Logo
image

বটদ্ৰৱা প্ৰকল্পৰ ‘ভূমিপূজন’

ভূমিপূজনেৰে নহয়, নাম-কীৰ্তনেৰে শুভাৰম্ভ কৰক বটদ্ৰৱা প্ৰকল্পৰ কাম৷

বটদ্ৰৱা সত্ৰস্থানত অসম চৰকাৰে গুৰুজনাৰ স্মৃতি ৰক্ষাৰ্থে এটা মনোমোহা প্ৰকল্প প্ৰতিষ্ঠা কৰিবলৈ লোৱাৰ সিদ্ধান্তক নিঃসন্দেহে অসমবাসীয়ে আদৰণি জনাইছে৷ টিভি চেনেলৰ বাতৰিৰ যোগেদি প্ৰচাৰিত বটদ্ৰৱা সমষ্টিৰ বিধায়ক আঙুৰলতা ডেকাৰ বক্তব্যত প্ৰকাশ পোৱা এটা বিশেষ কথাৰ ওপৰত ভিত্তি কৰিহে এই লেখা লিখিবলৈ বাধ্য হ’লোঁ৷

ভূমিপূজন, অৰ্থাৎ প্ৰকল্পটোৰ উত্তৰোত্তৰ মংগলাৰ্থে প্ৰকল্পস্থানৰ কোনোবা এডোখৰ ভূমিত কৰা এক বিশেষ মাংগলিক পূজা৷ বটদ্ৰৱা প্ৰকল্পটোৰ বাবে হেনো ভূমিপূজন সোনকালেই হ’ব৷ এনে ইংগিত পোৱা গৈছে যেন কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ পৰৱৰ্তী অসম ভ্ৰমণৰ সময়ত মাঘৰ প্ৰথম সপ্তাহতে এই ভূমিপূজনো কৰা হ’ব৷

এনে মাংগলিক পূজা-পাতল ভাৰতৰ বিভিন্ন স্থানত হিন্দু ধৰ্মৰ বিভিন্ন লোকে পালন কৰি সন্তুষ্টি লভি আহিছে৷ গুৰুজনাৰ শিষ্যসমন্বিতে নামঘৰ, সত্ৰৰ সত্ৰাধিকাৰ, পদাধিকাৰ, ভকত, শংকৰ সংঘৰ দৰে বিভিন্ন অনুস্থান-প্ৰতিষ্ঠানৰ সদস্যবৃন্দ, ইত্যাদি আটাইৰে এইটো বিদিত যে দুয়োজনা গুৰুৱেই সকলো ক্ষেত্ৰতে সদায় হৰিনামক হৃদয়ত সৰ্বোচ্ছ স্থান দিছে৷ সবাৰে আধ্যাত্মিক ভাবধাৰাৰ প্ৰতি সম্পূৰ্ণ শ্ৰদ্ধাশীল হৈও মাধৱদেৱে নামঘোষাত এশাৰী পদ ৰচনা কৰি গৈছে–

‘নাজানোহো আৱাহন নাজানোহো বিসৰ্জ্জন

পূজা মন্ত্ৰ নাজানো কিঞ্চিত৷

এতেকে পৰমেশ্বৰ দাস ভৈলো চৰণৰ

মোৰ গতি সাধিবে উচিত৷৷’

‘ভূমিপূজন’ কেনেদৰে কৰে সেয়া নিশ্চয় বহুজনেই প্ৰত্যক্ষ কৰিছে৷ কিছুদিন আগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰা অযোধ্যাৰ ৰাম মন্দিৰৰ ভূমিপূজনৰ বিস্তৃত বিৱৰণ টিভিত প্ৰচাৰ হৈছিল৷ আশংকা হৈছে,  বৰ্তমানৰ অসম চৰকাৰে ৰাষ্ট্ৰীয়তাবাদৰ নামত দিল্লীক সন্তুষ্ট কৰিবৰ নিমিত্তে যিদৰে যিকোনো স্তৰলৈ নামিব পাৰে, এইবাৰো গুৰু দুজনাৰ আদৰ্শক উপেক্ষা কৰি হ’লেও বটদ্ৰৱাত ভূমিপূজন কৰিবলৈও তিলমানো কুণ্ঠাবোধ নকৰিব৷ আমি সকলোৱে বুজা প্ৰয়োজন যে শংকৰ-মাধৱৰ আধ্যাত্মিক ধাৰা উত্তৰ বা দক্ষিণ ভাৰতত প্ৰচলিত হিন্দুধৰ্মৰ আধ্যাত্মিক ধাৰাতকৈ কিছু পৃথক; আৰু এই পাৰ্থক্যতে নিহিত হৈ আছে অসমীয়াৰ সত্ৰ- নামঘৰৰ স্বকীয়তাখিনি৷

এতিয়া এই পৰিস্থিতিত আমি গুৰু দুজনাৰ একান্ত ভক্ত হিচাপে উচিত বুলি বিবেচনা কৰি অসম চৰকাৰ, ৰাজনৈতিক নেতা আৰু ৰাইজৰ পৰা আশা কৰা কথাকেইটা হ’ল এনেধৰণৰ–

[১] ‘ভূমিপূজন’ নহয়, নাম-কীৰ্তনেৰে বটদ্ৰৱাৰ এই প্ৰকল্পটো নিৰ্মাণৰ শুভাৰম্ভ কৰাটো অতিশয় বাঞ্ছনীয়৷

[২] ইতিমধ্যে যদিহে চৰকাৰে ভূমিপূজনৰ প্ৰস্তুতি আৰম্ভ কৰিছে, তৎকালীনভাৱে এই প্ৰস্তুতি পৰিহাৰ কৰি গুৰু ¸দুজনাৰ আধ্যাত্মিক আদৰ্শৰ প্ৰতি শ্ৰদ্ধা জনাই নাম-কীৰ্তনৰ ব্যৱস্থা কৰক৷

[৩] ৰাজনৈতিক নেতাসকলে ‘ভূমিপূজন হ’ব’ বুলি প্ৰচাৰ নকৰি ‘নাম-কীৰ্তনেৰে নিৰ্মাণৰ শুভাৰম্ভ হ’ব’ বুলিহে প্ৰচাৰ কৰাৰ বাবে অনুৰোধ কৰিলোঁ৷

[৪] ভক্তপ্ৰাণ ৰাইজে এই ভূমিপূজনৰ সবল বিৰোধিতা কৰি বিভিন্ন প্ৰচাৰ মাধ্যমৰ যোগেদি মতামত প্ৰকাশ কৰক৷

[৫] ভৱিষ্যতেও গুৰু দুজনাৰ আদৰ্শৰ প্ৰতি শ্ৰদ্ধা জনায়েই তেৰাসবৰ অৱদান নামঘৰ, সত্ৰ আদিৰ লগত জড়িত অনুষ্ঠানত পূজা-পাতল নকৰাটোৱেই সমীচীন হ’ব৷

কথাখিনি ৰজাঘৰ আৰু প্ৰজাঘৰ– দুয়ো চিন্তা-চৰ্চা কৰি যথোচিত ব্যৱস্থা ল’ব বুলি আশা কৰিলোঁ৷

ফোনঃ ৮৪৮৬৯৪২২২৩