Logo
image

মাথোঁ অখিল গগৈহে ৰাষ্ট্ৰদ্ৰোহী হ’ল কিয়

২০১৯ বৰ্ষৰ ১১ ডিচেম্বৰত আইনৰ ৰূপ পোৱা নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অসমত গঢ়ি উঠা গণ আন্দোলনক সমুখৰ পৰা নেতৃত্ব দিয়া কৃষক মুক্তি সংগ্ৰাম সমিতি, অসমৰ নেতা অখিল গগৈক  ২০১৯ৰ ১২ ডিচেম্বৰত গ্ৰেপ্তাৰ কৰা হয় আৰু তেওঁৰ ওপৰত এটাৰ ওপৰত আন এটা গোচৰ জাপি দিয়া হয় অসমৰ বিভিন্ন থানাত৷ এই গোচৰসমূহৰ ভিতৰৰে ১২টা গোচৰত অখিল গগৈয়ে ইতিমধ্যে জামিন লাভ কৰিছে–কিন্তু তেওঁ এতিয়ালৈকে মুকলি আকাশৰ তললৈ আহিব পৰা নাই, নাগৰিকত্ব আইন সংশোধনী আইনবিৰোধী আন্দোলনৰ সময়ত হোৱা হিংসাত্মক ঘটনাত জড়িত থকাৰ অভিযোগত৷ ২০১৯ বৰ্ষৰ ১৬ ডিচেম্বৰত গুৱাহাটীৰ চানমাৰি থানাত অখিল গগৈৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰটো পৰৱৰ্তী সময়ত ‘নিয়া’ অৰ্থাৎ ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাৰ হাতলৈ হস্তান্তৰিত হয় আৰু ইতিমধ্যে ১২ ডিচেম্বৰ ২০১৯ তাৰিখে যোৰহাটত গ্ৰেপ্তাৰ হোৱা অখিল গগৈক পুনৰ Unlawful Activities (Prevention) Actৰ অধীনত গ্ৰেপ্তাৰ কৰা হয়৷ ‘নিয়া’ৰ এটা গোচৰত অখিল গগৈয়ে ইতিমধ্যে জামিন লাভ কৰিছে৷ কিন্তু চানমাৰি থানাৰ গোচৰত গ্ৰেপ্তাৰ হোৱা অখিল গগৈৰ জামিন পুনৰ নামঞ্জুৰ কৰিলে গুৱাহাটী উচ্ছ ন্যায়ালয়ে৷ এই গোচৰটোত গুৱাহাটী উচ্ছ ন্যায়ালয়ে প্ৰদান কৰা ৭ জানুৱাৰী ২০২১ তাৰিখৰ ৰায়টোলৈ অসমৰ সচেতন সমাজে গভীৰ আগ্ৰহেৰে বাট চাই আছিল৷ ইতিমধ্যে কৃষক মুক্তিৰ দ্বাৰা প্ৰস্তাবিত ৰাজনৈতিক দল ‘ৰাইজৰ দল’ৰ ৰাজনৈতিক অভিৱতৰ্ন মৰাণত আৰম্ভ হৈছে৷ বহুতেই আশা কৰিছিল যে, গুৱাহাটী উচ্ছ ন্যায়ালয়ে অখিল গগৈৰ জামিন মঞ্জুৰ কৰিব আৰু তেওঁ মৰাণৰ ৰাজনৈতিক অভিৱতৰ্নত অংশগ্ৰহণ কৰিব৷ কিন্তু অখিল গগৈৰ জামিন নামঞ্জুৰ কৰি প্ৰদান কৰা ৰায়ৰ পাছত সামাজিক মাধ্যমত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু বহুতেই ন্যায়ব্যৱস্থাটোৰ ওপৰত আস্থা হেৰাই যোৱা বুলি মত ব্যক্ত কৰিছে৷ ৰিপাব্লিক টি ভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীৰ ক্ষেত্ৰত ভাৰতীয় ন্যায়িক ব্যৱস্থাই দেখুওৱা সক্ৰিয়তাৰ বিপৰীতে অখিল গগৈ অথবা আন ৰাজনৈতিক বন্দীৰ ক্ষেত্ৰত ভাৰতীয় ন্যায়িক ব্যৱস্থা অত্যন্ত নিষ্ক্ৰিয় বুলিও বহুতেই অভিযোগ আনিছে৷ গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ সম্পূৰ্ণ ৰায়দান এই লেখা প্ৰস্তুত কৰাৰ সময়লৈকে ৰাজহুৱা হোৱা নাই৷ গতিকে কি যুক্তিৰ ভিত্তিত অখিল গগৈৰ জামিন নাকচ হ’ল সেই কথা অখিল গগৈৰ অধিবক্তায়ো এতিয়ালৈকে ক’ব পৰা নাই৷ কিন্তু উচ্ছ ন্যায়ালয়ৰ এই ৰায়ৰ বিৰুদ্ধে উচ্ছতম ন্যায়ালয়ত আবেদন জনোৱাৰ কথা ৰাজহুৱা কৰিছে৷ 

নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু পৰৱৰ্তী সময়ত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে অসমত ব্যাপক জাতীয় প্ৰতিৰোধ আন্দোলন গঢ়ি উঠিছিল৷ এই আন্দোলনে শাসনাধিষ্ঠিত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰক নিৰ্বাচনী ৰাজনীতিত কোনো ক্ষতিসাধন কৰিব পৰা নাছিল৷ ২০২১ চনৰ বিধানসভা নিৰ্বাচনতো বৰ বেছি ক্ষতিসাধন কৰাৰ সম্ভাৱনা কম৷ কাৰণ আন দলৰ তুলনাত ভাৰতীয় জনতা পাৰ্টী ইতিমধ্যে নিৰ্বাচনী কুচকাৱাজত বহুদূৰ আগুৱাই আছে৷ কৰ’না মহামাৰীয়ে এইক্ষেত্ৰত শাসনাধিষ্ঠিত দলটোক বহু সুযোগ আনি দিলে৷ চৰকাৰে ইটোৰ পাছত আনটো আঁচনি ঘোষণা কৰি ৰাইজৰ মাজত ৰাজ সাহায্যৰ বন্যা বোৱাইছে৷ চাহ জনগোষ্ঠী, অনুসূচিত জনজাতি আৰু হিন্দু বাঙালীৰ মাজত নিজৰ স্থিতি শক্তিশালী কৰিছে৷ পূৰ্ববংগীয় মুছলমানৰ বিৰুদ্ধে জোৰদাৰ প্ৰচাৰ আৰম্ভ কৰি জ্যাত্যাভিমানৰ ঢৌ তুলিব খুজিছে৷ কংগ্ৰেছ দলৰ বহু নেতা-কৰ্মীক ইতিমধ্যে নিজৰ কৱললৈ নিছে৷ নতুনকৈ গঠিত হোৱা আঞ্চলিক দলসমূহৰ মাজত ঐক্যৰ অভাৱ৷ মতাদৰ্শ নিৰ্বিশেষে সকলো ৰাষ্ট্ৰীয় ৰাজনৈতিক দল অসমৰ জাতীয় স্বাৰ্থৰ পৰিপন্থী বুলি কৈ ভাৰতীয় জনতা পাৰ্টীৰ বিৰুদ্ধে ঐক্যবদ্ধ নিৰ্বাচনী যুঁজৰ সম্ভাৱনাও নৱগঠিত আঞ্চলিক দলসমূহে নাকচ কৰিছে৷ মূল বিৰোধী দল কংগ্ৰেছৰ নেতৃত্বৰ অনিশ্চয়তা আৰু এ আই ইউ ডি এফৰ লগত হ’ব পৰা মিত্ৰতাৰ ক্ষেত্ৰত হোহঁকা-পিছলা– এই আটাইবোৰৰ সুযোগ শাধনাধিষ্ঠিত দলে লোৱাৰ বাবে জোৰদাৰ কৌশল ৰচনা কৰিছে৷

কিন্তু তাৰ পাছতো অখিল গগৈক কাৰাগাৰত বন্দী কৰি ৰাখিছে৷ প্ৰশ্ন হয়– অখিল গগৈলৈ চৰকাৰে সঁচাই ভয় কৰে নেকি? অসমৰ সকলো জাতীয় সংগঠনে ‘কা’-বিৰোধী সংগ্ৰামেৰে ৰাজপথ উত্তাল কৰি ৰাখিলে আৰু চৰকাৰৰ বিৰুদ্ধে ইপাটৰ পাছত সিপাট শব্দশেল মাৰিলে৷ কিন্তু চৰকাৰৰ দৃষ্টিত কেৱল কৃষক মুক্তি সংগ্ৰাম সমিতি অথবা অখিল গগৈহে প্ৰধান ৰাষ্ট্ৰদ্ৰোহী হিচাপে ধৰা দিলে৷ ইয়াৰ কাৰণ কি? 

এই প্ৰশ্নৰ উত্তৰ পাবলৈ আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে উত্থাপন কৰা ৰাজনৈতিক প্ৰশ্নসমূহ আৰু আদৰ্শগতভাৱে এই সমিতি, আন জাতীয় দলসমূহৰ পৰা কিয় বেলেগ সেই কথা বুজিব লাগিব৷ অসমৰ জাতীয়তাবাদৰ প্ৰধান ভেটি ভাষিক স্বাভিমান৷ ইয়াৰ সমান্তৰালভাৱে অসমীয়া জাতীয় সংগঠনসমূহে ভাৰতীয় যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ কেন্দ্ৰীকৃত চৰিত্ৰ তথা অসমৰ মানুহৰ, অসমৰ সম্পদৰ ওপৰত অধিকাৰকে আদি কৰি বহুবোৰ প্ৰশ্ন তুলি আহিছে৷ এই জাতীয়তাবাদৰেই একাংশই কেন্দ্ৰীকৃত ব্যৱস্থাটোক ঔপনিৱেশৰেই নামান্তৰ বুলি কৈ অস্ত্ৰ হাতত তুলি লৈছে আৰু ভাৰতৰাষ্ট্ৰৰ বিৰুদ্ধে সশস্ত্ৰ সংগ্ৰামত অৱতীৰ্ণ হৈছে৷ তেওঁলোকৰ বিৰুদ্ধে ৰাষ্ট্ৰই সামৰিক অভিযান চলাইছে৷ কিন্তু কৃষক মুক্তি সংগ্ৰাম সমিতি অথবা অখিল গগৈয়ে সাংবিধানিক উপায়েৰেই ভাৰত চৰকাৰৰ সমুখত প্ৰশ্ন উত্থাপন কৰিছে আৰু চৰকাৰী কতৃৰ্পক্ষৰ অনুমতি লৈয়েই প্ৰতিবাদ-প্ৰতিৰোধ গঢ়ি তুলিছে৷ তেনেস্থলত ৰাজনৈতিক প্ৰশ্নত অখিল গগৈক এবছৰৰো অধিক কাল ধৰি কিয় কাৰাগাৰত বন্দী কৰি ৰখা হৈছে? তাৰ বহু কাৰণ আছে৷ কিন্তু প্ৰধান কাৰণ তিনিটা৷ [১] কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ভাৰতৰাষ্ট্ৰৰ শ্ৰেণী চৰিত্ৰৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে আৰু বহুজাতিক পুঁজি তথা সামন্তীয় শক্তিৰ লগত ভাৰতৰাষ্ট্ৰৰ মিত্ৰতা তথা তাৰ আধাৰত নিৰ্মিত নীতিসমূহৰ বিৰুদ্ধে প্ৰতিবাদ-প্ৰতিৰোধ গঢ়ি তুলিছে৷ নদীবান্ধৰ প্ৰশ্নতেই হওক, ভূমি অধিকাৰৰ প্ৰশ্নতেই হওক অথবা নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু আইনৰ ক্ষেত্ৰতেই হওক– ৰাষ্ট্ৰৰ শ্ৰেণী চৰিত্ৰৰ প্ৰশ্ন সমুখত তুলি ধৰি আন্দোলনৰ কাৰ্যসূচী প্ৰস্তুত কৰিছে৷ ৰাষ্ট্ৰৰ শ্ৰেণী চৰিত্ৰৰ ওপৰত প্ৰশ্ন তোলা কথাটো শাসনাধিষ্ঠিত চৰকাৰৰ দৃষ্টিত ৰাষ্ট্ৰদ্ৰোহৰ নামান্তৰ৷ [২] কৃষক মুক্তি সংগ্ৰাম সমিতিৰ শ্ৰেণী মিত্ৰতাঃ  অসমৰ প্ৰায়বিলাক জাতীয় সংগঠনৰ মূল মিত্ৰ অসমৰ মধ্যবিত্ত শ্ৰেণীটো৷ এই শ্ৰেণীটো বহুপৰিমাণে ৰাষ্ট্ৰই নিৰ্মাণ কৰা সুবিধাৰ ওপৰত নিৰ্ভৰশীল৷ সেয়েহে জাতীয় আৱেগত চৰকাৰৰ বিৰুদ্ধে থিয় হ’লেও এওঁলোকে সময়-সুবিধা অনুসৰি চৰকাৰৰ সোঁৱে-বাঁৱে থাকিব খোজে৷ তাৰ ভিতৰত অসমৰ অধিকাংশ শিল্পী-সাহিত্যিকো আছে৷ কিন্তু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ শ্ৰেণী মিত্ৰ হ’ল সেইসকল, যিসকলে চৰকাৰৰ পৰা সুবিধাতকৈ বেছিকৈ বঞ্চনাহে ভুগিছে৷ তেওঁলোকৰ ভূমিৰ নিৰাপত্তা নাই অথবা বনাঞ্চল ৰক্ষাৰ নামত চৰকাৰে চলোৱা অভিযানৰ দ্বাৰা তেওঁলোক উৎপীড়িত৷ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এইসকলৰ স’তে থকা মিত্ৰতাৰ পৰিপ্ৰেক্ষিতত এই সংগঠনে উত্থাপন কৰা ভূমিৰ প্ৰশ্ন চৰকাৰৰ বাবেও অস্বস্তিকৰ৷ [৩] অসমৰ জাতীয় সংগঠনসমূহে বা বিদ্বৎ সমাজে পমুৱা মুছলমানক ন-অসমীয়া বুলি স্বীকৃতি দিছে৷ কিন্তু জাত্যাভিমানৰ সোঁতত এওঁলোকক অসম আৰু অসমীয়াৰ স্বাভিমান ৰক্ষাৰ সংগ্ৰামৰ অবিছেদ্য অংগ বুলি ভাবিবলৈ কুণ্ঠাবোধ কৰে৷ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এই প্ৰাচীৰ অতিক্ৰম কৰি তেওঁলোকৰ স’তে মিত্ৰতা কৰিছে, যাৰ বাবে অখিল গগৈ বা তেওঁৰ সংগঠনকো মিঞাৰ বহতীয়া আখ্যা দিব খোজে৷

এই সকলোবোৰ কাৰকৰ বাবেই আন জাতীয় সংগঠনতকৈ কৃষক মুক্তি সংগ্ৰাম সমিতি চৰকাৰৰ দৃষ্টিত অতি বিপ্লৱী৷ আৰু সেয়েহে একেটা প্ৰশ্নত অখিল গগৈৰ ওপৰত ইমানবোৰ গোচৰ৷ অসমৰ সমসাময়িক ইতিহাসত অখিল গগৈয়েই একমাত্ৰ ব্যক্তি যাক ৰাজনৈতিক প্ৰশ্নত এবছৰৰো অধিক কাল বন্দী কৰি ৰখা হৈছে৷  

চৰকাৰৰ দৃষ্টিত অতি বিপ্লৱী যেন লাগিলেও কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে উত্থাপন কৰা প্ৰশ্নসমূহ অসমৰ জাতীয় জীৱনৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ৷ আমি বুজা উচিত যে কেৱল জাত্যাভিমানে এটা জাতিৰ ভৱিষ্যৎ সুৰক্ষিত কৰিব নোৱাৰে৷ সমান্তৰালভাৱে কৃষক মুক্তি সংগ্ৰাম সমিতিয়েও বুজি পোৱা উচিত যে বহু সীমাবদ্ধতা স্বত্ত্বেও অসমৰ মধ্যবিত্ত শ্ৰেণীটোৰ ভূমিকা অবিহনে অসমীয়া জাতীয় সত্ত্বা থাকিব নোৱাৰে৷ সেয়েহে এই সংকটকালত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু অসমৰ আন সকলো জাতীয় সংগঠনৰ মাজত মিত্ৰতা গঢ়ি উঠিব লাগে আৰু সকলোৱে মিলি অখিল গগৈৰ মুক্তিৰ বাবে চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিব লাগে৷ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতি এই আহ্বানো থাকিল– এই সংগঠনে যাতে ৰাষ্ট্ৰীয় ঐক্য-সংহতিৰ প্ৰতি থকা নিজৰ নিষ্ঠা অধিক সজোৰে উত্থাপন কৰে আৰু ভাৰতীয় সংবিধানেই যে এনে অধিকাৰ ৰক্ষাৰ প্ৰধান অৱলম্বন সেই কথা অধিক গভীৰতাৰে চৰকাৰৰ সমুখত তুলি ধৰে৷

ড॰ অখিল ৰঞ্জন দত্ত