Logo
image

‘ছেবা’ আৰু বিতৰ্ক

অসমত পৰীক্ষাৰ বতৰ চলি আছে৷ অসমৰ প্ৰতিখন বিদ্যালয়তে বছৰেকীয়া পৰীক্ষা চলি থকাৰ সমান্তৰালকৈ ৰাজ্যখনত জীৱনৰ দুটা গুৰুত্বপূৰ্ণ পৰীক্ষা চলি আছে৷ সেই দুটা হ’ল– উচ্ছতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা আৰু উচ্ছ মাধ্যমিক শিক্ষান্ত পৰীক্ষা৷ দুয়োটা পৰীক্ষাই অতি সতৰ্কতাৰে আৰু নিৰাপত্তাৰ মাজত চলি আছে৷ কিন্তু তাৰ মাজতে উচ্ছ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত ঘটা বেমেজালিয়ে অসমৰ বৌদ্ধিক তথা শৈক্ষিকজগতত চৰ্চাৰ বিষয় হোৱাই নহয়, এই বছৰ পৰীক্ষাত বহা ৪,২২,১৭৪জন ছাত্ৰ-ছাত্ৰী আৰু সেইসকলৰ অভিভাৱককো চৰম উদ্বিগ্নতাত ভোগাইছে৷ প্ৰথমদিনা অনুষ্ঠিত ইংৰাজী বিষয়ৰ প্ৰশ্নকাকত পৰীক্ষা আৰম্ভ হোৱাৰ এঘণ্টাৰ পাছতে ম’বাইলে ম’বাইলে ভাইৰেল হৈ যোৱাৰ পাছত ৬ মাৰ্চত অনুষ্ঠিত গণিত বিষয়ৰ প্ৰশ্নকাকত ১৫ মিনিটতে ভাইৰেল হয়৷ আজিকালি সামাজিক মাধ্যমৰ যুগ, সকলোৱেই হাতে হাতে একোটা কেমেৰা লৈ ঘূৰি ফুৰে৷ তেনে অৱস্থাত এইবোৰ ক্ষেত্ৰত যদি সাৱধান হোৱা নহয়, তেন্তে এঘণ্টা বা এদিনৰ আগতো প্ৰশ্নকাকত ভাইৰেল হ’ব পাৰে৷ এইধৰণৰ ঘটনা সংঘটিত হ’বলৈ হ’লে পৰীক্ষাৰ লগত জড়িত লোকৰ দ্বাৰাই যে হ’ব লাগিব সেইটো নিশ্চিত, কাৰণ পৰীক্ষা হ’লৰ বা পৰীক্ষা পৰিচালনাৰ বাহিৰৰ মানুহে এইবোৰ কাম কৰিব নোৱাৰে৷ আনহাতে ছাত্ৰ-ছাত্ৰীয়ে এনে গৰ্হিত কাম যদি কৰিছে, তেন্তে তাৰ বাবে ছাত্ৰ-ছাত্ৰীতকৈ পৰীক্ষা পৰিচালনাত থকা শিক্ষক-শিক্ষয়িত্ৰীসকলহে বেছি জগৰীয়া হ’ব৷ প্ৰশ্নকাকত যদি ১৫ মিনিটতে ফটো উঠাবলৈ হয়, তেন্তে ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষা হ’লৰ ভিতৰলৈ ম’বাইল ফোন নি ফটো মাৰি সেইখন শ্বেয়াৰো কৰিব লাগিব৷ তেন্তে পৰীক্ষা হ’লৰ ভিতৰত থকা নিৰীক্ষকজনে কি কৰি আছিল? আনহাতে, যদি নিৰীক্ষক বা আন পৰীক্ষাৰ দায়িত্বত থকা ব্যক্তিৰ ম’বাইল ফোনৰ পৰা এই কাকত এনেদৰে ভাইৰেল হয়, তেন্তে সেইটো চিনাক্ত কৰাত ইমান দেৰি কেনেকৈ লাগিছে?

মাধ্যমিক শিক্ষা পৰিষদ, অসম চমুকৈ ‘ছেবা’ হিচাপে পৰিচিত সংস্থাটোৰ কামেই হৈছে বছৰত এটা পৰীক্ষা পৰিচালনা কৰা৷ পাঠ্যক্ৰম যুগুত কৰাৰ পৰা, প্ৰশ্নকাকত কটা, ছপা কৰা, পেকেটিং কৰা, সেই প্ৰশ্নকাকত কেন্দ্ৰই কেন্দ্ৰই প্ৰেৰণ কৰা, কেন্দ্ৰ পৰিচালকৰ জৰিয়তে সেইবোৰ খুলি ছাত্ৰ-ছাত্ৰীৰ হাতত পৰি তিনি ঘণ্টা পৰীক্ষা অনুষ্ঠিত কৰি উত্তৰ-বহীবোৰ সাৱধানে আৰু সুৰক্ষিতভাৱে বান্ধি সেইবোৰ শিক্ষকৰ হতুৱাই পৰীক্ষা কৰোৱাৰ পৰা ফলাফল দিয়ালৈকে এক সুচাৰু আৰু সুশৃংখলিতভাৱে কঠোৰ নিৰাপত্তাৰ মাজত কামবোৰ কৰিব লাগে৷ ইয়াৰ বাবে কেৱল ছেবাৰ কৰ্মচাৰীয়েই নহয়, ছেবাক সহায় কৰিবলৈ আছে আন চৰকাৰী বিভাগ৷ য’ত বিদ্যালয় পৰিদৰ্শকৰ কাৰ্যালয়ৰ পৰা আৰক্ষী বিভাগকো সামৰি লোৱা হয়৷

চৰকাৰে পৰীক্ষা সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে সময়ে সময়ে নানা পদক্ষেপৰ কথা ঘোষণা কৰি থাকে, তাৰ ভিতৰত পৰীক্ষা হলৰ ১০০ মিটাৰৰ ভিতৰত ১৪৪ ধাৰা জাৰি কৰা, ছাত্ৰ-ছাত্ৰীক চিচি কেমেৰাৰ নিৰীক্ষণত পৰীক্ষা দিবলৈ দিয়া, পৰীক্ষাৰ লগত জড়িত ব্যক্তিৰ বাহিৰে পৰীক্ষা কেন্দ্ৰত কাকো সোমাবলৈ নিদিয়া৷ ইমানৰ পাছতো পৰীক্ষা কেন্দ্ৰত বস্তাই বস্তাই নকল ওলোৱা, দেৱাল পাৰ হৈ গৈ নকলৰ যোগান ধৰা আদি ঘটনা একাংশ বিদ্যালয়ত নিৰ্বিঘ্নে চলি থকা কাৰ্যই কি সূচাইছে? ইয়াৰ পৰা এটা কথাই প্ৰতীয়মান হয় যে ছেবা পৰীক্ষা পৰিচালনা কৰাত বিফল হৈছে৷ কাৰণ এইবাৰ প্ৰশ্নকাকত ভাইৰেল হোৱা ঘটনাটো বৰু সৰুকৈ দেখিলেও বৰ্তমান যিজন ছেবাৰ অধ্যক্ষ হৈ আছে, সেইজনৰ দিনতে বহি জ্বলা, গৰুৱে বহী খোৱা, প্ৰশ্নকাকত ফাদিল হোৱা আদি ঘটনা ঘটি আছে৷ ইয়াৰ পৰা সকলো চিন্তাশীল লোকৰে এটা সন্দেহ হয় যে ছেবাক ধবংস কৰাৰ বাবে কোনোবাই চক্ৰান্ত কৰি থকা নাইতো! কাৰণ বৰ্তমান চি বি এছ ইৰ অন্তৰ্গত শিক্ষান্ত পৰীক্ষাও হৈ আছে৷ ৩৫ লাখতকৈও অধিক ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত বহিছে৷ কিন্তু ইমান বিশালসংখ্যক ছাত্ৰ-ছাত্ৰীয়ে বিশাল পৰীক্ষা কেন্দ্ৰত পৰীক্ষা দিয়াৰ পাছতো ভাৰতৰ কোনো এখন ৰাজ্যৰ পৰা পৰীক্ষাত বেমেজালিৰ কোনো খবৰ অহা নাই৷ [অৱশ্যে সৰু-সুৰা বেমেজালি ঘটিলেও সেয়া যাতে প্ৰকাশ নহয়, তাৰ বাবে সকলো সচেষ্ট থাকে৷ কিন্তু ছেবাত সৰু সৰু কথাবোৰো ইমানেই প্ৰচাৰ কৰা হয় যে ছেবাৰ প্ৰতি মানুহৰ আস্থা কমি আহিছে] অৱশ্যে, এটা কথা ক’বই লাগিব যে বৰ্তমানৰ বিজেপি নেতৃত্বাধীন অসম চৰকাৰখন এক দেশ এক কৰৰ দৰে এক দেশ এক শিক্ষানীতিত বিশ্বাসী হোৱাৰ বাবে ছেবাক নাইকিয়া কৰি চি বি এছ ইৰ হাতত ৰাজ্যৰ শিক্ষা অৰ্পণ কৰাৰ আদৰ্শত বিশ্বাসী৷ সেয়ে ছেবাত যাতে লাহে লাহে শিক্ষাৰ্থী কমি যায়, তাৰ বাবেই হয়তো কাম কৰি আছে৷ কিন্তু অসমৰ অসমীয়া ভাষা বা অসমীয়া জাতি এনেকৈ ধবংস কৰিব বিচাৰিলেও ধবংস হোৱা জাতি নহয়৷ ছেবাত এইবাৰ বিগত কেইবছৰতকৈ অভিলেখসংখ্যক ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হোৱাহে দেখা গৈছে৷ বহু বিদ্যালয় চি বি এছ ইলৈ যোৱাৰ পাছতো ছেবাত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বৃদ্ধিয়ে আন এটা দিশহে উন্মোচিত কৰিছে৷ সেইবোৰ যিয়েই নহওক ছেবাই এক দায়বদ্ধ সংস্থাৰ দৰে কাম কৰাটো অসমৰ ৰাইজে বিচাৰিছে৷