Logo
image

সৌন্দৰ্য চৰ্চাত এইবোৰ প্ৰাকৃতিক উপাদানৰ ব্যৱহাৰত সাৱধান হ’ব

 প্ৰাচীন কালৰ পৰা সৌন্দৰ্য চৰ্চাত প্ৰাকৃতিক উপাদান ব্যৱহাৰ হৈ আহিছে৷ প্ৰাকৃতিক উপাদানসমূহে ছালৰ কোনো ক্ষতি নকৰে বুলি থকা ধাৰণাৰ বাবেই আজিৰ আধুনিক যুগতো সৌন্দৰ্য চৰ্চাৰ ক্ষেত্ৰত প্ৰাকৃতিক উপাদানৰ ব্যৱহাৰ হ্ৰাস পোৱা নাই৷ কিন্তু প্ৰাকৃতিক উপাদানে সৌন্দৰ্য চৰ্চাৰ ক্ষেত্ৰত যিমানেই ভাল ফল নিদিয়ক কিয়, এইক্ষেত্ৰত সাৱধান হোৱাটো জৰুৰী৷ কাৰণ, এই উপাদানসমূহে ছালৰ ক্ষতি নকৰিলেও ইয়াৰ অত্যধিক ব্যৱহাৰে হিতে বিপৰীত কৰিব পাৰে৷ উল্লেখ কৰা হ’ল সৌন্দৰ্য চৰ্চাৰ ক্ষেত্ৰত ব্যৱহাৰ হোৱা কেইটামান প্ৰাকৃতিক উপাদান আৰু ইয়াৰ ক্ষতিকাৰক দিশ–

⬛ ডালচেনিঃ শালমনৰ সমস্যা সমাধানৰ ক্ষেত্ৰত ডালচেনি আজিকালি খুবেই জনপ্ৰিয় হৈ পৰা দেখা গৈছে৷ বহুতে সৌন্দৰ্য চৰ্চাৰ সময়ত ডালচেনিৰ প্ৰলেপ মুখত মাস্ক হিচাপেও ব্যৱহাৰ কৰে৷ কিন্তু এইবিধ প্ৰাকৃতিক উপাদানৰ ক্ষতিকাৰক দিশ হৈছে যে, ই চৰ্মৰোগৰ সৃষ্টি কৰাৰ লগতে ছাল ৰঙা কৰি পেলায়৷

⬛ চেনিঃ মুখৰ ছালৰ বাবে চেনি উপকাৰী৷ কিন্তু অত্যধিক মাত্ৰাত  চেনি ব্যৱহাৰ কৰিলে হিতে বিপৰীত হোৱাৰ আশংকা থাকে৷ চেনিয়ে ছালৰ মৃত কোষসমূহ আঁতৰ কৰাত সহায় কৰে৷ কিন্তু চেনিৰ অত্যধিক ব্যৱহাৰে ছাল শুকান কৰাৰ লগতে ঘাঁৰ সৃষ্টি কৰিব পাৰে৷

⬛ নেমুৰ ৰসঃ নেমুত প্ৰচুৰ পৰিমাণে ভিটামিন ‘চি’ আৰু এণ্টি অক্সিডেণ্ট থাকে৷ বহুতে বয়সৰ চাপ নাইকিয়া কৰিবলৈ মুখত নেমু ঘঁহে৷ কিন্তু নেমুৰ বাবে ছালত হাইপাৰপিগমেণ্টেশ্বন তথা জ্বলা-পোৰা হ’ব পাৰে৷ সেয়ে নেমুৰ ৰস ব্যৱহাৰ কৰোতে সাৱধানতা অৱলম্বন কৰিবলৈ নাপাহৰিব৷

⬛ বেকিং ছডাঃ মানসিক চাপকে ধৰি বিভিন্ন বিষৰ পৰা পৰিত্ৰাণ পাবলৈ বহুতে গা ধোৱাৰ সময়ত পানীৰ সৈতে বেকিং ছডা মিহলাই লয়৷ কিন্তু জানি থোৱা ভাল যে বেকিং ছডাই ছালৰ ক্ষতি কৰে৷

⬛ আপেল ছিদাৰ ভিনেগাৰঃ বহুতে শালমন, উফি আদিৰ পৰা পৰিত্ৰাণ পাবলৈ আৰু প্ৰাকৃতিক ডিওডৰেণ্ট হিচাপে আপেল ছিদাৰ ভিনেগাৰ ব্যৱহাৰ কৰে৷ কিন্তু, আপেল ছিদাৰ ভিনেগাৰ এচিডিক হোৱা কাৰণে ছালত ৰাসায়নিক প্ৰতিক্ৰিয়া হ’ব পাৰে৷ 

⬛ নাৰিকল তেলঃ ছাল আৰু চুলিৰ যতন ল’বলৈ আমি নাৰিকল তেল ব্যৱহাৰ কৰোঁ৷ কিন্তু বহুতেই নাজানে যে নাৰিকল তেল সকলোধৰণৰ চুলিৰ বাবে উপকাৰী নহয়৷ যিবোৰ চুলিৰ গুৰিত তৰল পদাথ সৰবৰাহৰ ৰন্ধ্ৰ কম থাকে, সেইবোৰ চুলিত নাৰিকল তেল ব্যৱহাৰ কৰিলে তেলত থকা পাতল স্তৰে জলপ্ৰৱাহৰ পথ বন্ধ কৰি দিব পাৰে৷ ফলত চুলিৰ ক্ষতি হ’বলৈ আৰম্ভ কৰে৷