Logo
image

কেন্দ্ৰৰ সৈতে বিদ্ৰোহী কৃষকৰ বৈঠক পুনৰ ব্যৰ্থ

আমাৰ অসম, ৯ জানুৱাৰীঃ কেন্দ্ৰীয় চৰকাৰৰে অনুষ্ঠিত কৃষকৰ অষ্টমলানি আলোচনাও আজি অমীমাংসিতভাৱে সমাপ্ত হয়৷ কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেন সিং টোমৰ আৰু উদ্যোগ-বাণিজ্য মন্ত্ৰী পীয়ুষ গোৱেলৰ সৈতে নতুন দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত আজিৰ অষ্টমলানি বৈঠকত নোলাল কোনো সমাধান সূত্ৰ৷ চৰকাৰী পক্ষই কৃষকৰ ‘ঘৰ ৱাপচি’ আৰু কৃষক পক্ষই ‘ল ৱাপচি’ দাবীতে অটল থাকে৷ মূৰকত আশা কৰা ধৰণে হাইভল্টেজ এই অষ্টমলানি বৈঠকতো কোনো সমাধানসূত্ৰ নোলাল৷ ১৫ জানুৱাৰীত পুনৰ কেন্দ্ৰীয় চৰকাৰ আৰু আন্দোলনকাৰী কৃষক নেতাসকলৰ মাজত আন এলানি বৈঠক অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে৷ উল্লেখ্য যে বিভিন্ন কৃষক সংগঠনৰে আজি বৈঠকত বহাৰ পূৰ্বে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰে কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰ আৰু বাণিজ্য মন্ত্ৰী পীয়ুষ গোৱেলে এখন দীঘলীয়া ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হৈছিল৷ আজিৰ বৈঠকত বিভিন্ন কৃষক সংগঠনৰ নেতৃত্বই পূৰ্বৰ দৰেই কেন্দ্ৰীয় চৰকাৰে প্ৰণয়ন কৰা তিনিখন কৃষি আইনৰ বাতিল তথা নূ্যনতম সমৰ্থিত মূল্য চমুকৈ এম এছ পিৰ আইনী নিশ্চয়তাৰ দাবীত অটল থাকে৷ আনহাতে কেন্দ্ৰীয় চৰকাৰে বৈঠকত কোনো কাৰণতে কৃষি আইন বাতিল নহ’ব বুলি স্পষ্ট কৰি দি আইনৰ বিবদমান বিষয়সমূহতহে চৰ্চা হোৱাটো বিচাৰে৷ কেন্দ্ৰীয় চৰকাৰৰ  বৈঠকত এই বুলিও যুক্তি প্ৰদৰ্শন কৰে যে দেশৰ কৃষকৰ এক বুজন অংশই কৃষি আইনক সমৰ্থন জনাইছে আৰু আন্দোলনকাৰী কৃষকসকলে সমগ্ৰ ৰাষ্ট্ৰৰ হিতৰ পক্ষত থিয় হ’ব লাগে৷ লক্ষণীয় যে আজিৰ আলোচনাৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰে কৃষক আন্দোলনক বিভাজিত কৰিবৰ বাবে নানকসাৰ শিখ ধৰ্মীয় গুৰু বাবা লাখা সিঙক মধ্যস্থতাকাৰী হিচাপে নিযুক্ত কৰিব বিচাৰিছিল যদিও আন্দোলনকাৰী কৃষকৰ সংগঠনসমূহে মধ্যস্থতাৰ বিষয়ক প্ৰত্যাখ্যান কৰে৷ ধৰ্মীয় গুৰুৱে তেওঁলোকৰ মনৰ কথা ক’ব নোৱাৰে বুলি কৈ তেওঁলোকে পোনছাটেই মধ্যস্থতাকাৰীক প্ৰত্যাখ্যান কৰে৷ প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে নানাকসাৰ শিখ পন্থৰ ধৰ্মীয় গুৰু বাবা লাখা সিঙে আন্দোলনকাৰী কৃষকসকলৰ প্ৰতিবাদস্থলীত লংগৰৰো আয়োজন কৰি আহিছে৷ উল্লেখ্য যে শুকুৰবাৰে কেন্দ্ৰীয় চৰকাৰ আৰু বিদ্ৰোহী কৃষকৰ মাজত অনুষ্ঠিত আলোচনা ব্যৰ্থ হোৱাৰ পাছত দেশৰ কৃষক বিদ্ৰোহ খাণ্ডৱ দাহনৰ পৰ্যায়ত উপনীত হোৱাৰ আশংকা ঘনীভূত হৈ পৰিছে৷ 

বিগত ৪৪ দিন ধৰি প্ৰচণ্ড শীতৰ মাজতো প্ৰাপ্য আৰু ন্যায্যৰ দবীত  আন্দোলন অব্যাহত ৰখা কৃষকসকলে কালি অভিনৱ ট্ৰেক্টৰ পেৰেড উলিয়াই কেন্দ্ৰীয় চৰকাৰক কঠোৰ সকীয়নি দিছিল যে যদিহে আজিৰ আলোচনা ব্যৰ্থ হয়, তেন্তে এইবাৰ গণৰাজ্য দিৱসত ৰাজপথত কৃষকে ট্ৰেক্টৰ ৰে’লী কৰিব আৰু বৃহস্পতিবাৰে ইয়াৰে পেৰেড সম্পূৰ্ণ কৰিলে৷ আজিৰ বিজ্ঞান ভৱনত অনুষ্ঠিত বৈঠকত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ নিজে উপস্থিত থকাৰ কথা আছিল যদিও মুৰকত তেওঁ বৈঠকত ভাগ লোৱাৰ পৰা বিৰত থাকে৷ ইফালে ন্যায় আৰু প্ৰাপ্যৰ দাবীত ৰাজধানী দিল্লীৰ সীমান্তত কালি দেশৰ হাজাৰ হাজাৰ কৃষকে ট্ৰেক্টৰ ৰে’লী বাহিৰ কৰাৰ সময়তে বৃহস্পতিবাৰে উচ্ছতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক প্ৰশ্ন কৰিছে যে আন্দোলনত অংশ গ্ৰহণ কৰি দিল্লী সীমান্তত বিগত ৪৩ দিনে বাহৰ পাতি থকা কৃষকসকল কৰ’না মুক্ত হয়নে৷ বিক্ষোভকাৰী কৃষকক কৰ’নাত সন্দৰ্ভত সতৰ্ক, সজাগ কৰা হৈছেনে? তবলিগী জামাতৰ উদ্ধৃতিৰে উচ্ছতম ন্যায়ালয়ে আজি আশংকা কৰিছে যে এনদৰে হাজাৰ হাজাৰ কৃষক একগোট হৈ থকাৰ ফলত কৰ’নাৰ চুপাৰ ষ্প্ৰেড হ’ব পাৰে৷ তবলিগী জামাত যেনেদৰে দেশৰ সকলোতকৈ ডাঙৰ কৰ’না ক্লাষ্টাৰ, তেনেদৰে এই কৃষক আন্দোলনো কৰ’না উৎস হৈ  পৰিব পাৰে৷ উচ্ছতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এছ এ বোবদেই কেন্দ্ৰীয় চৰকাৰৰ মহাধিবক্তা তুষাৰ মেহতাক কালি এই সন্দৰ্ভত প্ৰশ্ন কৰিছে৷