Logo
image

উক্তি-বক্ৰোক্তি

এইখন চৰকাৰৰ জৰিয়তে অতি সোনকালে চৰাইদেউ আৰু মৈদামক ভালদৰে চিনি পাব পৃথিৱীবাসীয়ে৷
–গুলাবচান্দ কাটাৰিয়া

ভাৰতৰ সংবাদ মাধ্যমৰ স্বাধীনতাত আৰম্ভ হৈছে মোদীৰ চূড়ান্ত আক্ৰমণ৷
–‘নিউয়ৰ্ক টাইম্‌ছ’

‘নিউয়ৰ্ক টাইম্‌ছ’ৰ ভাৰতীয় সংবাদ মাধ্যম সম্পৰ্কীয় প্ৰতিবেদন মিথ্যাচাৰৰ নামান্তৰ৷
–অনুৰাগ ঠাকুৰ

অসমৰ কথা পৃথিৱীক অসমৰ মানুহে নিজেই ক’ব লাগিব৷ লাচিত বৰফুকনক বিশ্ববাসীৰ সৈতে চিনাকি কৰাই দিয়াৰ জৰিয়তে আৰম্ভ হৈছে সেই প্ৰক্ৰিয়া৷
–হিমন্তবিশ্ব শৰ্মা

অসমৰ পৰ্যটন খণ্ডত ইতিমধ্যে নতুন নতুন চিন্তা-চৰ্চা আৰম্ভ হৈছে৷ এই প্ৰক্ৰিয়া অব্যাহত থাকিলে অচিৰেই অসমৰ পৰ্যটনৰ চেহেৰা সলনি হৈ যাব৷
–জয়ন্তমল্ল বৰুৱা

চৰকাৰে সকলোতে চিচি টিভি লগাব নোৱাৰে৷ সকলোৰে ঘৰত চিচি টিভি লগাই পৰিস্থিতিৰ ৰেহৰূপ পৰ্যবেক্ষণ কৰিব নোৱাৰে৷ ৰাইজেও নিজাববীয়াকৈ চিচি টিভি সংস্থাপন কৰিব লাগিব৷
–অশোক সিংঘাল

কুকুৰ খোৱাটো ইছ্যু কৰিবলগীয়া বিষয় নহয়৷ অসমতো কুকুৰ খোৱা মানুহ আছে৷ উন্নত দেশৰ মানুহে কুকুৰ, গৰু, ছাগলী সকলো খায়৷
–অতুল বৰা

ইউডিএফে কংগ্ৰেছৰ ভৱিষ্যতৰ কথা চিন্তা কৰিব নালাগে৷ কংগ্ৰেছৰে মিত্ৰতা কৰা বাবেহে বহুকেইটা সমষ্টিত ইউডিএফ জয়ী হৈ আহিছে৷
–কমলাক্ষ দে’ পুৰকায়স্থ