Logo
image

যি মূলা বাঢ়ে দুপাততে চিন

১৩ মাৰ্চত অসম বিধানসভাত কংগ্ৰেছৰ বিধায়ক ভৰত চন্দ্ৰ নৰহে তথ্য দিছে যে অসমে ভাৰতৰ দৰিদ্ৰ ৰাজ্যসমূহৰ ভিতৰত পঞ্চম স্থান দখল কৰিছে৷ প্ৰসূতিৰ মৃত্যুৰ হাৰ দেশৰ ভিতৰতে অসমত সৰ্বাধিক৷ অৱশ্যে, এই তথ্যটো পূৰ্বেও প্ৰকাশ হৈছে৷ এই প্ৰসূতিৰ মৃত্যুৰ হাৰ বেছি হোৱাৰ তথ্যই অসমৰ স্বাস্থ্যখণ্ডৰ পুতৌজনক অৱস্থাটোৱেই যদিও প্ৰতিফলিত কৰে, তথাপি এই কথা বৰ্তমানৰ মুখ্যমন্ত্ৰীজনে মানি ল’বলৈ নাৰাজ৷ কাৰণ তেওঁ যদি এই কথা মানি লয়, তেন্তে ইয়াৰ দোষে তেওঁকেই চুব৷ মুখ্যমন্ত্ৰী হোৱাৰ আগত প্ৰায় তিনিটা কাৰ্যকাল অৰ্থাৎ ডেৰ দশক অসমৰ স্বাস্থ্যমন্ত্ৰীৰ দায়িত্বত ড॰ হিমন্ত বিশ্ব শৰ্মাই আছিল৷ আৰু এইটোও ঠিক যে ড॰ হিমন্ত বিশ্ব শৰ্মা স্বাস্থ্যমন্ত্ৰী হোৱাৰ আগলৈ স্বাস্থ্যমন্ত্ৰী হিচাপে এজন চিকিৎসককহে দায়িত্ব দিয়া হৈছিল৷ কিন্তু বিগত সময়ত এই পৰম্পৰা ভংগ কৰা হৈছে৷ ফলত চিকিৎসালয়ৰ কেইটামান বৃহৎ বৃহৎ বিল্ডিং বৃদ্ধি হৈছে, কিন্তু চিকিৎসাৰ গুণগত মান সমগ্ৰ দেশৰ ভিতৰতে নিম্নগামী হৈছে৷ এই কথা মুখ্যমন্ত্ৰী তথা স্বাস্থ্যমন্ত্ৰীয়ে অস্বীকাৰ কৰিবলৈ যিমানেই চেষ্টা নকৰক দেশৰ ভিতৰতে স্বাস্থ্যক্ষেত্ৰত যে অসমৰ স্থান সৰ্বনিম্ন, সেই কথা বিগত সময়ত প্ৰকাশিত কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন সমীক্ষাত প্ৰকাশ হৈছে৷ বিগত সময়ত প্ৰকাশিত বহনক্ষম উন্নয়নৰ তালিকাত অসমে ১০০ৰ ভিতৰত মাত্ৰ ৫৯ নম্বৰ লাভ কৰি অসমৰ ধবংসপ্ৰাপ্ত স্বৰূপটোৱেই উদঙাই দিছে৷ আৰু এইক্ষেত্ৰত প্ৰসূতিৰ মৃত্যুৰ তথ্যই চৰকাৰক বিশ্ব সম্প্ৰদায়ৰ ওচৰত শ’লঠেকত পেলাইছে৷ সেয়ে চৰকাৰে এইবাৰ ইয়াৰ মূল কাৰণ হিচাপে বিচাৰি উলিয়ালে বাল্য বিবাহ৷ মুখ্যমন্ত্ৰীয়ে সেয়ে ইয়াৰ মহৌষধ হিচাপে আজিৰ পৰা ১০ বছৰৰ আগতে বিয়া পাতি বাপেক-মাক হোৱা লোককো চোঁচৰাই জে’লত ভৰাইছে৷ চৰকাৰে মূল সমস্যাটো ঢাকিবলৈ আন এটাক সমস্যা হিচাপে দেখুৱাই আচলতে মানুহক বিভ্ৰান্ত কৰিব বিচাৰিছে৷ বিজেপি চৰকাৰেই নিজক জহাই থাকে, তেওঁলোক ৫০০০ বছৰীয়া হিন্দু সভ্যতাৰ ধাৰক আৰু বাহক৷ আৰু এই তথাকথিত আৰ্য হিন্দু সভ্যতাতেই বাল্য বিবাহ হৈ আছে৷ ই কেৱল মুছলমানৰ বংশবৃদ্ধিৰ আঁচনি নহয়৷ ই মনু সংহিতাই প্ৰতিষ্ঠা কৰা সভ্যতাৰ প্ৰতিফলন৷ এইটোও ঠিক  যে অসমতকৈও উত্তৰ প্ৰদেশ, বিহাৰ আদি ৰাজ্যত বাল্য বিবাহৰ প্ৰকোপ চৰা৷ কিন্তু এইবোৰত প্ৰসূতিৰ মৃত্যু অসমৰ সমান হোৱা নাই৷

আনহাতে, ড॰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে দুটা বছৰ সম্পূৰ্ণ কৰিবলৈ আগবাঢ়িছে৷ কিন্তু এই দুটা বছৰত এনে কি কাম হ’ল যিটো আগৰ চৰকাৰৰ দিনত হোৱা নাছিল৷ এই চৰকাৰে বিগত দুটা বছৰত তেওঁলোকৰ দুটা প্ৰধান প্ৰতিশ্ৰুতিয়েই ভংগ কৰিছে৷ প্ৰথমটো হ’ল– এটা বছৰৰ ভিতৰত এক লাখ নিবনুৱাক গণি গণি চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি আৰু মাইক্ৰ’ফাইনেঞ্চৰ ঋণ পৰিশোধ কৰাৰ প্ৰতিশ্ৰুতি৷ ইয়াৰ উপৰি চৰকাৰে অসমৰ খিলঞ্জীয়াক ভূমিৰ অধিকাৰ দিয়াৰ প্ৰতিশ্ৰুতি দিছিল৷ বৰ্তমানৰ মুখ্যমন্ত্ৰীজনে নিৰ্বাচনী ভাষণত সকলো চৰকাৰী ভূমিৰ ম্যাদী পট্টা দিয়া হ’ব বুলি কৈ এতিয়া দয়া-মায়াহীনভাৱে যি উচ্ছেদ কৰিছে ইয়াৰ অন্তৰালত যে চৰকাৰৰ গোপন অভিসন্ধি আছে, সেইটো নিশ্চিত৷

এখন চৰকাৰৰ পৰা জনগণে বিশেষ একো আশা নকৰিলেও কেইটামান মৌলিক সুবিধা বিচাৰে৷ সেইকেইটা হৈছে শিক্ষা, স্বাস্থ্য, খোৱাপানী, বিদু্যৎ, যাতায়াত আদি৷ কিন্তু আজি অসমৰ শিক্ষাক্ষেত্ৰখনত চৰম বিশৃংখলতাই দেখা দিছে৷ চৰকাৰে গুণোৎসৱৰ নামত বিদ্যালয় বন্ধ কৰাৰ নীতি লৈ ব্যক্তিগত খণ্ডৰ হাতত শিক্ষাক অৰ্পণ কৰিব বিচাৰিছে আৰু যি কাৰ্যত মুখ্যমন্ত্ৰীৰ পত্নীয়েও ব্যক্তিগত খণ্ডৰ অভিজাত বিদ্যালয় প্ৰতিষ্ঠাত আগভাগ লৈছে৷ আৰু বিদ্যালয় শিক্ষাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উচ্ছ মাধ্যমিক শিক্ষান্ত পৰীক্ষা এটা সুচাৰুৰূপে অনুষ্ঠিত কৰিব নোৱৰা চৰকাৰ হিচাপে এই চৰকাৰখনে বিগত সময়ৰ সকলো অভিলেখ ভংগ কৰিছে৷ প্ৰধানমন্ত্ৰীক বিহু দেখুৱাই শ শ কোটি টকা খৰচ কৰি বিশ্ব ৰেকৰ্ড কৰিবলৈ আগবঢ়াৰ সময়তে অসম চৰকাৰৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাই বিশ্ব ৰেকৰ্ড কৰিছে৷ হৈ যোৱা তিনিটা পৰীক্ষাৰে প্ৰশ্নকাকত ভাইৰেল কৰি ছেবা তথা অসমৰ শিক্ষা বিভাগটো যে এটা বিফল বিভাগ, সেইটো প্ৰতিপন্ন কৰিছে৷ মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ ক্ষেত্ৰতো অসম চৰকাৰ চূড়ান্তভাৱে বিফল হৈছে৷ আনহাতে, পৌৰ কৰৰ পৰা আৰম্ভ কৰি যান-বাহন কৰলৈ সকলো কৰ বৃদ্ধিৰে জনতাৰ মূৰত ৰামটাঙোন মাৰিছে৷ অসমীয়াত এষাৰ কথা আছে যি মূলা বাঢ়ে দুপাততে চিন৷ বিগত দুটা বছৰত চৰকাৰে সকলো ক্ষেত্ৰতে যি হাৰত বিফল হৈছে, অনাগত তিনিটা বছৰো যে এনেকৈয়ে পাৰ হৈ যাব, সেইটো নিশ্চিত৷ কিন্তু অসমৰ ৰাইজ যে পুনৰ প্ৰতাৰিত হৈছে সেই কথা উপলব্ধি যিমান সোনকালে কৰে, ৰাজ্যখনৰ কাৰণেই মংগল বুলি সচেতন মহলে অনুভৱ কৰিছে৷