Logo
image

কলেষ্টেৰল, ৰক্তচাপ নিয়ন্ত্ৰণৰ বাবে খাওক অৰ্জুন-আমলখিৰ ৰস

⬛ সু-স্বাস্থ্যৰ বাবে প্ৰতিদিনেই স্বাস্থ্যকৰ পানীয় খাব লাগে৷ বিশেষকৈ নেমু পানী, হালধি পানী, জিৰা পানী, মেথি পানী, গ্ৰীণ টী আদিৰ দৰে পানীয় নিয়মীয়াকৈ খালে কলেষ্টেৰল, ৰক্তচাপ নিয়ন্ত্ৰণত থাকে৷

⬛  শৰীৰৰ বাবে আটাইতকৈ উপকাৰী আমলখি আৰু অৰ্জুনৰ ৰস৷ বজাৰত উপলব্ধ আমলখি বা অৰ্জুনৰ ৰসতকৈ ঘৰতে এই ৰসৰ চৰ্বত প্ৰস্তুত কৰি খালে যথেষ্ট উপকাৰ পোৱা যায়৷

⬛  অৰ্জুন আৰু আমলখিৰ ৰস হাৰ্টৰ বাবে অতি উপকাৰী৷ এই ৰস নিয়মিয়াকৈ খালে হাৰ্ট সুস্থ হৈ থাকে৷ লগতে কলেষ্টৰেল আৰু ৰক্তচাপ নিয়ন্ত্ৰণত থাকে৷

⬛ অৰ্জুন ৰসত পলিফেনলেৰ নামৰ এবিধ উপাদান থাকে৷ যাৰ বাবে অৰ্জুনৰ ৰস খালে হাৰ্টৰ পেশী শক্তিশালী হয়৷ ৰক্তচাপ নিয়ন্ত্ৰণত থকাৰ উপৰি শৰীৰৰ বাবে অনিষ্টকাৰী কলেষ্টৰেলৰ মাত্ৰা হ্ৰাস কৰাত ই সহায় কৰে৷

⬛ অজুৰ্ন, আমলখিৰ ৰস নিয়মিয়াকৈ খালে শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়৷ আমলখিত আছে প্ৰচুৰ পৰিমাণে ভিটামিন-চি৷ এটা আমলখিত ৬০০ ৰ পৰা ৭০০ মিলিগ্ৰাম ভিটামিন চি থাকে৷ সেইবাবে আমলখিৰ ৰস নিয়মিয়াকৈ খালে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়৷

⬛  বদহজম, গেছ, এচিডিটি, কোষ্ঠকাঠিন্য বা পেটৰ বিভিন্ন সমস্যাত এগিলাচ আমলখি বা অৰ্জুনৰ ৰস খালে সুফল পোৱা যায়৷

⬛ আমলখি-অৰ্জুন ৰস এইদৰে প্ৰস্তুত কৰকঃ আমলখি কেইটামান ভালকৈ ধুই সৰু সৰু টুকুৰা কৰি লওক৷ তাৰ পাছত মিক্সাৰত দি  ৰস উলিয়াই লওক৷ একেদৰে দুকাপ কুহুমিয়া পানীত অলপ পৰিমাণৰ অৰ্জুনৰ ছাল তিয়াই ৰাখি পাছত চেকনীৰে ৰসখিনি চেকি লৈ খাব পাৰে৷ এইদৰে নিয়মীয়াকৈ আমলখি বা অৰ্জুন গছৰ ছালৰ ৰস খোৱাৰ অভ্যাস কৰিলে একাধিক ৰোগৰ পৰা হাত সাৰি থাকিব পাৰে৷