Logo
image

চৰাইদেউক অচিৰেই চিনি পাব বিশ্ববাসীয়ে

আমাৰ অসম, ১১ মাৰ্চঃ  চৰাইদেউক অচিৰেই চিনি পাব বিশ্ববাসীয়ে৷ এই ঘোষণা অসমৰ নৱ নিযুক্ত ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়াৰ৷ উল্লেখ্য যে ৰাজ্যপালৰ ভাষণেৰে শুকুৰবাৰৰ পৰা আৰম্ভ হয় অসম বিধানসভাৰ বাজেট অধিৱেশন৷ নিজৰ লিখিত ভাষণত ৰাজ্যপাল কাটাৰিয়াই চৰকাৰৰ সফলতাৰ দিঘলীয়া খতিয়ান দাঙি ধৰে৷ ইয়াৰ মাজতে ৰাজ্যপালৰ ঘোষণা চৰাইদেউ মৈদাম সফলতাৰে ইউনেস্কৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভৰ দিশত আগবাঢ়িছে৷ আমাৰ বাবে গৌৰব আৰু আনন্দৰ বিষয় যে ভাৰতৰ পৰা এইবাৰ একমাত্ৰ চৰাইদেউ মৈদাম এই স্বীকৃতিৰ বাবে মনোনীত হৈছে আৰু ইউনেস্ক সচিবালয়ৰ সকলো প্ৰয়োজনীয়তা পূৰণ কৰিছে৷ বিহুক বিশ্বমঞ্চলৈ যোৱাৰ লগতে গীনিজ ৱল্ডৰ্ ৰেকৰ্ডছত অন্তৰ্ভুক্ত কৰিবলৈ সৰুসজাই ক্ৰীড়া প্ৰাংগনত ১৪ এপ্ৰিলত ১০ হাজাৰতকৈ অধিক নৃত্যশিল্পীৰ অংশগ্ৰহণেৰে বিশেষ বিহুনৃত্যুৰ আয়োজন কৰা হৈছে৷ লাচিত বৰফুকনৰ বিষয়ে ৪২.৯৪ লাখ লিখনি লাভ কৰাৰ ফলত অসমে অনলাইনযোগে দাখিল কৰা হাতে লিখা ৰচনাৰ শাখাত বিশ্ব অভিলেখ স্থাপন কৰিছে৷ চৰকাৰৰ যোগাযোগ ব্যৱস্থা, আন্তঃগাথনি, অৰ্থনীতিৰ সফলতাৰ খতিয়ান দিয়াৰ লগতে ৰাজ্যৰ বিত্তীয় অৱস্থা যথেষ্ট উন্নত হোৱা বুলি ৰাজ্যপালে দাবী কৰে৷ নিজৰ ভাষণত ৰাজ্যপালে কয়–২০২১ চনৰ ১০ মে’ৰ পৰা চৰকাৰে ৪১,৯২০ গৰাকী প্ৰাৰ্থীক চৰকাৰীখণ্ডত নিযুক্তি দিছে৷ চৰকাৰৰ ২৬ হাজাৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ বাবে আন এক নিযুক্তি প্ৰক্ৰিয়া চলি আছে৷ ৰাজ্যিক অৰ্থনীতিৰ সবলীকৰণত সফল হৈছে চৰকাৰ৷ ৩০ পৃষ্ঠাৰ নিজৰ সুদীৰ্ঘ ভাষণত ৰাজ্যপালজনে অৱশ্যে নতুন কোনো চৰকাৰী আঁচনিৰ কথা উল্লেখ নকৰিলে৷