Logo
image

বাজেট ২০২৩-২৪ঃ অসমৰ ইতিহাসৰ সৰ্বাধিক প্রবঞ্চনাকাৰী বাজেট আখ্যা আপৰ

ডিজিটেল সংবাদ, গুৱাহাটীঃ বিত্তমন্ত্রী অজন্তা নেওগে বৃহস্পতিবাৰে দাখিল কৰা ২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাজেটখন অসমৰ ইতিহাসৰ সৰ্বাধিক প্রবঞ্চনাকাৰী, কোনো সপোন নথকা দুৰ্ভাগ্যজনক বাজেট বুলি আখ্যা দিছে আম আদমি পাৰ্টীয়ে। পূৰ্বৰ বাজেটৰ প্ৰতিশ্ৰুতিসমূহ পূৰ্ণ কাৰ্যকৰী কৰিব নোৱাৰা বিজেপি চৰকাৰে এইবাৰৰ বাজেটত পেট্র'ল-ডিজেল, ৰন্ধন গেছ, বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰী আৰু জীৱন দায়িনী ঔষধৰ যি আকাশলংঘী দাম হৈছে ইয়াক নিয়ন্ত্ৰণৰ বাবে বাজেটত এটাও শব্দ উল্লেখ নকৰিলে। শিক্ষাৰ মানদণ্ড আৰু আন্তঃগাঁথনি উন্নয়নৰ পৰিবৰ্তে ছাত্ৰ-ছাত্ৰীক চাইকেল, স্কুটী, লেপটপ, টেবলেট আদি প্ৰদানৰ পুৰণি আঁচনিৰেই গুনানোকীৰ্তন নতুন বাজেটত। 

কেইখনমান মহাবিদ্যালয়ক বিশ্ববিদ্যালয় হিচাপে ঘোষণা কৰাৰ পৰিবৰ্তে শিক্ষা ব্যৱস্থাৰ প্ৰতি নাই কোনো নতুনত্ব। ধর্মীয় অনুষ্ঠানক আর্থিক সাহাৰ্য্য প্ৰদানৰ বিপৰীতে জৰাজীৰ্ণ পুৰণি চিকিৎসালয়, উপ-স্বাস্থ্য কেন্দ্ৰসমূহৰ উন্নীতকৰণৰ বাবে নাই কোনো অনুদান। আপৰ ৰাজ্যিক সমন্বয়ক ডাঃ ভবেন চৌধুৰীয়ে এই সম্পৰ্কে কয় যে অসমৰ সামগ্রিক উন্নয়নৰ স্বাৰ্থত বাজেট প্রস্তুত কৰা হয়। বিগত পাঁচ বছৰত অসমৰ আটাইতকৈ দীঘল বাজেট পঢ়িলে, লাখ কোটি টকাৰ বাজেটত ধাৰ্য কৰিলে। কিন্তু ঘোষণাৰ দৰে নহ'ল। সেয়া পাঁচ বছৰৰ বাজেটত আবণ্টিত ধনৰ ব্যয় হ’ল ৬৫ শতাংশকৈও কম। এইবাৰো বিগত বছৰৰ দৰেই ঘোষণা প্ৰতিশ্ৰুতি দিছে। অসমৰ ৪২ লাখ নিৱনুৱা যুৱক-যুৱতীৰ বিপৰীতে মাত্র ১ লাখক চৰকাৰী চাকৰিত নিয়োগ কৰা হ'ব বুলি দিয়া প্ৰতিশ্ৰুতি এপাচি শাকত এটা জালুকতকৈও নগন্য। স্বাস্থ্য, শিক্ষা বিভাগকে ধৰি যিবোৰ বিভাগত ঠিকাভিত্তিত যুৱক-যুৱতীয়ে বছৰ বছৰ ধৰি কাম কৰি আহিছে, সেইসকলৰ নিয়মীয়াকৰণ সম্পৰ্কত বাজেটত কোনো উল্লেখ নথকাটো চৰম বিশ্বাসঘাতকটা। দৰিদ্ৰ ৰাজ্যত শীৰ্ষত থকা অসমৰ পদপথৰ ক্ষুদ্ৰ মজলীয়া ব্যৱসায়ী, দিন হাজিৰা কৰা লোক আদিৰ সাহায্যৰ বাবে বাজেটত ফুটাকড়ি এটাও নধৰিলে। বিগত পাঁচটা বছৰত বিজেপি চৰকাৰে দাখিল কৰা বাজেটসমূহৰ প্ৰতিশ্ৰুতি যেনেকৈ ধোঁৱাচাঙত উঠিল এইবাৰৰ বাজেটখনো তাৰ ব্যতিক্ৰম নহ'ব বুলি আম আদমি পার্টীয়ে উল্লেখ কৰে।