Logo
image

খেলি থাকোঁতেই বজ্ৰপাতত ১১ বছৰীয়া মমতাৰ মৃত্যু

ডিজিটেল ডেস্কঃ বুধবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মহানগৰীতো মুষলধাৰ বৰষুণৰ লগতে বজ্ৰপাতৰ ঘটনা সংঘটিত হয়৷ ইয়াৰ মাজতে মহানগৰীৰ সাতগাঁৱত সংঘটিত হয় অঘটন৷ খেলি থকাৰ সময়তে বজ্ৰ পৰি মৃত্যু হয় এগৰাকী ১১ বছৰীয়া কিশোৰীৰ৷

জ্যেষ্ঠ ভগ্নীৰ লগত চোতালত খেলি থকাৰ সময়তে বজ্ৰপাতত মৃত্যু হয় ১১ বছৰীয়া মমতা বেগমৰ৷ সাতগাঁৱৰ প্ৰগতি নগৰৰ উপ-পথ নং ৫ত সংঘটিত হয় এই ঘটনা৷ দুপৰীয়া মমতাৰ পিতৃ-মাতৃ কাম কৰিবলৈ ওলাই যোৱাৰ সময়তে এই শোকাৱহ ঘটনা সংঘটিত হয়৷ এই ঘটনাৰ পিছতে সমগ্ৰ অঞ্চলতে শোকাকুল পৰিৱেশে বিৰাজ কৰিছে৷