্তা বতৰ বিজ্ঞান প্ৰতিষ্ঠানৰ জৰিয়তে প্ৰতিজন পৰ্যটকলৈ প্ৰেৰণ কৰিব পৰা যায়৷ প্ৰতিটো পৰ্যটনস্থলীৰ তথ্য সাধ্যানুসৰি ইণ্টাৰনেটত উপলব্ধ কৰিব পাৰিলে পৰ্যটকে অনলাইন গাইড ব্যৱহাৰ কৰিও ভ্ৰমণ কৰিব পাৰিব৷ ইয়াৰ লগতে পৰ্যটকৰ বাবে তাৎক্ষণিক স্বাস্থ্যসেৱা মুকলি কৰিব পৰা যায়৷ পৰ্যটকৰ সুৰক্ষাৰ বাবেও ম’বাইল, ইণ্টাৰনেট আদি ব্যৱহাৰ কৰি আৰক্ষীৰ লগত তৎক্ষণিক যোগাযোগ কৰিব পৰাকৈ তথ্য-প্ৰযুক্তি ব্যৱহাৰ কৰিব পাৰি৷ এনেবোৰ সুবিধা একোজন পৰ্যটকক আমি দিব পাৰিলেহে বিভিন্ন পৰ্যটকক আকৰ্ষণ কৰিব পাৰিম আৰু লগতে বাস্তৱসন্মতভাৱে তথ্য-প্ৰযুক্তিৰ বহুল ব্যৱহাৰ কৰিহে অসমৰ পৰ্যটনক আন এক পৰ্যায়লৈ উন্নীত কৰিব পৰা যাব৷






