Logo
image

H3N2 ভাইৰাছ! ৩ ৰাজ্যত ছজনৰ মৃত্যু

আমাৰ অসম, ১১ মাৰ্চঃ  মহামাৰী ক’ভিডৰ পাছতেই এইবাৰ ঘাটক ৰূপ ধাৰণ কৰিছে H3N2 ভাইৰাছে৷ ভাৰতত প্ৰথমবাৰলৈ ইনফ্লুৱেঞ্জা সদৃশ ৰোগবিধত আক্ৰান্ত ৰোগীৰ মৃত্যুৰ তথ্য নিশ্চিত কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে৷ কৰ্ণাটক, হাৰিয়ানা আৰু পঞ্জাব– এই তিনিখন ৰাজ্যৰ মুঠ ৬জন ৰোগীৰ প্ৰাণ কাঢ়ি নিছে ঘাটক ভাইৰাছবিধে৷ ‘হংকং ফ্লু’ নামেৰে পৰিচিত ঘাটক ভাইৰাছবিধে সম্প্ৰতি সমগ্ৰ দেশতে চানি ধৰিছে৷ দেশত বৰ্তমানকৈ H3N2 ভাইৰাছ সংক্ৰমণৰ ৯০টা কেছ ধৰা পৰিছে৷ কৰ্ণাটকৰ হাছানৰ এজন অশীতিপৰ ব্যক্তি H3N2 ইনফ্লুৱেঞ্জা সংক্ৰমণত মৃত্যু হোৱা ভাৰতৰ প্ৰথমজন ব্যক্তি হিচাপে চিহ্নিত হৈছে৷ হীৰে গৌড়া বুলি চিনাক্ত কৰা ৰোগীজনক ২৪ ফেব্ৰুৱাৰীত জ্বৰৰ উপসৰ্গৰ বাবেই পৰিয়ালৰ লোকে চিকিৎসালয়ত ভৰ্তি কৰাইছিল যদিও ১ মাৰ্চত মৃত্যু হয়৷ মৃত্যুৰ পাছতেই তেওঁৰ নমুনা পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছিল৷ ৬ মাৰ্চত এই নমুনা পৰীক্ষাৰ ফলাফল পজিটিভ বুলি প্ৰকাশ পায়৷ ৰোগীজনৰ দেহত ডায়েবেটিছ আৰু উচ্ছ ৰক্তচাপৰ দৰে অন্তনিৰ্হিত উপসৰ্গও আছিল৷ প্ৰথমজন H3N2 ৰোগীৰ মৃত্যুৰ পাছতেই কৰ্ণাটকৰ স্বাস্থ্য বিভাগে ৬০বছৰৰ ঊধবৰ্ৰ লোকসকলৰ স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰিছে৷ কেন্দ্ৰীয় ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ কেন্দ্ৰৰ মতে H3N2 ৰ সংক্ৰমণ বেছিভাগ গাহৰিৰ সংস্পৰ্শৰ সৈতে সম্পৰ্কিত৷ অতীজতো এই ভাইৰাছ সীমিত পৰিমাণে মানুহৰ পৰা মানুহলৈ সংক্ৰমণ ধৰা পৰিছিল৷ কিন্তু বৰ্তমান H3N2 ৰ কোনো স্থিৰ বা সামূহিক সংক্ৰমণ চিনাক্ত হোৱা নাই৷ কৰ্ণাটকত ইতিমধ্যে H3N2 ইনফ্লুৱেঞ্জা সংক্ৰমণৰ ৫০ ৰো অধিক ঘটনা সংঘটিত হৈছে৷ এইমছৰ সঞ্চালক ৰণদীপ গুলেৰিয়াই কয় যে– ভাইৰাছটোৱে প্ৰতি বছৰে ইয়াৰ ৰূপ সলনি কৰে৷ চৰ্দি, কাহ আৰু জ্বৰ ইত্যাদিয়েই ভাইৰাছ সংক্ৰমণৰ প্ৰাথমিক লক্ষণ৷ আইচিএমআৰৰ তথ্য মতে ইনফ্লুৱেঞ্জা ভাইৰাছৰ H3N2 উপ-প্ৰজাতিবোৰ দেশৰ একাংশ ৰাজ্যলৈ বিয়পি পৰিছে৷ ইনফ্লুৱেঞ্জাৰ এই উপপ্ৰকাৰটো দ্ৰুত সংক্ৰামক আৰু বিপজ্জনক৷ ভাইৰাছটো চৰাই আৰু অন্যান স্তন্যপায়ী প্ৰাণীলৈও বিয়পিব পাৰে৷ বহু সময়ত জিন সলনি হ’ব পাৰে৷ বিজ্ঞানীসকলে দাবী কৰা মতে এই উপ-প্ৰজাতিটোৱে  ইয়াৰ আগতেও জিনৰ সজ্জা সলনি কৰিছিল৷ সেই কাৰণে ভাইৰাছবিধ অধিক সংক্ৰামক হৈ পৰিছে৷ ৰোগীৰ চৰ্দি, কাহ, মুখৰ পৰা ওলাই অহা থু আৰু লেলাৱতিৰ পৰাই ভাইৰাছে এজন স্বাস্থ্যৱান ব্যক্তিকো সহজে সংক্ৰমিত কৰিব পাৰে বুলি বিশেষজ্ঞসকলে সতৰ্ক কৰি দিছে৷ ৰোগীসকল জটিল হাওঁফাওঁৰ ৰোগ আৰু শ্বাস-প্ৰশ্বাসজনিত সমস্যাত ভুগিব পাৰে৷ সেইবাবে আক্ৰান্ত ৰোগয়ে আইছ’লেশ্বনত ভালদৰে জিৰণি লোৱাটো প্ৰয়োজনীয়৷ এই সমছোৱাত অধিক তৰল খাদ্য খাব লাগে আৰু চিকিৎসকৰ পৰামৰ্শ অনুসৰি ঔষধ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে বিশেষজ্ঞই৷  ভাইৰাছৰ সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ সঘনাই চাবোনেৰে হাত ধোৱা, ৰোগীৰ পৰা দূৰত্ব বজাই ৰখা, মাস্ক পিন্ধা, হাচি আৰু কাহৰ সময়ত নাক ঢাকি ৰাখিবলৈ পৰামৰ্শ দিয়াৰ লগতে প্ৰয়োজন নহ’লে ঘৰৰ পৰা বাহিৰ নহ’বলৈও চিকিৎসক-বিশেষজ্ঞসকলে পৰামৰ্শ দিছে৷