গুৱাহাটীৰ ৮৯খন দলং ভাঙি দিব প্ৰশাসনে
আমাৰ অসম, ৭ মাৰ্চঃ বাৰিষা গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বাহিনী নৈৰ ওপৰত থকা ৮৯ খন দলং ভাঙি দিব কামৰূপ মহানগৰ জিলা প্ৰশাসনে৷ এই সন্দৰ্ভত সোমবাৰে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই এখন আনুষ্ঠানিক জাননী জাৰি কৰিছে৷ জাননীত কোৱা হৈছে যে–‘এই ৮৯ খন দলঙে বাহিনী নৈৰ স্বাভাৱিক প্ৰৱাহক বাধাপ্ৰাপ্ত কৰিছে৷ গুৱাহাটী পৌৰ নিগমৰ আয়ুক্তই উক্ত দলং সমূহ চিনাক্ত কৰি প্ৰতিবেদন দাখিল কৰিছে৷ এই প্ৰতিবেদনৰ ভিত্তিত দলংসমূহ ভাঙিবলৈ জিএমচিত নিৰ্দেশ দিয়া হৈছে৷ দলং কেইখন ভাঙি বাহিনী নৈৰ প্ৰৱাহ স্বাভাৱিক কৰিলে ৰাইজে বাৰিষা কৃত্ৰিম বানৰ সমস্যাৰ পৰা সকাহ পাব বুলি আশা কৰা হৈছে৷’ উল্লেখ্য যে হাতুৰীৰ কোব পৰিবলগীয়া এই ৮৯ খন দলঙৰ ভিতৰত দিছপুৰ, হেঙেৰাবাৰী, সুন্দৰপুৰ, জাপৰীগোগ, মানিকনগৰ, নয়নপুৰ, ডাউনটাউন সৌৰভ নগৰ আদি স্থানৰ আৰচিচি আৰু লোহৰ দলং অন্তৰ্ভুক্ত হৈছে৷