Logo
image

বৃক্ক ৰোগত আক্ৰান্ত হ’লে এইখিনি কৰক

 বৃক্কজনিত ৰোগত আক্ৰান্ত লোকৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে৷ অনিয়ন্ত্ৰিত ডায়েবেটিছ, উচ্ছ ৰক্তচাপ আদিৰ বাবে বহু লোক সহজেই বৃক্ক ৰোগত আক্ৰান্ত হয়৷ যাৰ ফলত বৃক্কই কাৰ্যক্ষমতা হেৰুৱাই পেলায়৷ বৃক্কৰ কাৰ্যক্ষমতা হ্ৰাস পালে গুৰুতৰ সংকটৰ সৃষ্টি হয়৷ আনকি বৃক্ক বিকল হোৱাৰ আশংকাই দেখা দিয়ে৷ 

 লক্ষণঃ বৃক্ক ৰোগত আক্ৰান্ত হ’লে কিছুমান লক্ষণে দেখা দিয়ে৷  বমি বমি ভাব, ভোক নলগা, দুৰ্বল অনুভৱ হোৱা, প্ৰস্ৰাৱৰ পৰিমাণ হ্ৰাস, মনোযোগ কমি অহা, গোৰোহা ফুলা আদি লক্ষণেই প্ৰধান৷

⬛ কেতিয়াবা এইধৰণৰ উপসৰ্গই দেখা নিদিলেও চিকিৎসকৰ ওচৰত পৰীক্ষা কৰিলে বৃক্ক ৰোগত আক্ৰান্ত হোৱাটো ধৰা পৰে৷ 

 বৃক্ক ৰোগত আক্ৰান্ত হ’লে এই কেইটা দিশত গুৰুত্ব দিয়কঃ

⬛ এই ৰোগত আক্ৰান্ত হ’লে তেজত খনিজ পদাৰ্থ,  ইলেক্ট্ৰলাইটৰ ভাৰসাম্য অটুট ৰাখিব লাগে৷ 

⬛ বৃক্ক ৰোগত আক্ৰান্ত হোৱাৰ পাছত ডায়েলাইছিছ কৰিলে বিশেষ ডায়েটৰ প্ৰয়োজন৷ চিকিৎসকৰ পৰামৰ্শমতেহে খাদ্য তালিকা প্ৰস্তুত কৰা উচিত৷

⬛ সঠিক সময়ত খাদ্য গ্ৰহণ কৰিব লাগে৷ ছডিয়াম, পটাছিয়াম আৰু ফছফৰাচ জাতীয় খাদ্য সীমিত কৰিব লাগে৷ 

⬛ ডায়েলাইছিছ আৰম্ভ হোৱাৰ পূৰ্বে শৰীৰত প্ৰটিনৰ পৰিমাণ সীমিত কৰি ৰাখিব লাগে৷ 

⬛ তদুপৰি বৃক্ক ভালে ৰখাৰ বাবে বিষ উপশমকাৰী ঔষধ খোৱাৰ পৰা বিৰত থাকিব লাগে৷ 

⬛ ডায়েবেটিছ আৰু উচ্ছ ৰক্তচাপ নিয়ন্ত্ৰণত ৰখাটো জৰুৰী৷

⬛ শৰীৰৰ ওজন নিয়ন্ত্ৰণত ৰাখিব লাগে৷ বৃক্ক ৰোগত আক্ৰান্ত হ’লে  এইখিনি কৰাৰ উপৰি চিকিৎসকৰ পৰামৰ্শ সময়মতে গ্ৰহণ কৰাটো অতি জৰুৰী৷ কেতিয়াবা দেৰিকৈ চিকিৎসকৰ কাষ চপাৰ বাবেও উপযুক্ত চিকিৎসাৰ অভাৱত কিডনী বিকল পৰ্যন্ত হ’ব পাৰে৷