Logo
image

হাৰ্ট এটেকত বাধা দিয়ে কেঁচা জলকীয়াই

জলকীয়া খালে অনেক মানুহৰে পেটৰ সমস্যাই দেখা দিয়ে৷ তদুপৰি অতিৰিক্ত জ্বলা হাৰ্ট, লিভাৰ কিম্বা শৰীৰৰ যিকোনো অংগৰ বাবেই ক্ষতিকৰ৷ সেয়ে বহুতেই যতদূৰ সম্ভৱ জলকীয়া খোৱাৰ পৰা বিৰত থাকে৷ কিন্তু এই সিদ্ধান্ত কিমান সঠিক, তাক লৈ বিশেষজ্ঞসকলে কি মন্তব্য কৰিছে তাক জানো আহক৷ 

ৰন্ধনৰ ক্ষেত্ৰত এটা অপৰিহাৰ্য উপাদান হ’ল জলকীয়া৷ সাধাৰণতে কেঁচা জলকীয়াত বিটা-কেৰোটিন, এণ্টি-অক্সিডেণ্ট, এণ্ডোৰফিনেৰ দৰে উপকাৰী পুষ্টি গুণ থাকে৷ লগতে জলকীয়াই শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে৷ তদুপৰি কেঁচা জলকীয়াত প্ৰচুৰ পৰিমাণে ভিটামিন-চি, কেন্সাৰ নিৰাময় উপাদান আৰু মানসিক অৱসাদ কমোৱাত শৰীৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে৷ কেঁচা জলকীয়াত থকা উপাদানে ৰক্তৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখে৷ সেইদৰে ডায়েবেটিছ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বিশেষভাৱে উপকাৰী কেঁচা জলকীয়া৷

হৃদযন্ত্ৰ ভালে ৰাখে কেঁচা জলকীয়াই৷ গৱেষণাৰ দ্বাৰা জনা গৈছে যে হাৰ্ট এটেকত মৃত্যুৰ হাৰ ৪০ শতাংশ কমাই দিয়ে সপ্তাহত চাৰিবাৰ কেঁচা জলকীয়া খালে৷ ইটালিয়ান একাডেমিৰ গৱেষক দল এটিয়ে এই বিষয়টোক লৈ আঠ বছৰ ধৰি দীঘলীয়া গৱেষণা চলায়৷ প্ৰায় ২৩ হাজাৰ মানুহৰ খাদ্যৰ তথ্য নিয়মিত সংগ্ৰহ কৰি গৱেষক দলটোৱে এই কথা স্থিৰ কৰিছে যে সপ্তাহত যি চাৰিবাৰ কেঁচা জলকীয়া খাই তেওঁলোকৰ অকাল মৃত্যু আৰু হাৰ্ট এটেকৰ হাৰ আনৰ তুলনাত ৪০ শতাংশ কম আছিল৷ আনহাতে শুকান জলকীয়াত আছে ভিটামিন-এ, যি দৃষ্টিশক্তি উন্নত কৰে৷ ৰেটিনাৰ কোনো সমস্যা থাকিলেও তাৰ পৰা উপশম পাব পাৰি এইবিধ খাদ্য সামগ্ৰীৰ দ্বাৰা৷ চিকিৎসকৰ মতে শুকান জলকীয়াতকৈ কেঁচা জলকীয়া খোৱাটো শৰীৰৰ কাৰণে বেছি উপকাৰী৷ যিসকলে জিমত গৈ ঘণ্টাৰ পাছত ঘণ্টা ব্যায়াম কৰি শৰীৰৰ ওজন বা চৰ্বি কমাব পৰা নাই সেইসকলে প্ৰতিদিনে এটা কেঁচা জলকীয়া খাই অতিৰিক্ত চৰ্বি কমাব পাৰে৷ কেঁচা জলকীয়াই পুষ্টি বঢ়োৱাত আৰু ওজন কমোৱাত বিশেষভাৱে কাম কৰে৷ সেইদৰে জলকীয়াত থকা ভিটামিন-‘এ’য়ে হাড় আৰু দাঁতো মজবুত কৰি তোলে৷ জলকীয়াত থকা ভিটামিন-‘কে’এ শৰীৰত ৰক্ত সঞ্চালনত বিশেষভাৱে সহায় কৰে৷ ত্বক আৰু চুলিৰ কাৰণেও জলকীয়া বিশেষভাৱে উপকাৰী৷