Logo
image

প্ৰথমবাৰৰ বাবে গুৱাহাটী ৰে'ল ষ্টেচনত তৃতীয় লিংগৰ চাহৰ বিপণী

ডিজিটেল সংবাদ, গুৱাহাটীঃ গুৱাহাটী ৰে’ল ষ্টেচনত প্ৰথমবাৰৰ বাবে মুকলি কৰা হ'ল তৃতীয় লিংগৰ চাহৰ বিপণী। ‘ট্রেন্স টী ষ্টল' নামেৰে গুৱাহাটী ৰে'ল ষ্টেছনত উত্তৰ পূব সীমান্ত ৰে'লৱেৰ উদ্যোগত আৰু সদৌ অসম কিন্নৰ সংস্থাৰ সক্ৰিয় সহযোগত স্থাপন কৰা হয় চাহৰ বিপণীখন। ভাৰতীয় ৰে'লৱেত প্ৰথমবাৰৰ বাবে সংযোজন ঘটা এই চাহৰ বিপণী সম্পূৰ্ণৰূপে তৃতীয় লিংগৰ জৰিয়তে পৰিচালিত হ'ব। 

অসম  কিন্নৰ কল্যাণ ব'ৰ্ডৰ সহযোগী উপাধ্যক্ষ স্বাতী বিধান বৰুৱাৰ উপস্থিতিত উত্তৰ পূব সীমান্ত ৰে'লৱেৰ মহা প্ৰবন্ধক অংশুল গুপ্তাই গুৱাহাটী ৰে'ল ষ্টেচন এক নম্বৰ প্লেটফৰ্মত এই বিপণীখন মুকলি কৰে। উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে তৃতীয় লিংগৰ বাবে ‘জীৱিকা আৰু উদ্যোগৰ বাবে প্ৰান্তীয় ব্যক্তিৰ বাবে সমৰ্থন' নামৰ এক বিস্তৃত আঁচনিৰ অনুমোদন জনাইছিল য'ত তৃতীয় লিংগৰ কল্যাণৰ বাবে ব্যাপক পুনর্বাসনৰ বাবে এক উপ-আঁচনি অন্তৰ্ভুক্ত কৰা হৈছে।