বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত ভাৰত
চাৰিখন টেষ্টৰ শৃংখলাত ২-১ ব্যৱধানত জয়ী হৈ ভাৰতীয় ক্ৰিকেট দলে নিজৰ দখলত ৰাখিলে ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী৷ এই শৃংখলাটো আৰম্ভ হোৱাৰ আগৰে পৰা বিশেষ চৰ্চা লাভ কৰা বিষয়টো আছিল যে ক্ৰমাগত দ্বিতীয়বাৰ টীম ইণ্ডিয়া বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত উপনীত হ’ব পাৰিবনে? শৃংখলাটো আৰম্ভ হোৱাৰপূৰ্বে সমীকৰণটো আছিল যে শৃংখলাত ৪-০ ব্যৱধানত জয়ী হ’লে ভাৰতে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল খেলাটো নিশ্চিত৷ নাগপুৰ আৰু দিল্লীৰ টেষ্ট দুখনত জয়ী হৈ ভাৰতে আশাপ্ৰদ আৰম্ভণি কৰিছিল৷ কিন্তু ইন্দোৰত অনুষ্ঠিত তৃতীয়খন টেষ্টত ভাৰতৰ পৰাজয়ৰ পাছত সমীকৰণ কিছু সলনি হৈছিল৷ তেনে স্থিতিত ভাৰতৰ বাবে আহমেদাবাদৰ অন্তিম টেষ্টত জয়ী হোৱাটো হৈ পৰিছিল বাধ্যতামূলক৷ অৱশ্যে অন্তিম টেষ্ট অমীমাংসিতভাৱে সমাপ্ত হোৱাৰ পাছতো টীম ইণ্ডিয়া বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত উপনীত হ’ল৷ ক্ৰাইষ্টচাৰ্চত অনুষ্ঠিত দুখন টেষ্টৰ শৃংখলাৰ প্ৰথমখন খেলত শ্ৰীলংকা নিউজীলেণ্ডৰ হাতত পৰাস্ত হওঁতেই ভাৰতৰ পথ প্ৰশস্ত হৈ পৰে৷ ৭-১১ জুনত ইংলেণ্ডৰ কেনছিংটন অ’ভেলত অনুষ্ঠিত হ’বলগীয়া বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত ভাৰতৰ প্ৰতিদ্বন্দ্বী হ’ব অষ্ট্ৰেলিয়া৷ উল্লেখ্য, প্ৰথমবাৰৰ বাবে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল অনুষ্ঠিত হৈছিল ২০২১ চনৰ জুনত ছাউদাম্পনত৷ সেইবাৰ ভাৰত নিউজীলেণ্ডৰ হাতত পৰাস্ত হৈছিল আঠ উইকেটত৷ এইবাৰ দলটোৱে অষ্ট্ৰেলিয়াৰ প্ৰত্যাহ্বানক কেনেদৰে প্ৰত্যুত্তৰ দিয়ে সেয়া হ’ব লক্ষণীয়৷ অষ্ট্ৰেলিয়াই নিশ্চয় ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী শৃংখলাত হোৱা পৰাজয়ৰ পোতক তোলাৰ চেষ্টা চলাব৷ ইংলেণ্ডৰ পৰিৱেশ ভাৰততকৈ সম্পূৰ্ণ পৃথক৷ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্ট শৃংখলাটোত যিদৰে ভাৰতত স্পিনাৰৰ সহায়ক পিটচ প্ৰস্তুত কৰা হৈছিল, তাৰ বিপৰীতে ইংলেণ্ডৰ পিটচ সাধাৰণতে পেচ বলাৰৰ সহায়ক হয়৷ তেনে স্থিতিত অষ্ট্ৰেলিয়াৰ পেচ বলাৰৰ বিৰুদ্ধে সতৰ্ক হ’ব লাগিব ভাৰতীয় বেটাৰ৷
ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী শৃংখলা আৰম্ভ হোৱাৰ পূৰ্বেই বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত প্ৰতিদ্বন্দ্বিতা হ’ব বুলি ক্ৰিকেট বিশেষজ্ঞসকলে ধাৰণা কৰিছিল৷ শৃংখলাৰ তৃতীয় টেষ্টত জয়ী হোৱাৰ পাছত অষ্ট্ৰেলিয়াই ফাইনেলত খেলাটো নিশ্চিত হৈছিল৷ আনহাতে, নিউজীলেণ্ডক দুখন টেষ্টৰ শৃংখলাত ক্লীন ছুইপ কৰিব পাৰিলে শ্ৰীলংকাৰো সম্ভাৱনা আছিল যদিও দুয়োখন টেষ্টতে নিউজীলেণ্ডক পৰাস্ত কৰাটো শ্ৰীলংকাৰ বাবে সহজ নহ’ব বুলিয়ে মন্তব্য কৰিছিল ক্ৰিকেট পণ্ডিতসকলে, আৰু বাস্তৱত সেয়াই হ’ল৷
সীমিত অভাৰৰ ক্ৰিকেটৰ ক্ৰমৱৰ্ধমান জনপ্ৰিয়তাই টেষ্ট ক্ৰিকেটৰ অস্তিত্বৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব বুলি বিভিন্ন সময়ত ক্ৰিকেট বিশেষজ্ঞসকলে মন্তব্য কৰি আহিছে৷ তাৰ বিপৰীতে বিশ্ব ক্ৰিকেটৰ সৰ্বোচ্ছ সংস্থা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউঞ্চিলে [আই চি চি] টেষ্ট ক্ৰিকেটৰ জনপ্ৰিয়তা অটুট ৰখাৰ বাবে বিভিন্ন পদক্ষেপ লৈছে আৰু তাৰেই এক অংশ হৈছে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ৷ আই চি চিৰ লক্ষ্য আছিল ক্ৰিকেটৰ তিনিওটা ফৰ্মেটতে বিশ্ব চেম্পিয়নশ্বিপ থকা উচিত৷ তেনে এক উদ্দেশ্য লৈয়েই ২০১৯ চনত এছেজ শংখলাৰে আৰম্ভ কৰা হৈছিল প্ৰথমবাৰৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ আৰু সমাপ্ত হৈছিল ২০২১ চনৰ জুনত৷ দ্বিতীয়বাৰৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ আৰম্ভ হৈছিল ২০২১ চনৰ ৪ আগষ্টত পাটাউদী ট্ৰফী শৃংখলাৰে৷ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ বাবে আই চি চিয়ে বিশেষ পইণ্ট পদ্ধতি কাৰ্যকৰী কৰিছে৷ যদিও টুৱেণ্টী২০ ক্ৰিকেটে শেহতীয়াকৈ ব্যাপক জনপ্ৰিয়তা লাভ কৰিছে, তথাপি এতিয়াও বহুতৰে বিশ্বাস ক্ৰিকেটৰ প্ৰকৃত মজা পোৱা যায় টেষ্ট ক্ৰিকেটতে৷ নিউজীলেণ্ড আৰু শ্ৰীলংকাৰ মাজৰ প্ৰথখন টেষ্ট সোমবাৰে সমাপ্ত হৈছিল অন্তিমটো বলত৷ সুদীৰ্ঘ ৭৫ বছৰ পাছত কোনো এটা দল টেষ্টৰ অন্তিমটো বলত জয়ী হৈছিল৷ টেষ্ট ক্ৰিকেটৰো যদি সমাপ্তি এনে ৰোমাঞ্চকৰ হয়, তেন্তে টেষ্ট ক্ৰিকেটৰ অস্তিত্বৰ প্ৰতি কেতিয়াও ভাবুকি আহিব নোৱাৰে বুলি নিশ্চিতভাৱে ক’ব পাৰি৷