Logo
image

গুৱাহাটীৰ বাদে অসম বিপজ্জনক!

আমাৰ অসম, ১৬ মাৰ্চঃ ৰঙালী বিহুৰ পূৰ্বে ৫ আৰু ৮ এপ্ৰিলত গুৱাহাটীত প্ৰথমবাৰলৈ অনুষ্ঠিত হ’ব হাইভল্টেজ টুৰ্নামেণ্ট আই পি এল৷ গুৱাহাটীক হোম গ্ৰাউণ্ড হিচাপে লোৱা ৰাজস্থান ৰয়েল্‌ছৰ উপৰি পঞ্জাৱ কিংছ আৰু দিল্লী কেপিটেল্‌ছেও বৰ্ষাপাৰা ষ্টেডিয়ামত উত্তৰ-পূৰ্বাঞ্চলৰ হাজাৰ হাজাৰ ক্ৰিকেট অনুৰাগীক মোহাচ্ছন্ন কৰিব৷ ইতিমধ্যে বৰ্ষাপাৰাক সাজু কৰি তোলাৰ লগতে ঘৰুৱা দল ৰাজস্থান ৰয়েল্‌ছে অনুশীলনো কৰিছে৷ লক্ষণীয়ভাৱে প্ৰথমবাৰলৈ গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া আই পি এল মেছত তিনিওটা দলৰ হৈ ৩জন অষ্ট্ৰেলিয়ান খেলুৱৈয়েও ভাগ ল’ব৷ গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত প্ৰথমবাৰলৈ খেলিব ৰাজস্থান ৰয়েল্‌ছৰ হৈ আডাম জাম্পা, পঞ্জাৱ কিংছৰ হৈ নাথান ইল্লিছ আৰু দিল্লী কেপিটেল্‌ছৰ হৈ ডেভিড ৱাৰ্নাৰে৷ 

অৱশ্যে অষ্ট্ৰেলিয়ান খেলুৱৈকেইজনে গুৱাহাটীত আই পি এলত ভাগ লোৱাৰ প্ৰাকমুহূৰ্তত অসম ভ্ৰমণক কেন্দ্ৰ কৰি সতৰ্কীকৰণ জাৰি কৰিছে অষ্ট্ৰেলিয়া চৰকাৰে৷ মঙলবাৰে অষ্ট্ৰেলিয়া চৰকাৰে দেশখনৰ নাগৰিকক ভাৰত ভ্ৰমণৰ সন্দৰ্ভত কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে৷ অষ্ট্ৰেলিয়া চৰকাৰে জাৰি কৰা ভ্ৰমণ পৰামৰ্শসূচীত নিজৰ দেশৰ নাগৰিকক গুৱাহাটীৰ বাহিৰে অসমৰ আন চহৰ ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে৷ অষ্ট্ৰেলিয়া চৰকাৰে গুৱাহাটীক বাদ দি অসমৰ বাকী অঞ্চলসমূহক ‘বিপজ্জনক’ স্থান হিচাপে চিহ্নিত কৰিছে৷ 

নিৰ্দেশনাটোত অসমক হিংসাত্মক-উগ্ৰপন্থীজনিত সংঘৰ্ষৰ অধিক স্পৰ্শকাতৰ ঠাই হিচাপেও উল্লেখ কৰিছে৷ অসমৰ বাকী অঞ্চলত অপহৰণ, ধন দাবী, অস্ত্ৰ দেখুৱাই ডকাইতি, বিচ্ছিন্নতাবাদীৰ হিংসাত্মক কাৰ্যৰ প্ৰৱল আশংকা আছে বুলিও ভ্ৰমণ পৰামৰ্শাৱলীত স্পষ্ট কৰি দিছে৷  তদুপৰি উগ্ৰপন্থী সক্ৰিয় অসমত বোমা বিস্ফোৰণ আৰু নাগৰিকৰ ওপৰত আক্ৰমণ চলাৰ কথা প্ৰকাশ কৰি নিজৰ দেশৰ নাগৰিকক অসম ভ্ৰমণ বৰ্জন কৰিবলৈও সতৰ্ক কৰি দিছে অষ্ট্ৰেলিয়া চৰকাৰে৷ সেয়েহে গুৱাহাটীক বাদ দি আন স্থান ভ্ৰমণত দেশখনৰ পৰ্যটকৰ লগতে আন নাগৰিককো বাৰণ কৰিছে অষ্ট্ৰেলিয়াই৷ অৱশ্যে হিংসাত্মক কাৰ্যৰ স্পৰ্শকাতৰ চহৰ হিচাপে অষ্ট্ৰেলিয়া চৰকাৰে অসমৰ লগতে উত্তৰ-পূবৰ নাগালেণ্ড আৰু মণিপুৰকো চিহ্নিত কৰিছে৷ স্বাভাৱিকতেই এতিয়া গুৱাহাটীত আই পি এল মেছৰ পূৰ্বে অসম ভ্ৰমণক লৈ অষ্ট্ৰেলিয়াই নিজৰ দেশৰ নাগৰিকক সতৰ্ক কৰি দিয়া বিষয়টোৱে তাৎপৰ্য বহন কৰিছে৷ অৱশ্যে এই সতৰ্কীকৰণৰ পাছত গুৱাহাটী ভ্ৰমণত বাধা নিদিলেও প্ৰিয় ক্ৰিকেটাৰজনৰ খেল উপভোগ কৰিবলৈ অষ্ট্ৰেলিয়াৰ কোনো ক্ৰিকেট অনুৰাগী যে অসমলৈ আহিব তাৰ সম্ভাৱনা ক্ষীণ হৈ পৰিছে৷