Logo
image

কৰ্মবিমুখিতাই এদিন অসমীয়াক গৃহহীন কৰিব

অসমৰ মুঠ জনসংখ্যাৰ ৮৬ শতাংশ লোক বাস কৰে গ্ৰামাঞ্চলত৷ কিন্তু দুবছৰমান আগতে কেন্দ্ৰীয় চৰকাৰৰ এক প্ৰতিবেদনত এক ভয়ংকৰ তথ্য পোহৰলৈ আহিছিল৷ ৰাজ্যখনৰ গ্ৰামাঞ্চলত বাস কৰা ৫৮ লাখ পৰিয়ালৰ প্ৰায় ৩০ লাখ পৰিয়ালৰে নিজৰ মাটিৰ ওপৰত অধিকাৰ নাই, অৰ্থাৎ ৫৭ শতাংশ গ্ৰামাঞ্চলৰ লোকৰ নিজৰ ভূমি অধিকাৰ নাই৷ উদ্বেগজনকভাৱে ৰাজ্য চৰকাৰে গঠন কৰি দিয়া খিলঞ্জীয়াৰ ভূমি অধিকাৰ সুৰক্ষা সমিতিয়ে পোন্ধৰখন জিলাত চলোৱা সমীক্ষা অনুসৰি অসমৰ বহু অঞ্চলৰ খিলঞ্জীয়াই ভূমি অধিকাৰ হেৰুৱাই পেলাইছে৷ ই খিলঞ্জীয়া অসমীয়াৰ বাবে অতিকৈ সংকটপূৰ্ণ আৰু স্পৰ্শকাতৰ বিষয়৷ ব্যৱসায়ৰ স্বাৰ্থত অসমলৈ অহা ৰাজস্থান, উত্তৰ প্ৰদেশ, পশ্চিমবংগ, বিহাৰ আদি প্ৰদেশৰ জনসাধাৰণে বজাৰৰ বাবেই হওক বা আন ভৌগোলিক পৰিৱেশৰ বাবেই হওক অসমত নিগাজিকৈ থাকিবলৈ প্ৰয়াস কৰা কালজুৰি অসমীয়া ৰাইজে প্ৰত্যক্ষ কৰি আহিছে৷ সেইসমূহ লোকৰ ব্যৱসায়িক তৎপৰতা, সেৱা বা সহজলভ্যতাৰ বাবেই হওক আজিৰ অসমীয়াই তেওঁলোকক বাদ দি থকাৰ কথা হয়তো ভাবিবই নোৱাৰে৷ ডাঙৰ ব্যৱসায়ীক বাদ দিলেও নাপিত, মুচি বা মিস্ত্ৰীৰ ক্ষেত্ৰত বহু কম অসমীয়াকহে বিচাৰি পোৱা যায়৷ সেইসকল অনা-অসমীয়া ব্যৱসায়ীৰ পৰা সহজলভ্য সেৱা পাই থকাৰ বাবে কমসংখ্যক অসমীয়াইহে তেনে ব্যৱসায়ৰ প্ৰতি আগ্ৰহী হয়৷ ফলত বিনা প্ৰতিদ্বন্দ্বিতাৰে ব্যৱসায় কৰিবলৈ পোৱা বহিঃৰাজ্যৰ ব্যৱসায়ীয়ে অসমতেই মাটি-বাৰী লৈ নিগাজিকৈ থাকিব বিচাৰে৷ তদুপৰি মাটি-বাৰী বিক্ৰীৰ ক্ষেত্ৰতো বহু অসমীয়াই বেছি দাম দিয়া অনা-অসমীয়া মানুহকহে মাটি বিক্ৰী কৰে৷ এনেবোৰ কাৰকে অসমত খিলঞ্জীয়াৰ সংখ্যা হ্ৰাস কৰি অনা-অসমীয়াৰ সংখ্যা বৃদ্ধিত পোষকতা কৰে৷ এনেদৰে ৰাজ্যখনৰ হাজাৰ হাজাৰ বিঘা মাটি বহিৰাগতৰ হাতলৈ গৈছে৷ এই তথ্যই কেৱল গ্ৰামাঞ্চলকে চুই যোৱা নাই, নগৰবাসীকো শংকিত কৰি তুলিছে৷ কামৰূপ মহানগৰৰ প্ৰায় ৭২.৪৮ শতাংশ পৰিয়ালৰেই নিজা মাটি নাই৷ এনে পৰিস্থিতিৰ পৰা হাত সাৰিবলৈ খিলঞ্জীয়া অসমীয়াই কৰ্মসংস্কৃতিৰ পৰিৱৰ্তন সাধিব লাগিব৷ যিবোৰ সৰু-বৰ কাম কৰি বহিৰাগতই অসমীয়াৰ বজাৰখন দখল কৰিছে, সেই বজাৰখন উদ্ধাৰ কৰিব পাৰিলেই এনে সমস্যাৰ বহু পৰিমাণে লাঘৱ হ’ব বুলি ক’ব পৰা যায়৷ তদুপৰি আন্তৰ্জাতিক প্ৰব্ৰজনে অসমত যি এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে, সেই প্ৰব্ৰজনো অসমীয়াৰ কৰ্মপটুতা বা কৰ্মউদ্যমেহে নাইকিয়া কৰিব পাৰিব৷ যিবোৰ কাম কৰি বাংলাদেশীয়ে অসমত থিতাপি লৈছে, সেইবোৰ কাম অসমীয়াই নিজৰ হাতলৈ আনিলেহে কৰ্মবিমুখ বাংলাদেশীয়ে ওভতা পথ ল’ব৷ অন্যথা যি গতিত দেশী বহিৰাগতই বা বিদেশী বাংলাদেশীয়ে অসমত থিতাপি ল’বলৈ লৈছে, সেয়া অব্যাহত থাকিলে অনাগত দিনত খিলঞ্জীয়াই নিজৰ ঘৰতেই ভূমি অধিকাৰ হেৰুৱাই বহিৰাগত হৈ পৰিব৷