Logo
image

ড্ৰাগ্‌ছ অ’ভাৰড’জত মৃত্যু সতীশ কৌশিকৰ?

আমাৰ অসম, ১২ মাৰ্চঃ হৃদৰোগত আক্ৰান্ত হৈ বৃহস্পতিবাৰে পুৱতি নিশা মৃত্যুমুখত পৰা বলীউডৰ অভিনেতা-পৰিচালকৰ মৃত্যু ক্ৰমাৎ ৰহস্যৰ গৰ্ভত সোমাই পৰিছে৷ যিজন বন্ধুৰ ‘ফাৰ্ম হাউছ’ত সতীশ কৌশিক অসুস্থ হৈ পৰিছিল, দক্ষিণ দিল্লীৰ সেই ফাৰ্ম হাউছৰ পৰা আৰক্ষীয়ে বৃহৎ পৰিমাণৰ আপত্তিজনক ঔষধ উদ্ধাৰ কৰাৰ পাছতে এই মৃত্যুৰ ঘটনা ৰহস্যৰ আবৰ্তত সোমাই পৰিছে৷ যোৱা ৯ মাৰ্চৰ পুৱা হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰাৰ পূৰ্বে এই ‘ফাৰ্ম হাউছ’তে সতীশ কৌশিকে হলীৰ অনুষ্ঠানত ভাগ লৈছিল৷ তাতে তেওঁ অসুস্থ হৈ পৰে আৰু তাৰ পৰা হাস্পতাললৈ নিয়াৰ পথত সতীশ কৌশিকৰ মৃত্যু হয়৷ অৱশ্যে সতীশ কৌশিকে তেনে আপত্তিজনক ঔষধ সেৱন কৰিছিল নে নাই সেই বিষয়ে আৰক্ষীয়ে এতিয়াও নিশ্চিত কৰা নাই৷ অসমৰ্থিত বাতৰি অনুসৰি সতীশ কৌশিকে সেই আপত্তিজনক ঔষধ অতিৰিক্ত মাত্ৰাত সেৱন কৰাৰ ফলতে মৃত্যু হৈছিল৷ কিন্তু কোনো বিশ্বস্ত সংবাদ প্ৰতিষ্ঠান বা সংবাদ সংস্থাই তেনে বাতৰি পৰিৱেশন কৰা নাই৷ কিন্তু আপত্তিজনক ঔষধ উদ্ধাৰ হোৱাৰ লগে লগে তেনে ধৰণৰ সন্দেহৰ সৃষ্টি হৈছে আৰু দিল্লী আৰক্ষীয়ে সতীশ কৌশিকৰ মৃত্যু সন্দৰ্ভত তদন্ত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ প্ৰাথমিক মৰণোত্তৰ প্ৰতিবেদনত তেনে কোনো তথ্য আৰক্ষীয়ে লাভ কৰা নাই৷ এতিয়া দিল্লী আৰক্ষীয়ে সতীশ কৌশিকৰ পূৰ্ণ মৰণোত্তৰ প্ৰতিবেদনলৈ অপেক্ষা কৰিছে আৰু সেই প্ৰতিবেদন পুংখানুপুংখভাৱে পৰীক্ষা কৰাৰ সিদ্ধান্ত লৈছে৷ তদুপৰি সতীশ কৌশিকৰ ৰক্ত পৰীক্ষায়ো এই সন্দৰ্ভত কোনো সূত্ৰ দিব পাৰে বুলি দিল্লী আৰক্ষীয়ে সন্দেহ কৰিছে৷ মৰণোত্তৰ প্ৰতিবেদন আৰু হৃদযন্ত্ৰ তথা ৰক্তৰ প্ৰতিবেদন হাতত পালেই দিল্লী আৰক্ষীয়ে তদন্ত আগুৱাই নিব৷
অৱশ্যে দিল্লী আৰক্ষীয়ে সেইনিশাৰ পাৰ্টীত কোন কোন উপস্থিত আছিল তাৰ তালিকা প্ৰস্তুত কৰিছে৷ তাৎপৰ্যপূৰ্ণভাৱে সেই তালিকাত এক অপৰাধৰ গোচৰৰ ক্ষেত্ৰত এজন ‘ৱাণ্টেড’ ব্যক্তি উপস্থিত থকাৰ সন্ধান লাভ কৰিছে৷ সেয়ে সতীশ কৌশিকৰ মৃত্যুৰ ঘটনাত ৰহস্য বৃদ্ধি পাইছে৷