ভাত ঘুমটিয়ে এইবোৰ শাৰীৰিক সমস্যা কৰে
নিদ্ৰাপ্ৰেমী মানুহৰ অভাৱ নাই৷ সুযোগ পালেই বহুতে শুব খোজে৷ বহুতৰে আকৌ দুপৰীয়াৰ ভাতসাজ খোৱাৰ পাছতে শোৱাৰ অভ্যাস৷ তেওঁলোকৰ ধাৰণা– দুপৰীয়া অকণমান নুশুলে পিছবেলা কাম-কাজ কৰাৰ অসুবিধা হয়৷ পিছে এই ধাৰণা ভুল৷ দুপৰীয়া শোৱাৰ অভ্যাসে শৰীৰত বিভিন্ন সমস্যাৰ সৃষ্টি কৰে৷ আয়ুৰ্বেদ শাস্ত্ৰমতে দুপৰীয়া শুলে দেহত তাৰ নেতিবাচক প্ৰভাৱ পৰে৷ তদুপৰি খোৱাৰ পিছতে শোৱা উচিত নহয়৷ শুবলৈ যোৱাৰ পূৰ্বে অন্ততঃ এঘণ্টা সময় খোজকঢ়া বা বহি থকা উচিত৷ নহ’লে খাদ্য হজম হোৱাত সমস্যা হয়৷
অৱশ্যে শিশুসকলক দুপৰীয়া শুবলৈ দিব লাগে৷ আনহাতে যিসকলে পুৱাৰে পৰা শাৰীৰিক কষ্ট কৰে তেওঁলোকে শৰীৰটোক আৰাম দিয়াৰ বাবে দুপৰীয়া অলপ সময় শোৱা প্ৰয়োজন৷ বয়োজ্যেষ্ঠসকলৰ উপৰি যিসকলৰ শৰীৰ দুৰ্বল বা ওজন কম তেওঁলোকে দুপৰীয়া শোৱা উচিত৷ উল্লেখ কৰা হ’ল কোনবোৰ লোকৰ বাবে দুপৰীয়া শোৱাৰ অভ্যাস ক্ষতিকাৰক–
⬛ যিসকলৰ কোষ্ঠ কাঠিন্যৰ সমস্যা আছে বা সহজে খাদ্য হজম নহয় তেওঁলোকে দুপৰীয়া শোৱাৰ অভ্যাস ত্যাগ কৰক৷
⬛ যিসকলৰ পেশীৰ সমস্যা আছে বা পেশীৰ বিষত আক্ৰান্ত তেওঁলোকে দুপৰীয়া শোৱাৰ অভ্যাস বন্ধ কৰক৷ বিশেষকৈ শীত আৰু বসন্ত কালত তেওঁলোকে দুপৰীয়া মুঠেও শুব নালাগে৷
দুপৰীয়া শুলে খাদ্যত এলাৰ্জি আৰু শৰীৰটো গধুৰ অনুভৱ হ’ব পাৰে৷ তদুপৰি অত্যধিক মূৰৰ বিষ আৰু নাকত জ্বলা-পোৰা অনুভৱ হ’ব পাৰে৷